অসম কৰ্মচাৰী প্ৰণাম আইন | 2023-2024

(অসমৰ কৰ্মচাৰীসকলৰ পিতৃ-মাতৃৰ প্ৰতি দায়িত্ব আৰু দায়বদ্ধতাৰ নিৰ্দেশনা তথা নিৰীক্ষণ আইন, ২০১৭) বর্ষীয়ান তথা অৱহেলিত পিতৃ-মাতৃ আৰু নিৰ্ভৰশীল দিব্যাংগ ভাতৃ-ভগ্নীসকলৰ মৰ্যাদাসম্পন্ন জীৱন নিশ্চিত কৰাৰ এক অনন্য বিধি –

আমি গৌৰৱান্বিত যে চৰকাৰী
কৰ্মচাৰীৰ বৃদ্ধ পিতৃ-মাতৃ আৰু
দিব্যাংগ ভাতৃ-ভগ্নীসকলৰ নিঃস্ব
সময়ত নিৰাপত্তা প্ৰদান কৰাৰ এক
প্রয়াস ৰূপে প্রণাম আইনৰ
কাৰ্যকৰীকৰণ কৰাত দেশৰ
ভিতৰতেই অসম হৈছে
প্ৰথমখন ৰাজ্য

অসম কৰ্মচাৰী প্ৰণাম আইন

উল্লেখনীয় বৈশিষ্ট্যসমূহ

  • অসম চৰকাৰ, চৰকাৰী প্ৰতিষ্ঠান আৰু ৰাজ্যিক ৰাজহুৱা খণ্ডৰ কৰ্মচাৰীসকলক এই আইনৰ ভিতৰত সামৰি লোৱা হ’ব।
  • তিনি তৰপীয়া গাঁথনিৰে প্ৰস্তুত কৰা সময় সাপেক্ষ ব্যৱস্থাৱলীৰে সঠিক সময়ত ন্যায় প্ৰদান কৰা হ’ব।
  • উল্লেখিত কৰ্মচাৰীৰ পিতৃ-মাতৃ বা দিব্যাংগ ভাতৃ-ভগ্নী যদি আর্থিকভাবে অবহেলিত হয়, তেনেহ’লে তেওঁলোকে দাবী কৰিলে সংশ্লিষ্ট কৰ্মচাৰীজনৰ মাহিলি বেতনৰ পৰা ১০ শতাংশ ধনৰাশি (আৰু বিশেষ পৰিস্থিতিত ১৫ শতাংশ পর্যন্ত) আর্থিক সাহায্যৰূপে প্ৰদান কৰা হ’ব।
  • যদি কৰ্মচাৰীজনৰ অৱসৰৰ আগতে মৃত্যু হয়, তেন্তে তেওঁৰ ওপৰত নিৰ্ভৰশীল আৰু আর্থিকভাবে অবহেলিত পিতৃ-মাতৃ বা দিব্যাংগ ভাই- ভনীসকলে পত্নী/উত্তৰাধিকাৰীয়ে লাভ কৰা সহানুভূতিশীল পেঞ্চনৰ (Compassionate Pension) ১০% (ব্যতিক্রমী ক্ষেত্ৰত ১৫%) লৈকে ক্ষতিপূৰ্ণ দাবী কৰিব পাৰিব। অৱশ্যে পাৰিবাৰিক পেঞ্চন (Family Pension) ৰ ক্ষেত্ৰত এইটো প্ৰযোজ্য নহয়।
  • যদি সংশ্লিষ্ট কর্তৃপক্ষই কোনো যুক্তিসংগত কাৰণ নোহোৱাকৈ ক্ষতিপূৰণৰ আবেদন পত্ৰ এখন গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে নাইবা নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত আবেদন পত্ৰখন নিষ্পত্তি নকৰে, তেনেক্ষেত্ৰত ‘প্রণাম আয়োগে প্রতিদিনে ১০০ টকাৰ জৰিমনা বিহিব পাৰে।

ক্ষতিপূৰ্ণৰ বাবে আবেদন পদ্ধতি

  • প্রণাম আইনৰ অধীনত সামৰি লোৱা পিতৃ-মাতৃ বা দিব্যাংগ ভাতৃ-ভগ্নীসকলে সংশ্লিষ্ট কৰ্মচাৰীজনৰ কাৰ্যালয়ৰ আর্থিক আহৰণ আৰু বিতৰণকাৰী বিষয়াক (DDO) আবেদন পত্র দাখিল কৰিব লাগিব। এইক্ষেত্ৰত সর্বোচ্চ কর্তৃত্ব DDO ৰ হাতত ন্যস্ত আৰু তেওঁ ৯০ দিনৰ ভিতৰত বিষয়টো নিষ্পত্তি কৰাৰ বাবে বাধ্য থাকিব।
  • সীমিত সময়সীমাৰ ভিতৰত ডিডিঅ’জনে যদি বিষয়টো নিষ্পত্তি কৰাত অসমৰ্থ হয় অথবা কৰ্মচাৰীজনে, অভিভাবকে বা দিব্যাংগ ভাতৃ- ভগ্নীসকলে যদি মনোনীত কৰ্তৃপক্ষই জাৰি কৰা নিৰ্দেশত অসন্তুষ্ট হৈ পৰে তেনেহ’লে প্রথম আপীলকর্তা বিষয়াৰূপে থকা সাধাৰণ প্রশাসন বিভাগ, অসম সচিবালয়ৰ আয়ুক্ত-সচিবৰ ওচৰত আবেদন কৰিব লাগিব।
  • সাধাৰণ প্রশাসন বিভাগৰ আয়ুক্ত-সচিবজনে যদি ৬০ দিনৰ ভিতৰত বিষয়টো নিষ্পত্তি কৰিব নোৱাৰে অথবা সংশ্লিষ্ট যিকোনো পক্ষই উক্ত নির্দেশত অসন্তুষ্ট হয় তেনেহ’লে তেওঁলোকে প্রণাম আয়োগৰ ওচৰত আবেদন কৰিব পাৰিব।
  • প্রণাম আয়োগে ৯০ দিনৰ ভিতৰত বিষয়টো নিষ্পত্তি কৰিব আৰু আয়োগৰ সিন্ধান্তই চূড়ান্ত আৰু সকলোৰে বাবে প্রযোজ্য হ’ব।

জনহিতাৰ্থে প্ৰচাৰিত
প্রণাম আয়োগ
জি এ ডি ভবন, পাণবজাৰ, গুৱাহাটী-৭৮১০০১
দুভাষ- ০৩৬১-২৭৩০৫১৫ (মুখ্য আয়ুক্ত) আৰু ৮৪৭৪০-১৩৩৪২ (পঞ্জীয়ক) রেবছাইট: https://pranam.assam.gov.in

More Scheme Article

0Shares

Leave a Comment

‘ কা ‘ ৰ প্ৰভাৱ অসমত নপৰে, এতিয়ালৈকে এজনেও আবেদন কৰা নাই অসম বিকাশ যাত্ৰা, হোজাই আৰু ধুবুৰীত মুঠ ৩৯৫ আৰু ৩০৮ কোটি টকা ব্যয় কৰাৰ চৰকাৰৰ পৰিকল্পনা অৰুণাচলত নিৰ্মাণ কৰা হ’ব ফ্ৰণ্টিয়াৰ হাইৱে মালদ্বীপৰ পৰা ভাৰতীয় সৈন্যৰ প্ৰত্যাহাৰ আৰম্ভ অসম বিকাশ যাত্ৰা BJP ৰ নতুন প্ৰকল্পৰ উদ্বোধন, কিমান টকা ব্যয় কৰাৰ পৰিকল্পনা।