৪ দিনৰ পাছত মুম্বাইলৈ ঘূৰি আহিল ফ্ৰান্সত আবদ্ধ বিমান

মুম্বাই, ২৬ ডিচেম্বৰ চোৰাং মানৱ সৰবৰাহৰ সন্দেহত পূব ফ্ৰান্সৰ ভেট্টী বিমানবন্দৰত আবদ্ধ হৈ পৰা ৰোমানিয়াৰ লীজেও এয়াৰলাইন্‌ছৰ বিমানখনে অৱশেষত মুম্বাই বিমানবন্দৰত অৱতৰণ কৰেহি মঙলবাৰে পুৱা।

৩০৩জন যাত্রীসহ ডুবাইৰ পৰা নিকাৰাগুৱালৈ উৰা মৰা এই বিমানখনে ফ্ৰান্সৰ ভেট্টী বিমানবন্দৰত ইন্ধন ভৰাবলৈ নমাৰ পাছতে বিতৰ্কৰ মাজত সোমাই পৰে।

বিমানখনত থকা লোকসকল আছিল ভাৰতীয় আৰু ভাৰতীয় মূলব। কিন্তু বিমানত অভিভাৱকহীন নাবালকো আছিল।

গতিকে চোৰাং মানৱ সৰবৰাহৰ সন্দেহত বিমানত অনুসন্ধান চলোৱা হয় আৰু বিমানখনৰ উৰণত বাধা প্ৰদান কৰা হয়।

যাত্ৰীসকলৰ সোধা- পোছাও কৰা হয়। তাৰ মাজতে এই বাতৰি আহিছিল যে বিমানত থকা কেইজনমান ভাৰতীয় শিশু আৰু নাগৰিকে ফ্ৰান্সতে শৰণ ল’বলৈ ইচ্ছা প্রকাশ কৰে।

মুঠতে বিমানখনক লৈ বিশ্বজুৰি ব্যাপক চর্চা হৈছিল। বিমানত থকা যাত্রীসকলে ১০০ ঘণ্টা সময় শ্বাসৰুদ্ধকৰ পৰিস্থিতিৰ মাজেৰে পাৰ কৰে। গতিকে ভাৰত চৰকাৰেও বিষয়টোত হস্তক্ষেপ কৰিবলৈ বাধ্য হয়।

অৱশেষত সকলো আইনী বাধা নেওচি বিমানখনে সোমবাৰে ফ্ৰান্সৰ পৰা ভাৰত অভিমুখে উৰা মাৰে আৰু মঙলবাৰে পুৱা ২৭৬ জন যাত্রীসহ বিমানখনে মুম্বাই বিমানবন্দৰত অৱতৰণ কৰে।

বাকী ২৭জন লোকে ফ্রান্সতে আশ্রয় লোৱাৰ সিদ্ধান্ত লয়। বিমানত থকা যাত্ৰীসকল হৈছে হিন্দী আৰু তামিলভাষী।

0Shares

Leave a Comment

‘ কা ‘ ৰ প্ৰভাৱ অসমত নপৰে, এতিয়ালৈকে এজনেও আবেদন কৰা নাই অসম বিকাশ যাত্ৰা, হোজাই আৰু ধুবুৰীত মুঠ ৩৯৫ আৰু ৩০৮ কোটি টকা ব্যয় কৰাৰ চৰকাৰৰ পৰিকল্পনা অৰুণাচলত নিৰ্মাণ কৰা হ’ব ফ্ৰণ্টিয়াৰ হাইৱে মালদ্বীপৰ পৰা ভাৰতীয় সৈন্যৰ প্ৰত্যাহাৰ আৰম্ভ অসম বিকাশ যাত্ৰা BJP ৰ নতুন প্ৰকল্পৰ উদ্বোধন, কিমান টকা ব্যয় কৰাৰ পৰিকল্পনা।