জিএছটি আপীল দাখিল কৰাত পলম হোৱাৰ বাবে ক্ষমা কৰাৰ অর্থে বিশেষ ক্ষমাদান আঁচনি

জিএছটি আপীল দাখিল আঁচনি

এই ক্ষমাদান আঁচনিৰ অধীনত কোনে আবেদন কৰিব পাৰে ?

এনেকুৱা কৰযোগ্য ব্যক্তি যিয়ে নির্ধারিত সময়সীমাৰ ভিতৰত উপযুক্ত বিষয়াৰ দ্বাৰা দিনাংক 31.03.2023 ত বা ইয়াৰ পূৰ্বে জাৰি কৰা দাবী আদেশৰ বিৰুদ্ধে আপীল দাখিল কৰিব পৰা নাই,

আৰু

এনেকুৱা কৰযোগ্য ব্যক্তি যাৰ দ্বাৰা উক্ত আদেশৰ বিৰুদ্ধে কৰা আপীল কেৱল এই আধাৰত অগ্রাহ্য কৰা হৈছে যে উক্ত আপীল নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত দাখিল কৰা হোৱা নাই,

এই ক্ষমাদান আঁচনিৰ লাভ উঠাবৰ বাবে এতিয়া আপুনি উক্ত আদেশৰ বিৰুদ্ধে ফর্ম GST-APL-01 ত দিনাংক ৩১-০১-২০২৪ অথবা ইয়াৰ পূৰ্বে আপীল দাখিল কৰিব পাৰে, যিটো নিম্নলিখিত পৰিশোধ সাপেক্ষে হ’ব পাৰে :

বিবাদিত আদেশৰ দ্বাৰা উদয় হোৱা দেয় দায়িত্ব (কৰ, সুত, জৰিমনা আৰু শাস্তি) স্বীকাৰ কৰা
বাকী থকা বিবাদিত কৰৰ ১২.৫% ৰ সমান ধনৰাশি, যাৰ কমেও ২০% ইলেক্ট্রনিক কেছ লেজাৰেৰে ডেবিট কৰা হ’ব লাগিব

অনুগ্ৰহ কৰি মন কৰক

  • আপীল নিষ্পত্তি নোহোৱালৈকে এই ক্ষমাদান আঁচনিৰ অন্তৰ্গত কোনো ৰিফাণ্ড মঞ্জুৰ কৰা নহ’ব
    এই ক্ষমাদান আঁচনিৰ অধীনত কৰৰ লগত সম্পৰ্ক নথকা কোনো দাবীৰ আপীল গ্ৰহণ কৰা নহ’ব
  • এয়া সেই কদাতাসকলৰ বাবে এক বিশেষ সুযোগ যিয়ে সময়সীমাৰ ভিতৰত আপীল কৰাত ব্যৰ্থ হৈছে

অধিক জানিবৰ বাবে অনুগ্ৰহ কৰি চাওক অধিসূচনা নং ৫৩/২০২৩-কেন্দ্ৰীয় কৰ দিনাংক 02.11.2023

0Shares

Leave a Comment

‘ কা ‘ ৰ প্ৰভাৱ অসমত নপৰে, এতিয়ালৈকে এজনেও আবেদন কৰা নাই অসম বিকাশ যাত্ৰা, হোজাই আৰু ধুবুৰীত মুঠ ৩৯৫ আৰু ৩০৮ কোটি টকা ব্যয় কৰাৰ চৰকাৰৰ পৰিকল্পনা অৰুণাচলত নিৰ্মাণ কৰা হ’ব ফ্ৰণ্টিয়াৰ হাইৱে মালদ্বীপৰ পৰা ভাৰতীয় সৈন্যৰ প্ৰত্যাহাৰ আৰম্ভ অসম বিকাশ যাত্ৰা BJP ৰ নতুন প্ৰকল্পৰ উদ্বোধন, কিমান টকা ব্যয় কৰাৰ পৰিকল্পনা।