ইজৰাইলৰ প্ৰধানমন্ত্রীক সমালোচনা তুৰ্কীৰ ৰাষ্ট্ৰপতিৰ

তুৰ্কীৰ ৰাষ্ট্ৰপতি ৰিচেপ তায়িপ এর্দোগানে আকৌ এবাৰ হামাছক ৰক্ষণাবেক্ষণ দি ইজৰাইলৰ প্ৰধানমন্ত্রী বেঞ্জামিন নেতানিয়াহুক যুদ্ধ অপৰাধী বুলি অভিহিত কৰিছে।

এর্দোগানে কয় – ইজৰাইল আৰু হামাছৰ মাজত যুদ্ধ সমাপ্ত হোৱাৰ পিছত নেতানিয়াহুক যুদ্ধ অপৰাধৰ বাবে বিচাৰ কৰা উচিত। তেওঁ যুগোশ্লাভিয়াৰ প্ৰাক্তন ৰাষ্ট্ৰপতি মিলোচিভ উদাহৰণ দাঙি ধৰি কয়।

যিধৰণে মিলোচিতক যুদ্ধ অপৰাধৰ বাবে বিচাৰ কৰা হৈছিল। নেতানিয়া ক্ষেত্ৰতো একেই কৰা উচিত বুলি তুৰ্কীৰ ৰাষ্ট্ৰপতিগৰাকীয়ে মন্তব্য কৰে।

ৰাষ্ট্ৰপতিগৰাকীৰ এই মন্তব্যৰ পিছতে চৌদিশে তোলপাৰ লাগে। উল্লেখ্য যে উজৰাইল হামাছৰ যুদ্ধই অধিক ভয়াবহৰ ৰূপ লয়।

এই যুদ্ধৰ ফলত শিশু মহিলাকে ধৰি সহস্ৰাধিক সাধাৰণ লোকৰ মৃত্যু ঘটে। ইজৰাইলী সেনাৰ আক্ৰমণত আনকি চিকিৎসালয়তো চিকিৎসাধীন অৱস্থাত মৃত্যুক আঁকোৱালী লয় একাংশ লোকে । যিটো সম্পূৰ্ণৰূপে মানৱতাবিৰোধী ।

0Shares

Leave a Comment

‘ কা ‘ ৰ প্ৰভাৱ অসমত নপৰে, এতিয়ালৈকে এজনেও আবেদন কৰা নাই অসম বিকাশ যাত্ৰা, হোজাই আৰু ধুবুৰীত মুঠ ৩৯৫ আৰু ৩০৮ কোটি টকা ব্যয় কৰাৰ চৰকাৰৰ পৰিকল্পনা অৰুণাচলত নিৰ্মাণ কৰা হ’ব ফ্ৰণ্টিয়াৰ হাইৱে মালদ্বীপৰ পৰা ভাৰতীয় সৈন্যৰ প্ৰত্যাহাৰ আৰম্ভ অসম বিকাশ যাত্ৰা BJP ৰ নতুন প্ৰকল্পৰ উদ্বোধন, কিমান টকা ব্যয় কৰাৰ পৰিকল্পনা।