নৃত্যৰত ভংগিমাত ২১ ফুট বিশাল শাকিৰা

‘কুইন অর লেটিন মিউজিক’ অর্থাৎ লেটিন সংগীতৰ ৰাণী হিচাপে খ্যাত শাকিৰাৰ এটা বিশাল মূৰ্তি নিৰ্মাণ কৰা হৈছে। ২১ ফুট ওখ সংগীত শিল্পীগৰাকীৰ বিশাল পূৰ্ণাংগ মূৰ্তিটো নিৰ্মাণ কৰা হৈছে জন্মস্থান কলম্বিয়াৰ বাৰাণকিলাত।

মাগডালেনা নৈৰ তীৰত এখন উদ্যানৰ মাজত স্থাপন কৰা হৈছে শাকিৰাৰ অতিকায় মূৰ্তিটো। তামেৰে তৈয়াৰ কৰা মূৰ্তিটোৰ উচ্চতা ২১.৩ ফুট আৰু প্ৰস্থ চাৰে ছয় মিটাৰ। মূৰ্তিটো নিৰ্মাণ কৰিছে ইনো মাৰকোৱেজ নামৰ এজন শিল্পীয়ে।

মঙলবাৰে মূৰ্তি উদ্বোধনী অনুষ্ঠানত উপস্থিত আছিল শাকিৰাৰ পিতৃ-মাতৃ আৰু ভ্ৰাতৃ। উল্লেখ্য কলম্বিয়াৰ বাৰানকিলাত জন্মগ্ৰহণ কৰা ৪৬ বছৰীয়া শাকিৰালৈ জন্মভূমিৰ এয়া এক উল্লেখযোগ্য উপহাৰ হিচাপে বিবেচিত হৈছে।

২০০৫ চনত শাকিবাৰ ‘হিপছ ডণ্ট লাই’ শীৰ্ষক এটা পপ সংগীত মুক্তি পাইছিল। মুক্তিৰ লগে লগে পপ সংগীতটো দেশখনত জনপ্ৰিয় হৈ পৰিছিল।

আনকি আন্তর্জাতিক পর্যায়তো ‘হিপছ ড’ণ্ট লাই’য়ে সুনাম অর্জন কৰিছিল। পপ সংগীতটোৰ তালে তালে নৃত্য কৰিছিল শাকিবাই। সেই মিউজিক ভিডিঅ’টো এক বিশেষ নৃত্যৰ ভংগিমা অনুসৰণ কৰিয়ে মূৰ্তিটো সাজি উলিওৱা হৈছে।

জন্মভূমিয়ে সংগীত শিল্পীগৰাকীক এনেদৰে সন্মান দিয়া বাবে তেওঁ মাতৃভূমি আৰু ভাস্কৰগৰাকীক কৃতজ্ঞতা জনাইছে। শাকিবাই ছ’চিয়েল মিডিয়াত লিখিছে— ‘কলম্বিয়াৰ নাৰীক সন্মান দিয়াৰ কাৰণে মই খুবেই সুখী।’

0Shares

Leave a Comment

‘ কা ‘ ৰ প্ৰভাৱ অসমত নপৰে, এতিয়ালৈকে এজনেও আবেদন কৰা নাই অসম বিকাশ যাত্ৰা, হোজাই আৰু ধুবুৰীত মুঠ ৩৯৫ আৰু ৩০৮ কোটি টকা ব্যয় কৰাৰ চৰকাৰৰ পৰিকল্পনা অৰুণাচলত নিৰ্মাণ কৰা হ’ব ফ্ৰণ্টিয়াৰ হাইৱে মালদ্বীপৰ পৰা ভাৰতীয় সৈন্যৰ প্ৰত্যাহাৰ আৰম্ভ অসম বিকাশ যাত্ৰা BJP ৰ নতুন প্ৰকল্পৰ উদ্বোধন, কিমান টকা ব্যয় কৰাৰ পৰিকল্পনা।