দুর্বৃত্তৰ দাৰ ঘাপত আহত লাচিত সেনাৰ নেতা

যোৰহাট নগৰৰ জেল ৰোডৰ মিছন হাস্পতালৰ সমীপত সোমবাৰে নিশা বীৰ লাচিত সেনাৰ যোৰহাট আঞ্চলিকৰ সচিব ডিম্পল দাসক দুর্বৃত্তই আক্ৰমণ কৰি আহত কৰে।

জানিব পৰা মতে, চাৰিজনীয়া এটা দলে দা আদিৰে তেওঁক আক্ৰমণ কৰে। দুৰ্বৃত্তৰ দাৰ ঘাপত ডিম্পল দাসৰ সোঁহাতৰ দুটা আঙুলি বেয়াকৈ কটাৰ লগতে মূৰতো আঘাত পায়।

লগে লগে তেওঁক যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

এই সন্দৰ্ভত বীৰ লাচিত সেনাৰ যোৰহাট জিলা সমিতিৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে নিশাই দুজন অভিযুক্তক আটক কৰে যদিও পাছত মুকলি কৰি দিয়ে।

এই ঘটনাৰ প্ৰতিবাদত আজি বীৰ লাচিত সেনাৰ যোৰহাট জিলা সমিতিৰ প্ৰায় ৫০ জনীয়া এটা দল যোৰহাট থানাত উপস্থিত হৈ অভিযুক্ত কেইজনক ২৪ ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰাৰ দাবীত এখন স্মাৰক পত্ৰ প্ৰদান কৰে।

ঘটনাৰ বিৱৰণী মতে, ডিম্পল দাসে নগৰখনৰ জে’ল ৰোডৰ এটা বেচৰকাৰী কোম্পানীত কাম কৰে।

যোৱা নিশা প্রায় ৯ বজাত তেওঁ কৰ্মস্থলীৰ পৰা ঘৰলৈ যোৱাৰ পথত অঞ্চলটোত ভাৰাতীয়া হিচাপে থাকি মাংসৰ ব্যৱসায় কৰা মঙলদৈৰ ডেকা উপাধিৰ এজন লোকৰ পৰা মাংস ক্রয় কৰে।

তেওঁ মাংসৰ মূল্য গুগল পে’ৰ জৰিয়তে আদায় দিয়ে যদিও দোকানীজনে এয়া আদায় নোপোৱা বুলি প্ৰকাশ কৰে। গগৈয়ে গুগ্‌ল পেৰ জৰিয়তে ধন পৰিশোধ কৰাৰ প্ৰমাণ প্ৰদৰ্শন কৰে যদিও দোকানীজনে মানি ল’বলৈ অস্বীকাৰ কৰে।

সেয়ে দুয়োপক্ষৰ মাজত তর্কাতর্কি হোৱত ডিম্পল গগৈক আক্ৰমণ কৰে। দোকানীজনৰ লগতে আন দুজন যুৱকেও তেওঁক হেঁচা ঠেলা কৰাৰ লগতে এখন দাৰে কাটিবলৈ উদ্যত হয়।

তেওঁ হাত দুখনেৰে বাধা দিবলৈ যাওঁতেই সোঁহাতৰ বুঢ়া আঙুলিটো বেয়াকৈ কাটে। জানিব পৰা মতে তেওঁৰ কটা অংশত ৭টাকৈ চিলাই দিব লগা হয়। এই ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

0Shares

Leave a Comment

‘ কা ‘ ৰ প্ৰভাৱ অসমত নপৰে, এতিয়ালৈকে এজনেও আবেদন কৰা নাই অসম বিকাশ যাত্ৰা, হোজাই আৰু ধুবুৰীত মুঠ ৩৯৫ আৰু ৩০৮ কোটি টকা ব্যয় কৰাৰ চৰকাৰৰ পৰিকল্পনা অৰুণাচলত নিৰ্মাণ কৰা হ’ব ফ্ৰণ্টিয়াৰ হাইৱে মালদ্বীপৰ পৰা ভাৰতীয় সৈন্যৰ প্ৰত্যাহাৰ আৰম্ভ অসম বিকাশ যাত্ৰা BJP ৰ নতুন প্ৰকল্পৰ উদ্বোধন, কিমান টকা ব্যয় কৰাৰ পৰিকল্পনা।