কামাখ্যা কৰিড’ৰৰ আধাৰশিলা স্থাপনলৈ মোদীক আমন্ত্ৰণ মুখ্যমন্ত্ৰীৰ

দিল্লী ভ্ৰমণৰত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই আজি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীক সাক্ষাত কৰে।

সংসদ ভৱনত থকা প্রধানমন্ত্রী কার্যালয়ত মুখ্যমন্ত্ৰীজনে ৰাজ্যৰ জনমুখী আঁচনিসমূহকলৈ মোদীৰ সৈতে আলোচনা কৰা বুলি জানিব পৰা গৈছে।

আঁচনিসমূহে কিদৰে ৰাজ্যবাসীৰ আৰ্থ-সামাজিক উত্তৰণৰ বাট প্রশস্ত কৰিছে সেই সন্দৰ্ভত তেওঁ প্রধানমন্ত্ৰীক অৱগত কৰে। সাক্ষাতকালত মুখ্যমন্ত্ৰীয়ে মোদীক অসম ভ্ৰমণৰ বাবেও আমন্ত্রণ জনায়।

অসম ভ্ৰমণৰ কালছোৱাত তেওঁক কামাখ্যা কৰিড’ৰ প্ৰকল্পৰ আধাৰশিলা স্থাপনৰ লগতে যোৰহাটত প্ৰতিষ্ঠা কৰিবলগীয়া বীৰ লাচিত বৰফুকনৰ এতিমূর্তি দেশবাসীলৈ উছৰ্গা কৰাৰ বাবে অনুৰোধ গনায়।

লগতে তিনচুকীয়া চিকিৎসা মহাবিদ্যালয়ৰ শুভ উদ্বোধন আৰু শিৱসাগৰ চিকিৎসা মহাবিদ্যালয়ৰ মাধাৰশিলা স্থাপনৰ বাবেও মুখ্যমন্ত্রীয়ে প্রধানমন্ত্রীক অসম ভ্ৰমণ কৰিবলৈ আনুষ্ঠানিকভাৱে আমন্ত্রণ জনায়।

পাছত ৰাজ্য চৰকাৰে জাৰি কৰা এক প্ৰেছ বিবৃতি মনুসৰি অহাবছৰ অসম বাণিজ্য সন্মিলন অনুষ্ঠিত হাৱাৰ কথা । ইয়াৰ বাবে মুখ্যমন্ত্ৰীজনে আজি মোদীৰ পৰা পৰামৰ্শ বিচাৰে।

কিদৰে অসমত ব্যক্তিগত খণ্ডৰ বনোয়গৰ বাবে উদ্যোগপতিসকলক আকৰ্ষিত কৰিব পাৰি সেই সন্দৰ্ভত তেওঁ প্ৰধানমন্ত্ৰীৰ সৈতে আলোচনা কৰে।

ৰাজ্যৰ অৰ্থনৈতিক বিকাশৰ বাবে বাণিজ্য মেলাৰ প্ৰয়োজনীয়তাৰ কথাও মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীৰ নন্মুখত দাঙি ধৰে।

উল্লেখ্য, কালি সন্ধিয়া দিল্লীত উপস্থিত হোৱা মুখ্যমন্ত্ৰীজনে আজি প্ৰধানমন্ত্ৰীৰ উপৰি কন্দ্ৰীয় ৰেলমন্ত্ৰী তথা ইলেক্ট্রনিক আৰু তথ্য যুক্তিমন্ত্রী অশ্বিনী বৈষ্ণৱ আৰু বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰণকো সাক্ষাত কৰে।

চৰকাৰী প্ৰেছ বিজ্ঞপ্তি অনুসৰি ৰে’ল ভৱনত অনুষ্ঠিত বৈঠকত মুখ্যমন্ত্ৰীয়ে অসমত ৰে’লৰ আন্তগাঁথনিৰ আধুনিকীকৰণৰ ওপৰত গুৰুত্ব প্ৰদান কৰিবলৈ ৰে’লমন্ত্ৰীক আহ্বান জনায়।

আনহাতে, কেন্দ্ৰীয় ইলেক্ট্রনিক আৰু তথ্য প্রযুক্তিমন্ত্রী হিচাপে বৈষ্ণৱে অসম চৰকাৰে গ্ৰহণ কৰা ছেমিকণ্ডাক্টৰ নীতিৰ ওপৰত কেইবাটাও পৰামৰ্শ প্ৰদান কৰে।

উল্লেখ্য, সন্ধিয়াৰ ভাগত মুখ্যমন্ত্রীয়ে সংসদ ভৱনত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণকো সাক্ষাত কৰে।

অসমৰ সংবাগীণ বিকাশত বিত্তমন্ত্ৰীজনৰ থকা অৱদানৰ বাবে মুখ্যমন্ত্ৰীজনে তেওঁৰ ওচৰত কৃতজ্ঞতা জ্ঞাপন কৰে।

আনহাতে, সীতাৰমণেও মুখ্যমন্ত্ৰী ড° শৰ্মাৰ নেতৃত্বত অসমে যিদৰে প্ৰগতিৰ পথত আগবাঢ়ি গৈ আছে তাৰ বাবে শলাগ লয়।

উল্লেখ্য, নিশাৰ ভাগত মুখ্যমন্ত্ৰীজনে দিল্লীৰ উপ-ৰাজ্যপাল ভি কে ছাক্সেনাক সাক্ষাত কৰাৰ কথা।

দিল্লীত অসমীয়া কলা-সংস্কৃতিক দাঙি ধৰিব পৰাকৈ নিৰ্মাণ কৰিবলগীয়া ‘আছাম কমপ্লেক্সৰ বাবে ভূমিৰ আবণ্টনকলৈ মুখ্যমন্ত্ৰীয়ে ছাক্সেনাৰ সৈতে আলোচনা কৰিব বুলি জানিব পৰা গৈছে।

0Shares

Leave a Comment

‘ কা ‘ ৰ প্ৰভাৱ অসমত নপৰে, এতিয়ালৈকে এজনেও আবেদন কৰা নাই অসম বিকাশ যাত্ৰা, হোজাই আৰু ধুবুৰীত মুঠ ৩৯৫ আৰু ৩০৮ কোটি টকা ব্যয় কৰাৰ চৰকাৰৰ পৰিকল্পনা অৰুণাচলত নিৰ্মাণ কৰা হ’ব ফ্ৰণ্টিয়াৰ হাইৱে মালদ্বীপৰ পৰা ভাৰতীয় সৈন্যৰ প্ৰত্যাহাৰ আৰম্ভ অসম বিকাশ যাত্ৰা BJP ৰ নতুন প্ৰকল্পৰ উদ্বোধন, কিমান টকা ব্যয় কৰাৰ পৰিকল্পনা।