এন হক
পদুলিত নিশা যাপন কৰা স্নিগ্ধ জোনাকত
তিতি-বুৰি সৰি পৰা শেৱালিৰ সুবাসত
সাৰ পাই উঠিল পূবৰ আকাশ,
একাজলি ৰ’দৰ আমেজত মোহময় হৈ পৰে
নিয়ৰৰ ফুলবছা এটি পুৱা ।
শালীন নয়নত শাশ্বত সৰগৰীয়া সপোনবোৰ
হৃদয়গমনৰ সৰণী বিচাৰি
স্বীয় স্বৰ্গ হেনো
তোমাক পোৱা হেতু হেঁহনিয়ায় বুকুৰ একোণত ।
হৃদয় এখনি নৈ .
প্ৰেম নিৰৱধি সোঁত ।
কঁহুৱাৰ সুহুৰিত আলোড়ন তুলি
নৈখন মাতাল হৈ পৰে নাৱৰীয়া ৰাগত
শাৰদীয় অনুভৱত পিছলি নপৰাকৈ
বন্ধা আছিল যৌৱনৰ ঘাট ..
বালিমাহীৰ পাখিয়ে গীতাৰ বজাই
হেঙুলীয়া গধুলিৰ বক্ষত কই দিলে অনুৰাগৰ গুটি
ক্রমশঃ নব্য চেতনাত দোঁ খাই আহে
নন্দিত গোহাৰি
আহা আমি উদ্যাপন কৰোঁ
নিয়ৰৰ ফুলবছা এটি পুৱা।