এইবিধ চাহে ডায়েবেটিছ নিয়ন্ত্ৰণত সহায় কৰে

আজি কালি প্ৰায়ভাগ লোকৰে মুখত ডায়েবেটিছৰ সমস্যাৰ বিষয়ে শুনিবলৈ পোৱা যায়। ডায়েবেটিছক একপ্ৰকাৰৰ চাইলেণ্ট কিলাৰ বুলিও কোৱা হয়।

এইবিধ ৰোগে আক্ৰান্তজনক ভিতৰৰ পৰা নিঃশেষ কৰি আহে। পৰিণতিত ৰোগীৰ মৃত্যু ঘটে। সেয়ে ডায়েবেটিছৰ সমস্যা থাকিলে আৰম্ভণিৰে পৰা সচেতন হোৱা উচিত।

ডায়েবেটিছ নিয়ন্ত্ৰণৰ বাবে বিভিন্নজনে বিভিন্ন দৰৱ খোৱাৰ উপৰিও শৰীৰ চৰ্চাকে ধৰি অন্যান্য উপায়ৰ সহায় লয়। ডায়েবেটিছ থাকিলে খাদ্যৰ ক্ষেত্ৰত বিশেষকৈ সতর্ক হোৱা উচিত। জানি আচৰিত হ’ব যে দালচেনিয়ে ডায়েবেটিছ নিয়ন্ত্ৰণত সহায় কৰে।

আয়ুর্বেদ শাস্ত্র মতে দালচেনিবে তৈয়াৰ কৰা চাহ পান কৰিলে দেহৰ বিভিন্ন প্রদাহ হ্রাস পায়। তদুপৰি কোনা টিছুৰ ক্ষতি হ’লে বা দেহত আঘাত পালে অথবা তেজ গোট মাৰিলে দালচেনিৰ চাহ খাব পাৰে। দালচে নিয়ে আন বিভিন্ন শাৰীৰিক সমস্যাও নিরাময় কৰে। উল্লেখ কৰা হ’ল তেনে সমস্যাসমূহ –

হৃদৰোগৰ আশংকা কমায়

ট্রাইমিচাৰাইড বা বেয়া কলেষ্টেৰলৰ মাত্রা হ্রাস কৰে দালচেনিয়ে। উচ্চ ৰক্তচাপো নিয়ন্ত্ৰণত ৰাখে এইবিধ মচলাই। ফলত হৃদযন্ত্ৰৰ আশংকা হ্রাস পায়।

পেটৰ সমস্যা হ্ৰাস কৰে

বহুতৰে কোষ্ঠ-কাঠিন্য, বদহজম, গেছ আদিৰ দৰে সমস্যা থাকে। দালচেনিয়ে এনে সমস্যা নিৰাময় কৰে।

ৰোগ প্ৰতিৰোধ ক্ষমতা বাঢ়ে

দালচেনিত প্ৰচুৰ পৰিমাণে এন্টি অক্সিডেন্ট থাকে। নিতৌ দালচেনি চাহ খালে ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াৰ লগতে ছালৰ উজ্জ্বলতা বৃদ্ধি পায়।

ওজন কমায়

যিসকলৰ অত্যধিক ওজনৰ সমস্যা আছে, তেওঁলোকে নিতৌ দালচেনি চাহ খাব পাবে।

ডায়েবেটিছ নিয়ন্ত্ৰণত ৰাখে

টাইপ টু ডায়েবেটিছ থাকিলে শৰীৰত ইনচুলিন হৰমনৰ ক্ষৰণ কমি আহে। ফলত তেজত শৰ্কৰাৰ মাত্রা বৃদ্ধি পায়। দালচেনিৰ চাহে ইনছুলিনৰ ক্ষৰণ বঢ়ায়।

Read Also

0Shares

Leave a Comment

‘ কা ‘ ৰ প্ৰভাৱ অসমত নপৰে, এতিয়ালৈকে এজনেও আবেদন কৰা নাই অসম বিকাশ যাত্ৰা, হোজাই আৰু ধুবুৰীত মুঠ ৩৯৫ আৰু ৩০৮ কোটি টকা ব্যয় কৰাৰ চৰকাৰৰ পৰিকল্পনা অৰুণাচলত নিৰ্মাণ কৰা হ’ব ফ্ৰণ্টিয়াৰ হাইৱে মালদ্বীপৰ পৰা ভাৰতীয় সৈন্যৰ প্ৰত্যাহাৰ আৰম্ভ অসম বিকাশ যাত্ৰা BJP ৰ নতুন প্ৰকল্পৰ উদ্বোধন, কিমান টকা ব্যয় কৰাৰ পৰিকল্পনা।