কনৌজত আৰক্ষীৰ ওপৰত অপৰাধীৰ গুলীচলনা, চিপাহী নিহত

এনকাউণ্টাৰৰ জৰিয়তে অপৰাধী আৰু পুত্ৰক গ্ৰেপ্তাৰ

কনৌজ, ২৬ ডিচেম্বৰ : উত্তৰ প্ৰদেশৰ কনৌজত অশোক যাদৱ ওৰফে মুন্না নামৰ এজন অপৰাধীক ধৰিবলৈ যোৱা আৰক্ষীৰ এটা দলৰ ওপৰত সোমবাৰে সন্ধিয়া গুলীচালনা হোৱাৰ ফলত এজন আৰক্ষীয়ে প্রাণ হেৰুৱায়।

আৰক্ষীৰ দলটোৱে অপৰাধীজনৰ ঘৰৰ বাহিৰত উপস্থিত হোৱাৰ লগে লগে অপৰাধীজন আৰু তেওঁৰ গেঙে আৰক্ষীৰ ওপৰত গুলীচালনা কৰিবলৈ আৰম্ভ কৰে।

হঠাতে এনেদৰে গুলী চলাত আৰক্ষীৰ দলটোৱে প্ৰাণৰক্ষাৰ বাবে চেষ্টা চলায়। কিন্তু চিপাহী শচীন ৰাঠিৰ গাত চিপাহী শচীন আৰু অপৰাধী অশোক যাদৱ গুলী লাগে।

তেওঁক লগে লগে হাস্পতাললৈ প্ৰেৰণ কৰা হয়। কিন্তু হাস্পতালত চিকিৎসা চলি থকাৰ সময়তে তেওঁৰ মৃত্যু হয়।

ডেকা চিপাহীজনৰ মৃত্যুত পৰিয়ালৰ মাজত শোকৰ ছাঁ পৰে। অপৰাধীজনে তেওঁৰ গেঙৰ সৈতে আৰক্ষীৰ ওপৰত আক্ৰমণ চলোৱাৰ পাছতে আৰু অধিক আৰক্ষীৰ দল উপস্থিত হয়গৈ আৰু অভিযান আৰম্ভ কৰে।

আৰক্ষীৰ জোৰদাৰ অভিযানত অপৰাধী অশোক যাদৱ ওৰফে মুন্না আৰু তেওঁৰ পুত্ৰৰ ভৰিত গুলী লাগে। ফলত দুয়োকে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি হাস্পতালত ভৰ্তি কৰে।

উল্লেখ্য, সোমবাৰে সন্ধিয়া প্ৰায় চাৰে পাঁচমান বজাত বিশুনগড় থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পাল চৌধুৰীয়ে আৰক্ষীৰ দলক লৈ এই অভিযান চলাইছিল। তেতিয়াই এই ঘটনা সংঘটিত হয়।

0Shares

Leave a Comment

‘ কা ‘ ৰ প্ৰভাৱ অসমত নপৰে, এতিয়ালৈকে এজনেও আবেদন কৰা নাই অসম বিকাশ যাত্ৰা, হোজাই আৰু ধুবুৰীত মুঠ ৩৯৫ আৰু ৩০৮ কোটি টকা ব্যয় কৰাৰ চৰকাৰৰ পৰিকল্পনা অৰুণাচলত নিৰ্মাণ কৰা হ’ব ফ্ৰণ্টিয়াৰ হাইৱে মালদ্বীপৰ পৰা ভাৰতীয় সৈন্যৰ প্ৰত্যাহাৰ আৰম্ভ অসম বিকাশ যাত্ৰা BJP ৰ নতুন প্ৰকল্পৰ উদ্বোধন, কিমান টকা ব্যয় কৰাৰ পৰিকল্পনা।