মহিলা উদ্যোগীলৈ অসম চৰকাৰৰ উদগনি

মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযান

৩৯ লাখ মহিলা আত্মসহায়ক গোটৰ সদস্যালৈ সহায়ৰ হাত

বছৰি ন্যূনতম ১ লাখ টকা উপাৰ্জনেৰে প্ৰতিগৰাকীক গ্রাম্য ক্ষুদ্র উদ্যোগী হিচাপে প্রতিষ্ঠিত কৰাৰ লক্ষ্য

লাখপতি বাইদেউ

১০,০০০ টকাৰ উদ্যমিতা পুঁজি মহিলা আত্মসহায়ক গোটৰ যোগ্য সদস্যালৈ হিতাধিকাৰীৰ বেংক একাউন্টত পোনপটীয়াভাবে লাভালাভ জমা দিয়া হ’ব

যোগ্যতাৰ চৰ্ত (বীজ মূলধন)

মহিলা আত্মসহায়ক গোটৰ সক্ৰিয় সদস্যা যিগৰাকী –

  • অসম ৰাজ্যিক গ্রামীণ জীবিকা অভিযানৰ অধীনত পঞ্জীভুক্ত
  • আধাৰ সংযুক্ত ছেভিংছ বেংক একাউণ্টধাৰী
  • আত্মসহায়ক গোট, ফেডাৰেচন, বেংক আদিৰ পৰা পূৰ্বে গ্ৰহণ কৰা ঋণ পৰিশোধ কৰা মহিলা (এইক্ষেত্ৰত ২০২১ চনৰ পূৰ্বে মাইক্ৰ’ ফাইনেন্স প্রতিষ্ঠানৰ পৰা ঋণ লোৱাসকলক ডিফল্টাৰ বুলি গণ্য কৰা নহ’ব
  • নিম্নতম এটা উপার্জন সৃষ্টিকাৰী কাৰ্যকলাপত নিজে জড়িত
  • নিজৰ উদ্যোগ সন্দৰ্ভত এক ব্যৱসায়িক পৰিকল্পনা থকা
  • বর্তমান তিনিটাতকৈ অধিক সন্তান নথকা মহিলা (সাধাৰণ / অন্যান্য পিছপৰা শ্ৰেণীৰ ক্ষেত্ৰত )
  • বর্তমান চাৰিটাতকৈ অধিক সন্তান নথকা মহিলা (অনুসূচিত জনজাতি/অনুসূচিত জাতি/ মৰাণ / মটক/চাহ জনজাতিৰ ক্ষেত্ৰত)
  • বিদ্যালয়ত অধ্যয়নৰত কন্যা সন্তানৰ মাতৃ
  • অমৃত বৃক্ষ আন্দোলনৰ সময়ত ৰোপণ কৰা বৰ্তমান জীবিত আৰু বর্ধিত গছপুলিটোৰ অধিকাৰী

নিৰীক্ষণ আৰু ৰূপায়ণ

জিলা পৰ্যায়ত নিম্নোল্লিখিত সদস্যসকলক লৈ গঠিত নিৰীক্ষণ সমিতিয়ে আঁচনিখনৰ ৰূপায়ণ নিৰীক্ষণ কৰিব

  • অভিভাৱক মন্ত্রী অধ্যক্ষ
  • জিলা আক্ত সদস্য সচিব বিধায়কসকল সদস্য
  • মুখ্য কার্যবাহী বিষয়া, জিলা পৰিষদ / প্রকল্প সঞ্চালক, ডি আৰ ডি এ – সদস্য
  • জিলা প্রকল্প প্রবন্ধক, এ এছ আৰু এল এম সদস্য
  • মুখ্য জিলা প্ৰবন্ধক সদস্য
  • তিনিগৰাকী সদস্য ৰাজ্য চৰকাৰৰ দ্বাৰা মনোনীত কৰা হ’ব

অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযানৰ জিলা প্রকল্প প্রবন্ধকে যুগুতোৱা জিলাৰ হিতাধিকাৰীসকলৰ তালিকাত সমিতিয়ে অনুমোদন জনাব

লাখপতি বাইদেউ

বিগত সপ্তাহত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা মহিলা উদ্যমিতা অভিযান আঁচনি এখনৰ বাৰ্তাই সচকিত কৰিছে ৰাজ্যৰ মহিলাসকলক।

ৰাজ্যৰ ৩৯ লাখ মহিলাৰ বাবে ৰাজ্য চৰকাৰে যুগুত কৰা উক্ত আঁচনিৰ অধীনত প্ৰতিগৰাকী মহিলালৈ দহ হাজাৰ টকাৰ উদ্যমিতা পুঁজি যোগান ধৰিব ৰাজ্য চৰকাৰে।

উল্লেখযোগ্য যে ইতিপূর্বে ঘোষণা কৰা যোগ্যতাৰ চৰ্ত অনুসৰি ৰাজ্য চৰকাৰৰ গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত পঞ্জীয়নভুক্ত আত্মসহায়ক গোটৰ সদস্যৰ বাবেহে থাকিব এই আঁচনিৰ সুবিধা।

সেইদৰে গোটৰ বা বেংক আদিৰ পৰা অতীতত ঋণ লৈ পৰিশোধ কৰা, তিনিটাতকৈ অধিক সন্তান নথকা (অনুসূচিত জনজাতিৰ ক্ষেত্ৰত চাৰিটা সন্তান), বিদ্যালয়ত অধ্যয়নৰত কন্যা সন্তানৰ মাতৃ আৰু অমৃত বৃক্ষ আন্দোলনত বৃক্ষৰোপণ কৰা মাতৃসকলেহে লাভ কৰিব ৰাজ্য চৰকাৰৰ মহিলা উদ্যমিতা অভিযানৰ ধন।

১৮ জানুৱাৰীৰ পৰা ৰাজ্যৰ বিভিন্ন জিলাৰ পঞ্চায়ত কাৰ্যালয়ত উপলব্ধ হ’ব আৱেদনৰ প্ৰ-পত্ৰ । ৰাজ্য চৰকাৰে আশা কৰা মতে, দহ হাজাৰ টকাৰ উদ্যমিতা পুঁজিয়ে বিবেচিত মহিলাসকলক বছৰৰ অন্তত গঢ়ি তুলিব ‘লাখপতি বাইদেউ’।

ৰাজ্যত বর্তমান কার্যক্ষম হৈ থকা আত্মসহায়ক গোটসমূহৰ উৎপাদিত সামগ্ৰী বুলিলে — বোৱা-কটা, শিপিনীৰ দ্বাৰা উৎপাদিত কাপোৰৰ সামগ্রী, ফলমূলৰ তৈয়াৰ কৰা জাম-জেলী আৰু ফলৰ ৰসৰ খাদ্য, থলুৱা খাদ্য, যেনে পিঠা-পনা আদিয়েই প্রধান।

সেইদৰে, মীন পালন, গৰু-ছাগলী বা গাহৰি পালন, মুর্গী (ব্ৰইলাৰ) পালন, মৌপালন আদি অর্থনৈতিক কর্মতো জড়িত আত্মসহায়ক গোটৰ মহিলাসকল। উল্লেখ্য, অসমত আত্মসহায়ক গোটৰ দ্বাৰা উৎপাদিত সামগ্ৰীৰ বিক্ৰীৰ ক্ষেত্ৰত নাই নিৰ্দিষ্ট বজাৰ ৷

অনা-অসমীয়া ব্যৱসায়ীৰ দ্বাৰা লালিত-পালিত কিছুমান এজেণ্টৰ দ্বাৰা বজাৰলৈ আহে আত্মসহায়ক গোটৰ দ্বাৰা উৎপাদিত সামগ্রী।

সামগ্ৰীৰ দাম নির্ধাৰণতো নাই স্পষ্ট নীতি। চাহিদা নাই বুলি মহিলাৰ পৰা ক্ৰয় কৰি অনা ৫০ টকাৰ এখন গামোচা বজাৰত বিক্ৰী হয় দুশ টকাত। হাঁহ- কুকুৰা পালন কৰা মহিলাই নির্দিষ্ট সময়ত লাভ নকৰে উচিত মূল্য।

ৰাজ্যৰ বিভিন্ন চহৰত অনুষ্ঠিত মেলা বা প্ৰদৰ্শনীত বিক্ৰীৰ বাবে অনা আত্মসহায়ক গোটৰ সামগ্ৰীসমূহৰ দৰ কিমান বুলি প্ৰশ্ন কৰা গ্ৰাহকসকলৰ কৃপা লাভৰ পৰা বঞ্চিত বিক্রেতা মহিলাসকল।

বর্তমান ৰাজ্য চৰকাৰে ঘোষণা কৰা লাখপতি বাইদেউৰ সপোন বাস্তৱায়িত কৰিবলৈ প্ৰয়োজন হ’ব বজাৰৰ। চহৰ বা টাউনসমূহত স্থায়ীভাৱে আত্মসহায়ক গোটৰ সামগ্ৰীৰ বজাৰ স্থাপন কৰাৰ এক পৰিকল্পনা যুগুত কৰা উচিত হ’ব।

উক্ত বজাৰসমূহত মাথো থলুৱাভাৱে উৎপাদিত খাদ্যসামগ্রী, বস্তুসামগ্ৰীৰ বিক্ৰেতাৰ ভূমিকাত থাকিব লাগিব মহিলাসকল।

সম্পূর্ণ মহিলাৰ নিয়ন্ত্ৰণত চলিব লগা উক্ত বজাৰসমূহ চহৰৰ মাজমজিয়াত স্থাপন হোৱাটো প্রয়োজন। উত্তৰ-পূৰ্বাঞ্চলৰ মণিপুৰ, মিজোৰাম আৰু মেঘালয়ত মহিলাৰ দ্বাৰা পৰিচালিত বিপণী কিম্বা বজাৰসমূহে অর্থনৈতিক সকাহ দিছে মহিলাক ।

মুক্ত অর্থনীতিৰ নীতিত পৰিচালিত অসমৰ দৰে এখন ৰাজ্যত লাখপতি বাইদেউ সৃষ্টি কৰিবলৈ বহুখিনি কৰণীয় আছে চৰকাৰৰ কাৰণে।

আত্মসহায়ক গোটৰ ঋণ মাফ প্রক্রিয়াই এটা কথা বুজাই দিলে— অসমত আত্মসহায়ক গোটসমূহৰ অৰ্থনৈতিক ব্যর্থতা। গোটৰ নামত লোৱা ঋণৰ টকাৰে সন্তানৰ বা পৰিয়ালৰ দৈনন্দিন অভাৱ পূৰণ কৰা কার্যই ইতিমধ্যে লক্ষ্যভ্রষ্ট কৰিছে বহুতো মহিলাক।

তেনে এক ব্যৰ্থতাৰ মাজত আৱদ্ধ হৈ থকা অসমৰ আত্মসহায়ক গোটৰ সদস্যসকলৰ অৰ্থনৈতিক প্রগতি অবিহনে মহিলা সবলীকৰণ প্ৰক্ৰিয়াটো সফল নহ’ব বুলি ক’ব পাৰি ।

মহিলা উদ্যমিতা অভিযান সফল হ’বলৈ বহুখিনি কৰণীয় আছে উদ্যোগী মহিলাসকলৰ । নতুন নতুন মেচিন বা তথ্য- প্ৰযুক্তিৰ ব্যৱহাৰৰ জৰিয়তে উন্নতমানৰ সামগ্ৰীৰ উৎপাদন কৰিব লাগিব মহিলাসকলে।

0Shares

Leave a Comment

‘ কা ‘ ৰ প্ৰভাৱ অসমত নপৰে, এতিয়ালৈকে এজনেও আবেদন কৰা নাই অসম বিকাশ যাত্ৰা, হোজাই আৰু ধুবুৰীত মুঠ ৩৯৫ আৰু ৩০৮ কোটি টকা ব্যয় কৰাৰ চৰকাৰৰ পৰিকল্পনা অৰুণাচলত নিৰ্মাণ কৰা হ’ব ফ্ৰণ্টিয়াৰ হাইৱে মালদ্বীপৰ পৰা ভাৰতীয় সৈন্যৰ প্ৰত্যাহাৰ আৰম্ভ অসম বিকাশ যাত্ৰা BJP ৰ নতুন প্ৰকল্পৰ উদ্বোধন, কিমান টকা ব্যয় কৰাৰ পৰিকল্পনা।