ৰাশিফল বুধবাৰ, ২৭ ডিচেম্বৰ আজিৰ দিনটোৰ

বুধবাৰ, ২৭ ডিচেম্বৰ, ১০ পুহ, ১৩ জমা চানি। শ্ৰীশ্ৰীশংকৰাব্দ ৫৭৫, শকাব্দ ১৯৪৫, খ্রীষ্টাব্দ ২০২৩। আজি জন্ম হ’লে ৰাশি মিথুন। তিথি কৃষ্ণা প্রতিপদ। নক্ষত্র আদ্রা । আজি মৃত্যু হ’লে দোষ পুঃকৰ নাই। শুভ | কৰ্মৰ বাবে প্রশস্ত সময় দিনৰ ৭/৩৫ৰ পৰা ৮/১৭লৈ। সূর্যোদয় ৬/১১, সূর্যাস্ত ৪/৩২। প্রতিপদ তিথিত কোমাৰা অভক্ষ।

মেঘ ৰাশি

ৰাশিৰ আদ্যাক্ষৰ অ, ল। শুভ কাৰক গ্ৰহ মঙল, ৰবি । শুভ সংখ্যা ১, ৯। শুভ ৰং সেউজীয়া । কর্মক্ষেত্ৰত সকলোৰে প্রিয়পাত্ৰ হোৱাৰ উপৰি মান-মর্যাদাও পাব। ব্যৱসায়ত শুভ যদিও অংশীদাৰী ব্যৱসায়ত সাৱধানে আগবাঢ়ক। স্বাস্থ্যৰ প্ৰতি অৱহেলা নকৰিব।

বৃষ ৰাশি

ৰাশিৰ আদ্যাক্ষৰ ই, উ, ব। শুভ কাৰক গ্রহ শুক্র, চন্দ্ৰ। শুভ সংখ্যা ২, ৬। শুভ ৰং হালধীয়া। যিকোনো ফালৰ পৰা আৰ্থিক উন্নতিৰ যোগ। সন্তান প্রীতি বাঢ়িব। দাম্পত্য জীৱন সুখৰেই। কোনো ভুগি থকা সমস্যা সমাধানৰ সংকেত লাভ কৰিব।

মিথুন ৰাশি

ৰাশিৰ আদ্যাক্ষৰ ক, ছ, ঘ। শুভ কাৰক গ্রহ বুধ, ৰবি। শুভ সংখ্যা ১, ৫। শুভ ৰং বগা। স্বাস্থ্য খুব উন্নত নাপাব। কোনোৱে স্বাস্থ্যক লৈ চিন্তিত হ’ব পাৰে। ঘৰুৱা জীৱন গতানুগতিক। যোগাযোগত শুভ।

কৰ্কট ৰাশি

ৰাশিৰ আদ্যাক্ষৰ ড, হ। শুভ কাৰক গ্ৰহ চন্দ্ৰ, বৃহস্পতি। শুভ সংখ্যা ২, ৩। শুভ ৰং নীলা। বিভিন্ন সমস্যাই জুমুৰি দি ধৰিলেও আপুনি বিচক্ষণ বুদ্ধিৰে সেইবোৰ সহজে চম্ভালি ল’ব পাৰিব। প্ৰেম-প্ৰীতিত শুভ। সন্তানৰ কৃতিত্বই সুখী কৰিব। বিদ্যা-বুদ্ধিত শুভ।

সিংহ ৰাশি

ৰাশিৰ আদ্যাক্ষৰ ম, ট। শুভ কাৰক গ্ৰহ ৰবি, মঙল। শুভ সংখ্যা ১, ৯। শুভ ৰং বেঙুনীয়া। আপোনাৰ গাত সুপ্ত | হৈ থকা পাণ্ডিত্য প্ৰতিভাৰ স্ফূৰণ ঘটিব। স্থাৱৰ বা অস্থাৱৰ সম্পত্তি লোৱাৰ পৰিকল্পনা সফল হোৱাৰ বাটত। চঞ্চল ভাবক প্রশ্রয় দিব। মন আন দিনাতকৈ উন্নত।

কন্যা ৰাশি

ৰাশিৰ আদ্যাক্ষৰ প, ঠ। শুভ কাৰক গ্ৰহ বুধ, শনি। শুভ সংখ্যা ৫, ৭। শুভ ৰং ৰঙা। স্বাস্থ্য প্রায় ভালেই। পাৰিবাৰিক জীৱনত কিছু জটিলতা থাকিব। মাজে মাজে মনলৈ হতাশ ভাব আহিব পাৰে।

তুলা ৰাশি

ৰাশিৰ আদ্যাক্ষৰ ৰ, ত। শুভ কাৰক গ্রহ শুক্র, শনি। শুভ সংখ্যা ৬, ৭। শুভ ৰং ক’লা। কল্পনা কৰি ভাল পাব। লেখক-লেখিকাৰ বাবে উন্নত দিন। পাৰিবাৰিক জীৱন সুখ- শান্তিময়। প্রাপ্যাদিত শুভ।

বৃশ্চিক ৰাশি

ৰাশিৰ আদ্যাক্ষৰ ন, য। শুভ কাৰক গ্ৰহ মঙল, ৰবি। শুভ সংখ্যা ১, ৯। শুভ ৰং কমলা। শৰীৰ প্ৰায় ভালেই। ধৰ্মীয় কর্মত মনোযোগ বাঢ়িব। সামাজিক প্রতিপত্তি অটুট থাকিব। আপোনাৰ গাত থকা বিশেষ গুণ এটাৰ বাবে জনপ্রিয় হ’ব।

ধনু ৰাশি

ৰাশিৰ আদ্যাক্ষৰ ধ, ফ, ভ। শুভ কাৰক গ্রহ বৃহস্পতি, চন্দ্র। শুভ সংখ্যা ২, ৩। শুভ ৰং গেৰুৱা। স্বাস্থ্য মজলীয়া। আর্থিক সমস্যাই বহু কামৰ অগ্ৰগতিত বাধা দিব। প্রাপ্যাদিত বাধা। অসৎ ব্যক্তিৰ প্ৰৰোচনাত পৰিব পাৰে ।

মকৰ ৰাশি

ৰাশিৰ আদ্যাক্ষৰ খ, জ। শুভ কাৰক গ্রহ মঙল, শনি। শুভ সংখ্যা ৭, ৯। শুভ ৰং মুগা। কথা-বাৰ্তাত বুদ্ধিমত্তা প্রকাশ । মুখৰ বলতে যিকোনো জটিল সমস্যা সহজে জিনি আহিব পাৰিব। আর্থিক উন্নতিৰ মৃদু যোগ।

কুম্ভ ৰাশি

ৰাশিৰ আদ্যাক্ষৰ গ, শ, স । শুভ কাৰক গ্রহ শনি, শুক্র। শুভ সংখ্যা ৬, ৭। শুভ ৰং কফি। ব্যৱসায়ত, বিশেষকৈ খনিজ বা ভূমিজাত দ্ৰব্যৰ ব্যৱসায়ত প্ৰচুৰ উন্নতি। আপোনাৰ উন্নতিত বিপৰীত লিংগৰ পৰা সহায়-সাৰথি পাব। কোনোৱে ঋতগত অসুখত ভুগিব পাৰে।

মীন ৰাশি

ৰাশিৰ আদ্যাক্ষৰ দ, চ। শুভ কাৰক গ্রহ বৃহস্পতি, শুক্র। শুভ সংখ্যা ৩, ৬। শুভ ৰং গুলপীয়া। মান-মর্যাদা পাব। ধর্মীয় মনোভাব বৃদ্ধি পাব। কৰ্মত সততা আৰু নিষ্ঠা থাকিব। ভ্ৰমণ হ’ব পাৰে। নিজৰ প্ৰচেষ্টাৰে কৰা যিকোনো কামতে সুফল পাব। আর্থিক উন্নতি।

জ্যোতিষী, হস্তৰেখাবিদ ড° অনিল নেওগ

0Shares

Leave a Comment

‘ কা ‘ ৰ প্ৰভাৱ অসমত নপৰে, এতিয়ালৈকে এজনেও আবেদন কৰা নাই অসম বিকাশ যাত্ৰা, হোজাই আৰু ধুবুৰীত মুঠ ৩৯৫ আৰু ৩০৮ কোটি টকা ব্যয় কৰাৰ চৰকাৰৰ পৰিকল্পনা অৰুণাচলত নিৰ্মাণ কৰা হ’ব ফ্ৰণ্টিয়াৰ হাইৱে মালদ্বীপৰ পৰা ভাৰতীয় সৈন্যৰ প্ৰত্যাহাৰ আৰম্ভ অসম বিকাশ যাত্ৰা BJP ৰ নতুন প্ৰকল্পৰ উদ্বোধন, কিমান টকা ব্যয় কৰাৰ পৰিকল্পনা।