চেঞ্চৰ হ’ল অসমীয়া ছবি ‘কুঁহিৰ’

কুঁহি

এঞ্জেলছ ফিল্মচ আৰু হাইভ ষ্টুডিঅ’ৰ বেনাৰত জনপ্ৰিয় পৰিচালক লর্ড দাসৰ পৰিচালনা, কলাশ্রী ড° নিখিলেশ বৰুৱা প্ৰযোজনা আৰু সমাজসেৱক গকুল বনিয়াৰ সহ-প্রযোজনাৰে নিৰ্মাণ কৰা অসমীয়া ছবি কুঁহিৰ চেঞ্চৰ অলপতে সম্পন্ন হয়।

ছবিখন চহৰৰ দাঁতি কাষৰীয়া দুখন গাঁৱৰ গাঁৱলীয়া সমাজ জীৱনৰ পটভূমিত নিৰ্মাণ কৰা হৈছে। ১১ জানুৱাৰীত ছবিখনৰ এক বিশেষ দর্শনীৰো আয়োজন কৰা হৈছে বুলি জানিব পৰা গৈছে। ছবিখনৰ সংগীত পৰিচালনা মানস ( মিকু ),

কণ্ঠশিল্পীৰূপে আছে ৰক্তিম দত্ত, দীক্ষিতা দাস, গীতিকাৰ সুৰজিত শৰ্মা, আবহ সংগীত কলাক্ষেত্ৰৰ কবীন্দ্র দাস সহযোগী উদ্দিপ্ত শর্মা, সম্পাদনা ৰিতুৰঞ্জন হাতিমুৰীয়াৰ, কেমেৰা প্রসেনজিৎ আৰু অমৰৰ পোহৰ পুলক, সুশান্ত, পুলিনৰ।

ছবিখনত অভিনয় কৰিছে ক্ৰমে — চেতনা দাস, ভাৰ্গৱ কটকী, পার্থির প্রিয়ানুজ, রূপম শৰ্মা, পীয়া বৰুৱা, মুন বৰা, আদিপ্ৰিয়া বনিয়া, চন্দ্ৰামিকা শৰ্মা, লিপিকা, উপাসনা ভৰদ্বাজ, নিপম কলিতা, আশুতোষ ৰাজ প্ৰীতম, আৰক্ষী বিষয়া গৰ্গেশ্বৰ দাস, ভবেন্দ্র দেব গোস্বামী, মন ময়ূৰী শ‍ইকীয়া, মামণি দাস ড° নিখিলেশ বৰুৱা, দীক্ষিতা আদি।

ছবিখনৰ গীত দুটি চেৰাপুঞ্জীৰ মনোৰম লোকেচন আৰু এখন মনোৰম ৰিজৰ্ট’ত কৰা হৈছে বুলি পৰিচালক লৰ্ড দাসে জনাইছে। শীঘ্ৰে ছবিখন চিত্রগৃহত মুক্তি পাব বুলি প্রযোজকে জনাইছে।

0Shares

Leave a Comment

‘ কা ‘ ৰ প্ৰভাৱ অসমত নপৰে, এতিয়ালৈকে এজনেও আবেদন কৰা নাই অসম বিকাশ যাত্ৰা, হোজাই আৰু ধুবুৰীত মুঠ ৩৯৫ আৰু ৩০৮ কোটি টকা ব্যয় কৰাৰ চৰকাৰৰ পৰিকল্পনা অৰুণাচলত নিৰ্মাণ কৰা হ’ব ফ্ৰণ্টিয়াৰ হাইৱে মালদ্বীপৰ পৰা ভাৰতীয় সৈন্যৰ প্ৰত্যাহাৰ আৰম্ভ অসম বিকাশ যাত্ৰা BJP ৰ নতুন প্ৰকল্পৰ উদ্বোধন, কিমান টকা ব্যয় কৰাৰ পৰিকল্পনা।