অভিনয় এৰি ৰাজনীতিলৈ আহিব মনোজ বাজপেয়ী

বলীউডৰ অন্যতম কৃতী আৰু সফল অভিনেতা হিচাপে সুনাম আছে ‘দ্য ফেমিলী অভিনেতা বাজপেয়ীৰ। মেন’খ্যাত মনোজ শ্রেষ্ঠ অভিনেতা হিচাপে ৰাষ্ট্ৰীয় বঁটাও লাভ কৰিছে দক্ষ অভিনেতাজনে।

এইবাৰ অভিনয় এৰি ৰাজনীতি জগতত খোজ পেলোৱাৰ বাবে কুচকাৱাজ আৰম্ভ কৰিছে বাজপেয়ীয়ে। চলিত বৰ্ষতে নির্বাচনত প্রার্থিত্ব আগবঢ়াব অভিনেতাজনে।

সৰু পৰ্দাৰ পৰা ডাঙৰ পৰ্দাত খোজ পেলোৱা মনোজ বাজপেয়ী ‘বেণ্ডিক কুইন’ ছবিৰ যোগেদি বলীউডত প্ৰৱেশ কৰে। পৰৱৰ্তী সময়ত তেওঁ গেং অৱ ৱাছিপুৰ, ৰাজনীতি, স্পেচিয়েল-২৬, সত্য, কৌন আদি ছবিত অভিনয় কৰে।

অ টি টি প্লেটফৰ্মৰ ছিৰিজ ‘দ্য ফেমিলী মেন’ৰ যোগেদি মনোজ বাজপেয়ীৰ জনপ্রিয়তা দুগুণে বৃদ্ধি পায়। চলিত বছৰত বিহাৰৰ পশ্চিম চম্পাৰণ সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ’ব অভিনেতাজন।

বর্তমান তেওঁ মুম্বাইত বসবাস কৰিলেও শিপা পাহৰা নাই অভিনেতাজনে। অতি শীঘ্ৰে অভিনেতাজনে সক্ৰিয় ৰাজনীতিত প্ৰৱেশ কৰিব বুলি বাতৰিত প্রকাশ।

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা মনোজ বাজপেয়ীৰ ছাৰ্ট খুলি ছিন্ন পেক প্ৰদৰ্শন কৰা ফটোখনে নেটিজেনৰ মাজত ব্যাপক চর্চা লাভ কৰিছে।

0Shares

Leave a Comment

‘ কা ‘ ৰ প্ৰভাৱ অসমত নপৰে, এতিয়ালৈকে এজনেও আবেদন কৰা নাই অসম বিকাশ যাত্ৰা, হোজাই আৰু ধুবুৰীত মুঠ ৩৯৫ আৰু ৩০৮ কোটি টকা ব্যয় কৰাৰ চৰকাৰৰ পৰিকল্পনা অৰুণাচলত নিৰ্মাণ কৰা হ’ব ফ্ৰণ্টিয়াৰ হাইৱে মালদ্বীপৰ পৰা ভাৰতীয় সৈন্যৰ প্ৰত্যাহাৰ আৰম্ভ অসম বিকাশ যাত্ৰা BJP ৰ নতুন প্ৰকল্পৰ উদ্বোধন, কিমান টকা ব্যয় কৰাৰ পৰিকল্পনা।