বৰগীত class 10 Assamese Online textbook
ৰাগ : বসন্ত
শ্রীশ্রীমাধৱদেৱ
ধ্ৰুং।।
হৰি হেৰৰে বাপ পশিলা শৰণে।
নেৰিবা বান্ধৱ মােক জীৱনে মৰণে।।
সনক সনন্দ যােগী যাহাকু ধিয়ায়।
সকল নিগমে যাক বিচাৰি নপায়।।
সহস্র বয়নে যাৰ নপান্ত সীমা।
অধমে জানিবাে কেনে তােমাৰ মহিমা।।
আতুৰ ভৈলােহাে হৰি বিষয় বিকলে।
কৰিয়াে উদ্ধাৰ মােক চৰণ কমলে।।
তােমাৰ চৰণ দুই মােৰ মহা ধন।।
ভকত জনেৰ নিজ তুমিসে জীৱন।।
কৃপাৰ সাগৰ কৃপা কৰা এক বাৰ।।
কাতৰ কৰিয়া লৈলাে শৰণ তােমাৰ।।
কৃপা কৰা নাৰায়ণ ছোেড় মােহ পাশ।
কহয় মাধৱ হৰি দাসকু দাস।।
কবি-পৰিচয়
শ্রীশ্রীমাধৱদেৱ : নৱ বৈষ্ণৱ ধৰ্মৰ অন্যতম প্ৰচাৰক শ্ৰীশ্ৰীমাধৱদেৱৰ লক্ষীমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকুপুখুৰীত ১৪৮৯ চনত জন্ম হয়। তেওঁৰ পিতৃ গােবিন্দগিৰী ভূঞা আৰু মাত মনোেমা।
শংকৰদেৱৰ প্রিয় শিষ্য মাধৱদেৱে গুৰুৰ পদাংককে অনুসৰণ কৰি বাৰাদি, গণককুছি, সুন্দৰীদিয়া, ভেলাডাংগা আদিত ধর্ম প্রচাৰ কৰিছিল। ধর্ম প্রচাৰৰ লগতে সাহিত্য-সংস্কৃতিৰ পূজাৰী এইজনা মহান গুৰুৰ সাহিত্যিক জীৱনৰ কীর্তিস্তম্ভ হ’ল নামঘােষা’। এহেজাৰটা ঘােযা থকা বাবে এইখনক হেজাৰী ঘােষা বুলিও কোৱা হয়। তেওঁৰ আন আন ৰচনাসমূহ হ’ল –
আখ্যানমূলক ৰচনাৰাজসূয় কাব্য, আদিকাণ্ড ৰামায়ণ।
তত্ত্বমূলক ৰচনা—জন্মৰহস্য, ভক্তি-ৰত্নাৱলী, নামমালিকা।
নাট —-অর্জুন-ভঞ্জন বা দধিমথন।
ঝুমুৰা— চোৰধৰা, পিম্পৰা-গুচোৱা, ভূমি-লেটোৱা, ভােজনবিহাৰ।
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা প্ৰচাৰিত বৈষ্ণৱ ধৰ্মক সাধাৰণ মানুহৰ অধিক কাষ চপাই। নিয়াৰ অৰ্থে মাধৱদেৱে তেওঁৰ ৰচনাৰাজিত ঘৰুৱা ভাৱ-ভাষা ব্যৱহাৰ কৰি তাৰ জৰিয়তে জনসাধাৰণক বৈষ্ণৱ ধৰ্মৰ তত্ত্বসমূহ সহজে বুজি পােৱাত সহায় কৰিছিল। এই গীতটি মাধৱদেৱৰ দাস্য ভক্তিৰ উৎকৃষ্ট নিদর্শন।
মাধৱদেৱৰ সাহিত্যৰ সৌন্দর্য উপলব্ধি কৰাত পাঠটোৱে ছাত্ৰ-ছাত্ৰীক সহায় কৰিব বুলি আশা কৰা হৈছে।
পাঠবােধ
হৰিৰ মহিমা অপাৰ। যােগসিদ্ধ পুৰুষেও তেওঁক ধ্যান কৰে। নিগম শাস্ত্ৰই তেওঁক বিচাৰি নাপায় আৰু তেওঁৰ মহিমাৰ কথা কৈও শেষ কৰিব নােৱাৰি।
এনেহেন পৰম মহিমাময় হৰিক উপলব্ধি কৰাটো সাধাৰণ মানুহৰ বাবে তেনেই অসম্ভৱ। বিষয় বিকলত আতুৰ হৈ কষ্ট পােৱা মানুহে তেওঁৰ চৰণকমলত আশ্ৰয় লৈ সেই কষ্টৰ পৰা মুক্তি পাব পাৰে।
হৰিৰ চৰণযুগল হ’ল পৰম ধন আৰু ভকতৰ বাবে হৰিয়েই হ’ল জীৱন স্বৰূপ। হৰিৰ কৃপা লাভ কৰিব পাৰিলে মানুহে মােহ পাশৰ পৰা মুক্তিলাভ কৰিব পাৰে।
শব্দার্থ আৰু টোকা
- ছিঙি দিয়া
- ধিয়ায় – ধ্যান কৰে
- নিগম – নিগম শাস্ত্র
- বিষয় বিকলে – সাংসাৰিক দুখ, বিষয়-বাসনাত কাতৰ
- মােহ পাশ – মায়াৰ বন্ধন
- যাহাকু – যিজনক
বৰগীত
মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱ বিৰচিত এক নির্দিষ্টসংখ্যক গীতক বৰগীত আখ্যা দিয়া হয়। উচ্চ মানবিশিষ্ট সাৱলীল ভাষাৰ স্তুতিমূলক তথা উপদেশপূর্ণ বৰগীতসমূহ শাস্ত্রীয় ৰাগযুক্ত আৰু আধ্যাত্মিক ভাৱ-গধুৰ। শংকৰদেৱে বাৰকুৰি গীত ৰচিছিল যদিও বর্তমান ‘একুৰি চৈধ্যটা’ পােৱা গৈছে। মাধৱদেৱৰ ভণিতা থকা মুঠ ১৫৭-টা বৰগীত পােৱা যায়। ইয়াৰ উপৰি ভাৱ আৰু ভাষালৈ লক্ষ্য কৰি মাধৱদেৱে ৰচনা কৰা মুঠ বৰগীতৰ সংখ্যা ১৯১-টা বা নকুৰি এঘাৰটা বুলি পণ্ডিতসকলে অনুমান কৰিছে।
বৰগীতৰ লক্ষণ
১। বৰগীতসমূহ শাস্ত্রীয় ৰাগ-তালযুক্ত গীত।
২। বৰগীতৰ ভাষা ব্ৰজাৱলী।
৩। বৰগীতসমূহ ভক্তিমূলক তথা ঈশ্বৰৰ মাহাত্ম্য প্রকাশক।
৪। শংকৰ-মাধৱে লিখা গীতসমূহকহে বৰগীত বােলা হয়। নামধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে বৰগীতসমূহ ৰচিত।
৫। বৰগীতসমূহ মূলতঃ ভক্তিৰস প্রধান যদিও তাত দাস্য, শান্ত, বাৎসল্য আদি ৰসৰৰ সমাৱেশ ঘটিছে।
৬। মাধৱদেৱৰ বৰগীতসমূহ ঘাইকৈ শিশুকৃষ্ণৰ লীলা বিষয়ক। অসমীয়া সমাজৰ ঘৰুৱা পৰিৱেশৰ চিত্র। একোখনি ইয়াত চিত্রিত হৈছে।
ব্ৰজাৱলী ভাষা
ব্ৰজাৱলী ভাষা এক প্রকাৰ কৃত্রিম সাহিত্যিক ভাষা। শংকৰদেৱৰ সময়ত অসম, বঙ্গ আৰু উৰিষ্যাত এটা কৃত্রিম ভাষাৰ মাধ্যমত ভগৱান শ্ৰীকৃষ্ণৰ লীলা বিষয়ক গীতপদৰ সৃষ্টি হৈছিল। এই সাহিত্যিক ভাষাক ব্রজবুলি, ব্রজবােল আৰু অসমীয়াত ব্ৰজাৱলী ভাষা বােলা হয়।
পশ্চিমা হিন্দীৰ অপভ্রংশ ব্রজভাষাৰ লগত ইয়াৰ কোনাে সম্পর্ক নাই। ব্ৰজাৱলী ভাষাৰ মূল ভেটি মৈথিলী। তাৰ লগত ভােজপুৰী, নেৱাৰী, আৰু কাষৰীয়া অঞ্চলৰ আন ভাষাৰ সংমিশ্রণেৰে ই ঠাই বিশেষে একোটা স্বতন্ত্র ৰূপ লাভ কৰে। ব্ৰজাৱলী ভাষাটো এহাতে শক্তিশালী আৰু স্বৰধ্বনিৰ অধিক প্রয়ােগৰ বাবে শ্রুতিমধুৰ।
প্রশ্নাবলী
ভাব-বিষয়ক
১। চমুকৈ প্ৰশ্নৰ উত্তৰ দিয়া :
(ক) “…নেৰিবা বান্ধৱ মােক জীৱনে মৰণে।”
কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে কাক অনুৰােধ কৰিছে?
(খ) সনক সনন্দ যােগী যাহাকু ধিয়ায়।” — সনক, সনন্দ আদি যােগীসকলে কাক ধ্যান কৰে বুলি কৈছে?
(গ) কবি কিহত আতুব হােৱা বুলি কৈছে?
(ঘ) বৰগীতটি কোনে ৰচনা কৰা?
(ঙ) বৰগীতটি কি ৰাগত বন্ধা আছে?
(চ) কবিয়ে বান্ধৱ বুলি কাক সম্বােধন কৰিছে?
(ছ) মােহ-পাশ’ মানে কি?
২। বৰগীতটিৰ মূলভাৱ লিখা।
৩। বৰগীতটিৰ ৰচকৰ চমু পৰিচয় দিয়া।
৪। ব্যাখ্যা কৰা :
(ক) সহস্র বয়নে যাৰ নপাবন্ত সীমা।
অধমে জানিবাে কেনে তােমাৰ মহিমা।
(খ) আতুৰ ভৈলােহাে হৰি বিষয় বিকলে।
কৰিয়াে উদ্ধাৰ মােক চৰণ কমলে।
(গ) তােমাৰ চৰণ দুই মােৰ মহা ধন।
ভকত জনেব নিজ তুমিসে জীৱন।
৫। সনক সনন্দ যােগী যাহাকু ধিয়ায় সকল নিগমে যাক বিচাৰি পায়।”—তাৎপর্য বিচাৰ কৰা।
৬। বৰগীতৰ চাৰিটা লক্ষণৰ বিষয়ে লিখা।
ভাষা-বিষয়ক
১। তলত দিয়া শব্দকেইটাৰ আধুনিক ৰূপ লিখা ?
নপাৱন্ত, কেনে, ভৈলােহাে, তুমিসে, জনেৰ, কহয়।
২। ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা।