ৰাশিফল বুধবাৰ, ২৮ ডিচেম্বৰ আজিৰ দিনটোৰ

আপোনাৰ আজিৰ দিনটো

বৃহস্পতিবাৰ, ২৮ ডিচেম্বৰ, ১১ পুহ, ১৪ জমা চানি। শ্ৰীশ্ৰীশংকৰাব্দ ৫৭৫, শকাব্দ ১৯৪৫, খ্রীষ্টাব্দ ২০২৩। আজি জন্ম হ’লে ৰাশি মিথুন। তিথি কৃষ্ণা দ্বিতীয়া। নক্ষত্র পুনর্বসু। আজি মৃত্যু হ’লে দোষ পুঃকৰ | তিনি পাদ। শুভ কৰ্মৰ বাবে প্রশস্ত সময় দিনৰ ৬/১১ৰ পৰা ৭/৩৫ লৈ। সূর্যোদয় ৬/১১, সূর্যাস্ত ৪/৩৩। দ্বিতীয়া তিথিত তিতা ভেকুৰী অভক্ষ।

মেঘ ৰাশি

ৰাশিৰ আদ্যাক্ষৰ অ, ল। শুভ কাৰক গ্রহ মঙল, ৰবি । শুভ সংখ্যা ১, ৯। শুভ ৰং সোণালী। ধর্মীয় কৰ্মত মনোযোগ বাঢ়িব। আর্থিক উন্নতিৰ মৃদু যোগ। সম্ভৱস্থলত ভ্ৰমণৰ যো- জা। ভ্রাতৃ বা ভ্রাতৃসম ব্যক্তিৰ পৰা যথেষ্ট সহায়-সহযোগ পাব।

বৃষ ৰাশি

ৰাশিৰ আদ্যাক্ষৰ ই, উ, ব। শুভ কাৰক গ্রহ শুক্র, চন্দ্ৰ। শুভ সংখ্যা ২, ৬। শুভ ৰং জেতুকা বুলীয়া। বুদ্ধিমত্তা প্রকাশ পাব। মন উন্নত। ব্যৱসায়ত শুভ আৰু আকাংক্ষা বাঢ়িব। মান- মর্যাদা পাব।

মিথুন ৰাশি

ৰাশিৰ আদ্যাক্ষৰ ক, ছ, ঘ। শুভ কাৰক গ্রহ বুধ, ৰবি । শুভ সংখ্যা ১, ৫। শুভ ৰং অপৰাজিতা নীলা। আধ্যাত্মিক চিন্তা-চৰ্চা কৰি ভাল পাব। পুৰণা দিনৰ কথা মনলৈ আহিব। ৰাশিৰ কেন্দ্ৰত পাঁচোটা গ্রহ থকাত আহিব লগা বহু সমস্যা সহজে সমাধা কৰিব পাৰিব ।

কৰ্কট ৰাশি

ৰাশিৰ আদ্যাক্ষৰ ড, হ। শুভ কাৰক গ্ৰহ চন্দ্ৰ, বৃহস্পতি। | শুভ সংখ্যা ২, ৩। শুভ ৰং সেউজীয়া। প্রবাসত থকা সন্তানৰ পৰা সুখবৰ পাব। ভ্ৰমণৰ যো-জা হ’ব পাৰে। দাম্পত্য জীৱন উন্নত নাপাব। স্বাস্থ্যৰ প্ৰতি চকু ৰাখক ।

সিংহ ৰাশি

ৰাশিৰ আদ্যাক্ষৰ ম, ট। শুভ কাৰক গ্ৰহ ৰবি, মঙল। শুভ সংখ্যা ১, ৯। শুভ ৰং হালধীয়া। পাৰিবাৰিক জীৱনত এটা নহয় এটা আমনি থাকিব। ফুৰা-চকাত সাৱধান হ’ব, আকস্মিকভাৱে দুখ-চুখ পাব পাৰে। বন্ধু-বান্ধৱ, শুভাকাংক্ষীৰ আগমন হ’ব।

কন্যা ৰাশি

ৰাশিৰ আদ্যাক্ষৰ প, ঠ। শুভ কাৰক গ্রহ বুধ, শনি । শুভ সংখ্যা ৫, ৭। শুভ ৰং বগা। ভ্ৰমণৰ যো-জা । আনৰ হিত সাধি ভাল পাব। সামাজিক প্রতিপত্তি, মান-মর্যাদা অটুট থাকিব। কর্মস্থানত থকা শত্ৰুৰ প্ৰভাৱ আঁতৰিব।

তুলা ৰাশি

ৰাশিৰ আদ্যাক্ষৰ ৰ, ত। শুভ কাৰক গ্রহ শুক্র, শনি। শুভ সংখ্যা ৬, ৭। শুভ ৰং নীলা। ভবা মতে কামবিলাক হৈ নুঠাত মন দুর্বল পাব। নিজৰ মততে লাগি নাথাকি আনৰ মতামতকো বিবেচনা কৰক। সৰু-বৰ সকলোৰে লগত সদ্ভাৱ- সম্প্রীতি বজাই ৰাখি চলিব পাৰিব।

বৃশ্চিক ৰাশি

ৰাশিৰ আদ্যাক্ষৰ ন, য। শুভ কাৰক গ্ৰহ মঙল, ৰবি । শুভ সংখ্যা ১, ৯। শুভ ৰং বেঙুনীয়া। দিনটো আগুৱাই যোৱাৰ লগে লগে ক্রমে মনটোও ফৰকাল পাব। আৰ্থিকত দুর্বল। পিতৃ-মাতৃৰ আশিস লৈ কামত আগবাঢ়ক, সফল হ’ব।

ধনু ৰাশি

ৰাশিৰ আদ্যাক্ষৰ ধ, ফ, ভ। শুভ কাৰক গ্রহ বৃহস্পতি, চন্দ্ৰ। শুভ সংখ্যা ২,৩। শুভ ৰং ৰঙা। ব্যৱসায়তপ্ৰচুৰ উন্নতি। কর্ম ক্ষেত্ৰত উৎসাহ-উদ্দীপনা থাকিব। পাৰিবাৰিক জীৱন সুখ-শান্তিময়। প্রেম-প্রীতি লাভ। স্বাস্থ্য প্রায় ভালেই। |

মকৰ ৰাশি

ৰাশিৰ আদ্যাক্ষৰ খ, জ। শুভ কাৰক গ্রহ মঙল, ৰবি। শুভ সংখ্যা ১, ৯। শুভ ৰং ক’লা। স্বাস্থ্যৰ প্ৰতি চকু ৰাখক ৷ কোনোৱে দাঁত বা মুখৰ অসুখত ভুগিব পাৰে। আর্থিক সমস্যাইও আমনি দিব। কোনো কামৰ বাবে পৰ্যাপ্ত ধনৰ অভাৱ হোৱাত | ধাৰ ঋণ কৰিব লগা হ’ব পাৰে। আনহাতে শত্ৰুৰ প্রভাৱ দেখায়।

কুম্ভ ৰাশি

ৰাশিৰ আদ্যাক্ষৰ গ, শ, স । শুভ কাৰক গ্রহ শুক্র, শনি। শুভ সংখ্যা ৬, ৭ । শুভ ৰং কমলা। দিনটো ভালেই যাব। প্রায় কর্মতে সুফল পাব। সংগীত, নৃত্য, নাটক আদি কলাত প্ৰশংসা লাভ। এলাহ ভাবক প্রশ্রয় নিদিব। অস্থিৰ চিন্তা আৰু বিষণ্ণ ভাব এৰাই চলক।

মীন ৰাশি

ৰাশিৰ আদ্যাক্ষৰ দ, চ। শুভ কাৰক গ্রহ বৃহস্পতি, চন্দ্র। শুভ সংখ্যা ২, ৩, ৬। শুভ ৰং গেৰুৱা। শনি শুভ ভাবত নাই যদি বহুত সমস্যাৰ সন্মুখীন হ’ব লগা হ’ব পাৰে। অবাঞ্ছিত খৰচ। অৱশ্যে কৰ্মক্ষেত্ৰত প্ৰেৰণা পাব।

জ্যোতিষী, হস্তরেখাবিদ ড° অনিল নেওগ

0Shares

Leave a Comment

‘ কা ‘ ৰ প্ৰভাৱ অসমত নপৰে, এতিয়ালৈকে এজনেও আবেদন কৰা নাই অসম বিকাশ যাত্ৰা, হোজাই আৰু ধুবুৰীত মুঠ ৩৯৫ আৰু ৩০৮ কোটি টকা ব্যয় কৰাৰ চৰকাৰৰ পৰিকল্পনা অৰুণাচলত নিৰ্মাণ কৰা হ’ব ফ্ৰণ্টিয়াৰ হাইৱে মালদ্বীপৰ পৰা ভাৰতীয় সৈন্যৰ প্ৰত্যাহাৰ আৰম্ভ অসম বিকাশ যাত্ৰা BJP ৰ নতুন প্ৰকল্পৰ উদ্বোধন, কিমান টকা ব্যয় কৰাৰ পৰিকল্পনা।