চলিত বৰ্ষত বিশ্বৰ ৬০খন দেশত হ’ব নির্বাচন

নির্বাচন

এই বছৰ (২০২৪ চনত) পৃথিৱীৰ প্ৰায় ৬০খন দেশত নির্বাচন হ’ব আৰু সেই নির্বাচনবোৰত পৃথিৱীৰ জনসংখ্যাৰ আধাতকৈও বেছিয়ে ভোট দিব।

৬০খন দেশৰ ভিতৰত ইউৰোপিয়ান ইউনিয়নতো নির্বাচন হ’ব। ২৭খন দেশক লৈ ইউৰোপিয়ান ইউনিয়ন গঠিত।

অস্থায়ী হিচাপ মতে, চলিত বছৰত আফ্ৰিকাৰ ১৮খন, এছিয়াৰ ১৭খন, উত্তৰ আমেৰিকাৰ পাঁচখন, ওচেনিয়াৰ চাৰিখন আৰু দক্ষিণ আমেৰিকাৰ দুখন দেশতো ৰাষ্ট্ৰীয় নির্বাচন হ’ব।

আমেৰিকাৰ ইণ্টিগ্রিটি ইনষ্টিটিউট নামৰ থিংক টেংকটোৰ মতে ২০৪৮ চনলৈকে এটা বছৰতে ইমান বেছি নির্বাচন আকৌ অনুষ্ঠিত নহ’ব।

এই বছৰ হ’বলগীয়া নিৰ্বাচনবোৰত ২০০ কোটিৰো অধিক ভোটাৰে ভোট দিব তিনিখন বৃহত্তম গণতান্ত্রিক দেশ ভাৰত, আমেৰিকা আৰু ইণ্ডোনেছিয়াত।

নির্বাচন হ’বলগীয়া দক্ষিণ এছিয়াৰ দেশসমূহৰ ভিতৰত নির্বাচন আছে বাংলাদেশ, ভাৰত, পাকিস্তান, মালদ্বীপ, শ্ৰীলংকা আৰু ভূটান, দক্ষিণ-পূব এছিয়াৰ ইণ্ডোনেছিয়া। এই বছৰ প্ৰথমতে নির্বাচন হ’ব বাংলাদেশত (৭ জানুৱাৰী)।

বছৰটোত সাধাৰণ নির্বাচন হ’বলগীয়া আন উল্লেখযোগ্য দেশসমূহৰ ভিতৰত আছে ইউ কে, ৰাছিয়া, ইউক্রেইন। ভাৰতত এপ্রিল-মে’ত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। দেশখনৰ ৯০ কোটি ভোটাৰে ভোটদান কৰিব।

আমেৰিকাত ৰাষ্ট্ৰপতিৰ নিৰ্বাচন হ’ব ৫ নৱেম্বৰত আৰু ১৬ কোটি ভোটাৰে ভোট দিব। ৰাছিয়া আৰু ইউক্রেইনত মাৰ্চত, ইউ কেত জুনৰ পাছত, পাকিস্তানত ফেব্ৰুৱাৰীত আৰু ইউৰোপিয়ান ইউনিয়নত জুনৰ আগভাগত নির্বাচন হ’ব।

0Shares

Leave a Comment

‘ কা ‘ ৰ প্ৰভাৱ অসমত নপৰে, এতিয়ালৈকে এজনেও আবেদন কৰা নাই অসম বিকাশ যাত্ৰা, হোজাই আৰু ধুবুৰীত মুঠ ৩৯৫ আৰু ৩০৮ কোটি টকা ব্যয় কৰাৰ চৰকাৰৰ পৰিকল্পনা অৰুণাচলত নিৰ্মাণ কৰা হ’ব ফ্ৰণ্টিয়াৰ হাইৱে মালদ্বীপৰ পৰা ভাৰতীয় সৈন্যৰ প্ৰত্যাহাৰ আৰম্ভ অসম বিকাশ যাত্ৰা BJP ৰ নতুন প্ৰকল্পৰ উদ্বোধন, কিমান টকা ব্যয় কৰাৰ পৰিকল্পনা।