আজি অন্তিম টি-২০ ভাৰতৰ লক্ষ্য ক্লীন ছুইপ

টি-২০

আফগানিস্তানৰ বিৰুদ্ধে ইতিমধ্যে টি-টুরেন্টী শৃংখলা হস্তগত কৰিছে ভাৰতীয় ক্রিকেট দলে। দ্বিতীয় টি-টুৱেন্টীত জয়ৰ পাছত শৃংখলাত ভাৰতৰ অগ্ৰগতি ২-০।

শৃংখলাৰ অন্তিম তথা তৃতীয় মেচত ভাৰত বুধবাৰে অৱতীৰ্ণ হ’ব চিন্নাস্বামী ষ্টেডিয়ামত। জয়ৰ ধাৰা অব্যাহত ৰাখি বুধবাৰে শৃংখলাত ক্লীন ছুইপ কৰায়েই প্রধান লক্ষ্য হ’ব ভাৰতৰ।

জুনত অনুষ্ঠিত হ’ব লগা টি- টুরেন্টী বিশ্বকাপৰ পূৰ্বে বুধবাৰে অন্তিম টি-টুরেন্টীত অৱতীৰ্ণ হ’ব ৰোহিত শৰ্মাৰ দল।

ম’হালি আৰু ইন্দোৰত অনুষ্ঠিত প্রথম দুখন টি-টুরেন্টীত ভাৰতীয় দলে আক্রমণাত্মক মনোভাৱেৰে খেলিছিল। প্রথম মেচত ১৭.৩ অভাৰত ১৫৯ ৰানৰ লক্ষ্যত উপনীত হৈছিল ভাৰত।

দ্বিতীয় মেচত ভাৰতে ১৫.৪ অভাৰত ১৭৩ ৰানৰ লক্ষ্যত উপনীত হৈছিল। ১৪ মাহৰ পাছত টি-টুৱেণ্টীলৈ প্ৰত্যাবৰ্ন ঘটা কোহলিয়ে দ্বিতীয় মেচত ১৬ টা বলত ২৯ ৰানৰ ইনিংছ খেলিছিল।

শিৱম ডুবেই প্রথম দুখন মেচত অর্ধশতক অৰ্জন কৰিছে। তেওঁৰ প্ৰদৰ্শনত টীম মেনেজমেন্টে বিচৰা দৰে আক্ৰমণাত্মক মনোভাৱ প্ৰতিফলিত হৈছে।

শেহতীয়া মেচত যশস্বী জয়ছোৱালেও খ্ৰগতিত ৰান সংগ্ৰহ কৰি অৰ্ধশতক অৰ্জন কৰিছিল। এনে সফলতা সত্ত্বেও অধিনায়ক ৰোহিত শর্মা শৃংখলাটোত ব্যৰ্থ হৈছে।

প্রথম দুয়োখন মেচতে ৰোহিত শূন্য ৰানত আউট হৈছে। কৌশলগত সালসলনি ঘটাই বুধবাৰৰ মেচখনত কুলদীপ যাদৱ আৰু অভেশ খানক দলত বিবেচনা কৰা হ’ব পাৰে।

কুলদীপ ৰবি বিষয় বা বাশিংটন সুন্দৰৰ স্থানত মূল একাদশত অন্তৰ্ভুক্ত হ’ব পাৰে। মুকেশ কুমাৰৰ স্থানত দলভুক্ত হ’ব পাৰে অভেশ ।

আনহাতে, প্রথম দুখন টি-টুৱেণ্টীত পৰাস্ত হোৱাৰ পাছত বুধবাৰে জয়েৰে শৃংখলা সামৰণি পোলোৱাৰ প্ৰয়াস চলাব আফগানিস্তানে।

সফল হ’বলৈ হ’লে ৰহমানউল্লা গুৰবাজৰ দৰে অপৈনাৰে দলক সন্তোকজনক আৰম্ভণি দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিব।

0Shares

Leave a Comment

‘ কা ‘ ৰ প্ৰভাৱ অসমত নপৰে, এতিয়ালৈকে এজনেও আবেদন কৰা নাই অসম বিকাশ যাত্ৰা, হোজাই আৰু ধুবুৰীত মুঠ ৩৯৫ আৰু ৩০৮ কোটি টকা ব্যয় কৰাৰ চৰকাৰৰ পৰিকল্পনা অৰুণাচলত নিৰ্মাণ কৰা হ’ব ফ্ৰণ্টিয়াৰ হাইৱে মালদ্বীপৰ পৰা ভাৰতীয় সৈন্যৰ প্ৰত্যাহাৰ আৰম্ভ অসম বিকাশ যাত্ৰা BJP ৰ নতুন প্ৰকল্পৰ উদ্বোধন, কিমান টকা ব্যয় কৰাৰ পৰিকল্পনা।