অভিনয় এৰিব পংকজ ত্রিপাঠীয়ে

ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত বলীউডৰ দক্ষ অভিনেতা পংকজ ত্রিপাঠীয়ে অভিনয় এৰিব বুলি বলীউডৰ ভিতৰ চ’ৰাত চৰ্চা হৈছে। ‘ম্যে অটল হুঁ’ ছবিত ভাৰতৰ প্রাক্তন প্রধানমন্ত্রী অটল বিহাৰী বাজপেয়ীৰ চৰিত্ৰত অভিনয় কৰিছে পংকজ ত্রিপাঠীয়ে।

ছবিখনৰ প্রসংগত এক সাক্ষাৎকাৰত ত্রিপাঠীয়ে অভিনয়ৰ পৰা বিৰতি লোৱাৰ কথা জল্পনা-কল্পনা কৰা বুলি সদৰি কৰে। অনবদ্য প্ৰতিভাৰ অধিকাৰী পংকজ ত্রিপাঠীয়ে বলীউডত ইতিমধ্যে কেইভাখনো ছবিত অভিনয় কৰিছে আৰু তেওঁৰ অভিনয়ত সকলো মুগ্ধ বুলি ক’ব পাৰি।

বলীউডত খোপনি পুতি অভিনেতা হোৱাৰ বাবে তেওঁ বহু পৰিশ্ৰম কৰিবলগীয়া হৈছিল। কাৰণ হিন্দী ছবি অভিনেতা সুলভ চেহেৰাৰ অধিকাৰী তেওঁ নাছিল।

১৬ জানুৱাৰীত মুক্তি পাব ‘মো অটল হুঁ’ শীর্ষক বহু প্রত্যাশিত ছবিখন। ছবিখনক লৈ অভিনেতা ত্রিপাঠী যথেষ্ট আশাবাদী।

‘ম্যে অটল হুঁ’ৰ মুক্তিৰ পাছতে অভিনয় এবাৰ কথা ঘোষণা কৰিছে পংকজ ত্রিপাঠীয়ে। উল্লেখ্য, অটল বিহাৰী বাজপেয়ীৰ জীৱনভিত্তিক ছবি ‘ম্যে অটল হঁত ত্রিপাঠী প্রাক্তন প্রধানমন্ত্ৰীৰ ভূমিকাত অভিনয় কৰিছে।

১৯ জানুৱাৰীত মুক্তি পাব লগা ছবিখনৰ চিত্ৰনাট্য লিখিছে ঋষি ভাবানুরে। অভিনেতাজনে অভিনয় এৰিব বুলি বাতৰি প্ৰকাশ পোৱাত তেওঁৰ অনুৰাগীসকলে দুখ প্ৰকাশ কৰিছে।

0Shares

Leave a Comment

‘ কা ‘ ৰ প্ৰভাৱ অসমত নপৰে, এতিয়ালৈকে এজনেও আবেদন কৰা নাই অসম বিকাশ যাত্ৰা, হোজাই আৰু ধুবুৰীত মুঠ ৩৯৫ আৰু ৩০৮ কোটি টকা ব্যয় কৰাৰ চৰকাৰৰ পৰিকল্পনা অৰুণাচলত নিৰ্মাণ কৰা হ’ব ফ্ৰণ্টিয়াৰ হাইৱে মালদ্বীপৰ পৰা ভাৰতীয় সৈন্যৰ প্ৰত্যাহাৰ আৰম্ভ অসম বিকাশ যাত্ৰা BJP ৰ নতুন প্ৰকল্পৰ উদ্বোধন, কিমান টকা ব্যয় কৰাৰ পৰিকল্পনা।