কাৰৰ ওপৰতে পৰিল ট্ৰাক, এটা পৰিয়ালৰে ৪ জন নিহত

গুনা, ২৬ ডিচেম্বৰঃ মধ্য প্ৰদেশৰ গুনাত মঙলবাৰে পুৱা সংঘটিত হয় এটা শোকাৱহ দুর্ঘটনা।

প্রচণ্ড ঠাণ্ডা আৰু কুঁৱলীয়ে ঢকা ৰাষ্ট্ৰীয় ঘাইপথত সামগ্ৰীভর্তি এখন ট্রাকে অভাৰটেক কৰিবলৈ লওঁতেই নিয়ন্ত্ৰণ হেৰুৱাই এখন সৰু গাড়ীৰ ওপৰতে বাগৰি পৰাৰ ফলত গাড়ীত থকা চাৰিজন লোকে প্ৰাণ হেৰুৱায় আৰু দুজন আহত হয়।

এই লোককেইজন আছিল এটা পৰিয়ালৰে। যাৰ ফলত পৰিয়ালটোত গভীৰ শোকৰ ছাঁ পৰিছে।

গুৰুতৰভাৱে আহত লোকজনক চিকিৎসালয়ত ভর্তি কৰোৱা হৈছে। এই পৰিয়ালটো আছিল ৰাজগড় জিলাৰ।

তেওঁলোকে নিজৰ গাড়ীৰে এফালে গৈ আছিল। কিন্তু গুনা জিলাৰ গাধাৰ ৪৬ নং ৰাষ্ট্ৰীয় ঘাইপথত শোকাৱহ দুৰ্ঘটনাটোৰ সন্মুখীন হয়। নিহত চাৰিজন হৈছে পতি-পত্নী আৰু তেওঁলোকৰ দুই কন্যা সন্তান।

0Shares

Leave a Comment

‘ কা ‘ ৰ প্ৰভাৱ অসমত নপৰে, এতিয়ালৈকে এজনেও আবেদন কৰা নাই অসম বিকাশ যাত্ৰা, হোজাই আৰু ধুবুৰীত মুঠ ৩৯৫ আৰু ৩০৮ কোটি টকা ব্যয় কৰাৰ চৰকাৰৰ পৰিকল্পনা অৰুণাচলত নিৰ্মাণ কৰা হ’ব ফ্ৰণ্টিয়াৰ হাইৱে মালদ্বীপৰ পৰা ভাৰতীয় সৈন্যৰ প্ৰত্যাহাৰ আৰম্ভ অসম বিকাশ যাত্ৰা BJP ৰ নতুন প্ৰকল্পৰ উদ্বোধন, কিমান টকা ব্যয় কৰাৰ পৰিকল্পনা।