এইবোৰ কাৰণত স্মার্টফোনৰ বেটাৰীৰ বিস্ফোৰণ হ’ব পাৰে

প্ৰযুক্তিৰ সৈতে খোজ মিলাই আজিকালি প্ৰায় সকলোৱে ম’বাইল ফোন ব্যৱহাৰ কৰে। ম’বাইল ফোনটো অবিহনে যেন কাৰোৱেই দিনটোৰ কাম- কাজ আৰম্ভ নহয়।

কিন্তু ইয়াৰ মাজতে কেতিয়াবা কেতিয়াবা ম’বাইল ফোন বিস্ফোৰণ হোৱাৰ বাতৰি পোৱা যায়। ম’বাইল ফোনটোৰ বিভিন্ন কাৰণত বিস্ফোৰণ ঘটিব পাৰে। উল্লেখ কৰা হ’ল তেনে কেইটামান কাৰণ—

প্রযুক্তিগত ত্রুটি

কেতিয়াবা কেতিয়াবা ম’বাইল ফোনৰ কোম্পানীসমূহৰ ভুলৰ বাবে ফোনটো প্ৰযুক্তিগত ত্রুটি থাকি যায়। ইয়াৰ ফলত ফোনৰ ভিতৰত থকা লিথিয়াম আয়ন বেটাৰীৰ বিস্ফোৰণ হয়। সাধাৰণতে নিম্নমানৰ বেটাৰী ব্যৱহাৰ হ’লে শটচার্কিট হোৱাৰ আশংকা থাকে। ফলত ফোনটোৰ বিস্ফোৰণ ঘটে।

বেটাৰী বেয়া হ’লে

কেতিয়াবা কেতিয়াবা ফোনটো হাতৰ পৰা পৰিলে, পানী সোমালে বা অত্যধিক গৰম হ’লে ভিতৰত থকা বেটাৰীটো বেয়া হ’বলৈ ধৰে। এই ধৰণৰ বেটাৰী ব্যৱহাৰ কৰি থাকিলে ফোনটোৰ বিস্ফোৰণ হোৱাৰ আশংকা বাঢ়ে। বিশেষকৈ ফোনটোৰ বেটাৰী ফুলিবলৈ ধৰিলে লগে লগে সেয়া সলনি কৰক।

বেয়া চাৰ্জাৰ

ম’বাইল ফোন ক্ৰয় কৰাৰ সময়ত লগত যিটো বেটাৰী পোৱা যায় চার্জ দিওঁতে সেইটো বেটাৰী ব্যৱহাৰ কৰা উচিত। নিম্নমানৰ চাৰ্জাৰ ব্যৱহাৰ কৰিলে ফোনটো গৰম হ’বলৈ ধৰে। এনেকুৱা হ’লে ম’বাইল ফোনটোৰ ভিতৰত শটচার্কিট হোৱাৰ আশংকা থাকে।

ওৰে নিশা চার্জ দিয়া

বহুতে দিনৰ দিনটো ফোনটো ব্যৱহাৰ কৰাৰ পাছত নিশা শুবলৈ যোৱাৰ সময়ত ম’বাইল ফোনটো চার্জ দিয়ে। এই অভ্যাস বেয়া। ফোনটো দীর্ঘ সময় চাৰ্জত ৰাখিলে ভিতৰত থকা বিদ্যুৎ পৰিবাহী চার্কিটসমূহ বেয়া হোৱাৰ আশংকা | থাকে। ফলত বিস্ফোৰণৰ আশংকা বাঢ়ে।

অত্যধিক চাপ

ম’বাইল ফোনৰ ৰেম আৰু প্ৰচেছৰ যিমানেই উন্নত নহওক কিয়, ইয়াৰো ক্ষমতাৰ এটা সীমা থাকে। ফোনটো একেসময়তে একাধিক কাম কৰিলে বা অত্যধিক গ্ৰাফিছৰ গেম খেলি থাকিলে ফোনটোৰ ওপৰত অতিৰিক্ত চাপ পৰে। এনেকুৱা হ’লে ফোনটো গৰম হ’বলৈ ধৰে আৰু এটা সময়ত ইয়াৰ বিস্ফোৰণ ঘটে।

0Shares

Leave a Comment

‘ কা ‘ ৰ প্ৰভাৱ অসমত নপৰে, এতিয়ালৈকে এজনেও আবেদন কৰা নাই অসম বিকাশ যাত্ৰা, হোজাই আৰু ধুবুৰীত মুঠ ৩৯৫ আৰু ৩০৮ কোটি টকা ব্যয় কৰাৰ চৰকাৰৰ পৰিকল্পনা অৰুণাচলত নিৰ্মাণ কৰা হ’ব ফ্ৰণ্টিয়াৰ হাইৱে মালদ্বীপৰ পৰা ভাৰতীয় সৈন্যৰ প্ৰত্যাহাৰ আৰম্ভ অসম বিকাশ যাত্ৰা BJP ৰ নতুন প্ৰকল্পৰ উদ্বোধন, কিমান টকা ব্যয় কৰাৰ পৰিকল্পনা।