ভাৰতীয় বিজ্ঞানৰ বাবে ব্যস্তভৰা হ’ব ‘২০২৪’

ভাৰতীয় বিজ্ঞানৰ বাবে ব্যস্ত ভৰা হ’ব 2024। আগন্তুক বৰ্ষত ভাৰতৰ বিজ্ঞান ক্ষেত্ৰত কেইবাটাও নতুন দিশৰ সূচনা হ’ব।

চলিত বৰ্ষত চন্দ্ৰপৃষ্ঠৰ দক্ষিণ মেৰুত ঐতিহাসিক চন্দ্ৰযান-৩ ছফ্‌ট লেণ্ডিঙৰ পিছত ভাৰতে এতিয়া অধিক প্ৰত্যাহ্বানমূলক অভিযানৰ ওপৰত দৃষ্টি ৰাখিছে।

আগন্তুক বৰ্ষত ভাৰতে মহাকাশলৈ মানৱ প্ৰেৰণ কৰিব আৰু চন্দ্ৰপৃষ্ঠৰ পৰা নমুনা সংগ্ৰহ কৰি পৃথিৱীলৈ উভতি অহাৰ এক প্রত্যাহ্বানমূলক অভিযান চলাব।

এই দুয়োটা অভিযান আগন্তুক বৰ্ষত আৰম্ভ হ’ব। ভাৰতীয় বিজ্ঞানীসকলে তেওঁলোকৰ অনুসন্ধান কেৱল চন্দ্ৰতেই সীমাবদ্ধ ৰখা নাই, গভীৰ সাগৰতো অনুসন্ধানৰ অভিযান আৰম্ভ কৰিব ।

আগন্তুক বৰ্ষত ভাৰতৰ বিজ্ঞানীয়ে গভীৰ সাগৰৰ পৃষ্ঠ অনুসন্ধানৰ বাবে এখন সাগৰীয় জাহাজত একুৱানাট্‌ছ প্ৰেৰণ কৰিব।

প্ৰথম পৰ্যায়ত মাৰ্চ মাহত সাগৰীয় জাহাজেৰে একুৱানাট্‌ছ সমুদ্রপৃষ্ঠৰ ৫০০ মিটাৰলৈ অনুসন্ধানৰ বাবে প্ৰেৰণ কৰিব আৰু পিছত ৬০০০ মিটাৰলৈ প্ৰেৰণৰ লক্ষ্য ৰাখিছে।

ভাৰতীয় গৱেষণা সংস্থা ইছৰোই এক্সপ’জাৰ উৎক্ষেপণৰ জৰিয়তে নতুন বছৰৰ শুভাৰম্ভণি কৰাৰ সম্ভাৱনা আছে। এক্স-ৰে পোলাৰিমিটাৰ উপগ্রহ (এক্সপ’জাট) এক্স-ৰে উৎসৰ ৰহস্য উদ্ঘাটন আৰু কৃষ্ণ গহ্বৰৰ ৰহস্যময় পৃথিবী অধ্যয়ন কৰাত সহায় কৰিব।

উপগ্ৰহটো ১ জানুৱাৰীত শ্ৰীহৰিকোটৰ পৰা পোলাৰ ছেটেলাইট লঞ্চ ভেহিকেল (পিএছএলভি)ত উৎক্ষেপণ কৰাৰ কথা আছে।

ইয়াৰ পিছত ৬ জানুৱাৰীৰ বিয়লি ৪ বজাত লাংৰেজিয়ান পইণ্ট-১৩ আদিত্য এল-১ উপগ্ৰহৰ স্থাপন কৰা হ’ব। য’ৰ পৰা সূৰ্যৰ এক বাধাহীন দৃশ্য লাভ কৰিব আৰু পৰৱৰ্তী ৫ বছৰলৈ সূৰ্য অধ্যয়ন কৰা হ’ব। আগন্তুক বৰ্ষত আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহাকাশ গৱেষণা সংস্থা আৰু ইছৰোৰ দ্বাৰা যুটীয়াভাৱে ১.২ বিলিয়ন আমেৰিকান ডলাৰৰ নিছাৰ উপগ্রহ উৎক্ষেপণ কৰা হ’ব।

জলবায়ু পৰিবৰ্তন অধ্যয়ন কৰিবলৈ এই ব্যয়বহুল উপগ্ৰহটো উৎক্ষেপণ কৰা হ’ব। উল্লেখ্য, ২০২৩ বৰ্যটো ভাৰতৰ বিজ্ঞান ক্ষেত্ৰৰ বাবে এক গুৰুত্বপূৰ্ণ বৰ্ষৰূপে পৰিচিত হয়।

কিয়নো ১৪ জুলাইত চন্দ্ৰযান-৩ আৰম্ভ কৰা হৈছিল আৰু ২৩ আগষ্টত চন্দ্ৰৰ দক্ষিণ মেৰু অঞ্চলত ছফ্টট লেণ্ডিং কৰিছিল। অভিযানটো বিক্রম লেণ্ডাৰ মডিউলৰ সৈতে ৰোভাৰ প্ৰজ্ঞানো চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিছিল, যি কিছুসময় চন্দ্ৰৰ চৌদিশ ভ্ৰমণ কৰি চন্দ্ৰৰ ছবি তুলিছিল।

২০২৪ত ‘গগনযান’ প্ৰকল্পৰ অধীনত দুটা মানৱবিহীন অভিযান প্ৰেৰণ কৰা হ’ব। পৰীক্ষামূলক বাহন অভিযানৰ উদ্দেশ্য হৈছে ক্রু মডিউল আৰু ড্ৰাইভাৰ এস্কেপ ছীষ্টেমৰ সুৰক্ষাৰ মাপকাঠী অধ্যয়ন কৰা, যাতে পৰৱৰ্তী সময়ছোৱাত ভাৰতীয় মহাকাশচাৰীসকলক গগনযান অভিযানৰ অধীনত পৃথিৱীলৈ ওভতাই অনা।

আনহাতে, ব্যক্তিগত মহাকাশ খণ্ডই 202৪ত প্রথম বাণিজ্যিক উৰণৰ দৃষ্টি ৰাখিছে। স্কাইট এৰোস্পেচ আৰু অগ্নিকূল কচমছে সৰু উপ-গ্ৰহবোৰ পৃথিৱীৰ তলৰ কক্ষপথলৈ উৎক্ষেপণ কৰিবলৈ তেওঁলোকৰ উৎক্ষেপণ বাহন নিৰ্মাণ কৰি আছে।

তেওঁলোকৰ বাবে ২০২৪ বৰ্ষটো এক মাইলৰ খুঁটি হৈ ৰ’ব। কিয়নো তেওঁলোকে প্ৰথমবাৰলৈ মহাকাশ খণ্ডত বাণিজ্যিক প্ৰক্ৰিয়া আৰম্ভ কৰিব।

আনহাতে, ইণ্ডিয়ান ইনষ্টিটিউট অফ টেক্’ল’জী, মাদ্ৰাজৰ এক মহাকাশ স্মার্টআপ অগ্নিকূল কচমছেও আগন্তুক বৰ্ষত ত্রিমূর্তি মুদ্রিত অগ্নিবান ৰকেট পৰীক্ষা কৰাৰ সম্ভাৱনা আছে।

More Article

0Shares

Leave a Comment

‘ কা ‘ ৰ প্ৰভাৱ অসমত নপৰে, এতিয়ালৈকে এজনেও আবেদন কৰা নাই অসম বিকাশ যাত্ৰা, হোজাই আৰু ধুবুৰীত মুঠ ৩৯৫ আৰু ৩০৮ কোটি টকা ব্যয় কৰাৰ চৰকাৰৰ পৰিকল্পনা অৰুণাচলত নিৰ্মাণ কৰা হ’ব ফ্ৰণ্টিয়াৰ হাইৱে মালদ্বীপৰ পৰা ভাৰতীয় সৈন্যৰ প্ৰত্যাহাৰ আৰম্ভ অসম বিকাশ যাত্ৰা BJP ৰ নতুন প্ৰকল্পৰ উদ্বোধন, কিমান টকা ব্যয় কৰাৰ পৰিকল্পনা।