ডাংকি ভাৰ্ছেছ ছ’লাৰ কোনখনে বেছি টকা কমাইছে? | Dunki vs salaar

ডাংকি ভাৰ্ছেছ ছ’লাৰ

বিগত বৰ্ষত ‘পাঠান’ আৰু ‘জবান’ ছবিৰে শ্বাহৰুখ খানে বক্স অফিচত ধুমুহা তুলিছিল। বিগত বৰ্ষটোৰ শেষৰফালে অর্থাৎ ২১ ডিচেম্বৰত দেশৰ ৪ হাজাৰ চিত্ৰগ্ৰহত মুক্তি পাইছিল।

ডংকী ৰাজকুমাৰ হিৰাণীৰ ছবি ডাংকিত বিদেশ গমনৰ স্বপ্নৰত যুৱক-যুৱতীৰ স্বদেশলৈ প্ৰত্যাৱৰ্তনৰ প্ৰসংগ প্ৰতিফলিত হৈছে। সাম্প্রতিক সময়ত ডাংকি ৰুট অর্থাৎ অবৈধ যাত্ৰাৰে বিদেশ গমন প্রসংগটো ব্যাপকভাৱে চৰ্চিত।

প্রকাশিত বাতৰি মতে মুক্তিৰ ১৪ নম্বৰ দিনা শ্বাহৰুখ অভিনীত ডংকীয়ে বক্স অফিচত আয় কৰিছে ৩.৩০ কোটি। ডিচেম্বৰৰ আৰম্ভণিতে মুক্তি পোৱা ৰণবীৰ ৰশ্মিকা অভিনীত এনিমেল ছবিখনে ১৭ দিনতে ৫০০ কোটি টকা আয় কৰি চিত্ৰগ্ৰহত জোৱাৰ তুলিছিল।

ইফালে ডংকী মুক্তিৰ এদিন পাছতে ২২ ডিচেম্বৰত মুক্তি পাইছে। প্রভাস-শ্রুতি হাছান অভিনীত ‘ছ’লাৰ’। ১৪ দিনত ছবিখনে ব্যৱসায় কৰিছে ৩৭৮ কোটি টকা। তেলেগু, তামিল, কানাড়া, মালায়ালম আৰু হিন্দী ভাষাত মুক্তি পাইছে ছ’লাৰে।

বিশ্বজুৰি ছবিখনে ৬৫০ কোটি টকা আয় কৰিছে। বৃহস্পতিবাৰলৈকে ডাংকিয়ে ব্যৱসায় কৰিছে ২.৬৫ কোটি, আনহাতে ছ’লাৰে আয় কৰিছে ৪.৫০ কোটি টাকা।

শ্বাহৰুখ বনাম প্রভাস অঘোষিত প্রতিযোগিতাখনলৈ চালে দেখা যায় যে ২০২৩ বৰ্ষটো আছিল শ্বাহৰুখৰ দখলত। পাঠান আৰু জৱানৰ যোগেদি কিং খানে ১০০০ কোটি টকা আয় কৰিছিল।

ইফালে প্ৰভাসে ইয়াৰ পূৰ্বে বাহুবলীৰ যোগেদি চিত্ৰগ্ৰহত মেজিক সৃষ্টি কৰিছিল। কিন্তু আদিপুৰুষত প্রভাসে বাৰুকৈয়ে মুখ থেকেচা খালে। শেহতীয়াকৈ প্রভাস অভিনীত ছ’লাৰে অভিনেতাজনৰ পূৰ্বৰ গৰিমা ঘূৰাই আনিছে।

0Shares

Leave a Comment

‘ কা ‘ ৰ প্ৰভাৱ অসমত নপৰে, এতিয়ালৈকে এজনেও আবেদন কৰা নাই অসম বিকাশ যাত্ৰা, হোজাই আৰু ধুবুৰীত মুঠ ৩৯৫ আৰু ৩০৮ কোটি টকা ব্যয় কৰাৰ চৰকাৰৰ পৰিকল্পনা অৰুণাচলত নিৰ্মাণ কৰা হ’ব ফ্ৰণ্টিয়াৰ হাইৱে মালদ্বীপৰ পৰা ভাৰতীয় সৈন্যৰ প্ৰত্যাহাৰ আৰম্ভ অসম বিকাশ যাত্ৰা BJP ৰ নতুন প্ৰকল্পৰ উদ্বোধন, কিমান টকা ব্যয় কৰাৰ পৰিকল্পনা।