প্রথম ইনিংছত দঃ আফ্ৰিকাৰ অগ্ৰগতি

প্রথম টেষ্ট : ৰাহুলৰ শতৰানেৰে ভাৰতৰ ২৪৫ ৰান

ভাৰতৰ লোকেশ ৰাহুলৰ দুৰন্ত শতবান সত্ত্বেও দক্ষিণ আফ্রিকাই প্রথম টেষ্টত নিয়ন্ত্রণ প্রতিষ্ঠা কৰিছে।

ভাৰতৰ ২৪৫ ৰানৰ প্ৰত্যুত্তৰত দক্ষিণ আফ্রিকাই ডীন এলগাৰৰ অবিজিত ১৪০ ৰানৰ সহায়ত আজি দ্বিতীয় দিনা সামৰণিৰ পৰলৈকে খেলি ৫টা উইকেট হেৰুৱাই প্ৰথম ইনিংছত সংগ্ৰহ কৰিছে ২৫৬ ৰান।

অপৈনাৰ এইডেন মার্কাম ৫ ৰানতে আউট হ’লেও এলগাৰ আৰু টনী ডে জৰ্জীয়ে (২৮) দলীয় বিপর্যয় ৰোধ কৰে।

আনহাতে অগা-পিছাকৈ টনী আৰু কীগান পিটাৰছেন (২) আউট হ’লেও ডেভিদ বেডিংহাম (৫৬)ৰে মিলি এলগাৰে দলৰ স্থিতি মজবুত কৰে।

কাইল ভেবিন ৪ বানত আউট হোৱাৰ পাছত মার্কো জনছনে ব্যক্তিগত ৩ ৰানত এলগাৰৰ সৈতে বেটিং কৰি আছে৷ ভাৰতৰ যশপ্রীত বুমৰাহ আৰু মহম্মদ ছিবাজে দুটাকৈ আৰু প্ৰসিদ্ধ কৃষ্ণ‍ই লাভ কৰিছে ১টা উইকেট।

ইয়াৰ আগেয়ে ভাৰতে আগদিনাৰ স্ক’ৰ ৮ উইকেটত ২০৮ ৰানৰ পৰা খেলি ২৪৫ বানত প্ৰথম ইনিংছ সামৰে।

ৰাহুলে প্ৰথম দিনৰ স্ক’ৰ ৭০ ৰানৰ পৰা খেল আৰম্ভ কৰি আজি ১০১ ৰানত ফ্রিজ এৰে।

অন্তিম বেটছমেনৰ ৰূপত আউট হোৱাৰ আগেয়ে ৰাহুলে ১৩৭টা বলত শতকীয় ইনিংছটো সজায় ১৪টা চাৰি আৰু ৪টা ছয়েবে।

0Shares

Leave a Comment

‘ কা ‘ ৰ প্ৰভাৱ অসমত নপৰে, এতিয়ালৈকে এজনেও আবেদন কৰা নাই অসম বিকাশ যাত্ৰা, হোজাই আৰু ধুবুৰীত মুঠ ৩৯৫ আৰু ৩০৮ কোটি টকা ব্যয় কৰাৰ চৰকাৰৰ পৰিকল্পনা অৰুণাচলত নিৰ্মাণ কৰা হ’ব ফ্ৰণ্টিয়াৰ হাইৱে মালদ্বীপৰ পৰা ভাৰতীয় সৈন্যৰ প্ৰত্যাহাৰ আৰম্ভ অসম বিকাশ যাত্ৰা BJP ৰ নতুন প্ৰকল্পৰ উদ্বোধন, কিমান টকা ব্যয় কৰাৰ পৰিকল্পনা।