ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথম দুখন টেষ্টত নেখেলে ছামিয়ে

আঘাতৰ পৰা এতিয়াও সম্পূৰ্ণ সুস্থ হৈ উঠা নাই ভাৰতীয় বেগী বলাৰ মহম্মদ ছামি। সেয়েহে ইংলেণ্ডৰ বিৰুদ্ধে খেলিবলগীয়া আসন্ন শৃংখলাৰ প্ৰথম দুখন টেষ্টত অংশ ল’ব নোৱাৰিব পাৰে তাৰকা বলাৰ্জনে।

ইংলেণ্ডৰ বিৰুদ্ধে প্রথম টেষ্ট আৰম্ভ হ’ব ২৫ জানুৱাৰীৰ পৰা। কিন্তু গোৰোহাৰ আঘাতৰ পাছত ছামিয়ে এতিয়াও পুনৰ বলিং অনুশীলন আৰম্ভ কৰা নাই।

টেষ্ট শৃংখলাত ছামিৰ অংশ গ্ৰহণ নিৰ্ভৰ কৰিছে চিৎকিসা গ্ৰহণৰ পাছত তেওঁ কিমান সোনকালে সুস্থ হৈ উঠিছে তাৰ ওপৰত। কিন্তু দেখা গৈছে যে ছামিয়ে এতিয়াও তেওঁৰ ফিটনেছ প্রমাণ কৰিব পৰা নাই।

সংবাদ মাধ্যমত প্রকাশিত খবৰ অনুসৰি ছামিয়ে এতিয়াও বলিং আৰম্ভ কৰা নাই। নিজৰ ফিটনেছ প্ৰদৰ্শনৰ বাবে তেওঁ নেশ্বনেল ক্রিকেট একাডেমীলৈ (এন চি এ) যোৱাৰ প্ৰয়োজন হ’ব।

৩৩ বর্ষীয় বেগী বলাৰ্জনক দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধেও টেষ্ট দলত অন্তৰ্ভুক্ত কৰা হৈছিল। কিন্তু বি চি চি আইৰ মেডিকেল টীমে তেওঁক খেলাৰ অনুমতি নিদিলে।

ইংলেণ্ডৰ বিৰুদ্ধে পাঁচখনীয়া মেচৰ টেষ্ট শৃংখলাত বেগী বলাদ্বয় মহম্মদ ছিৰাজ আৰু যশপ্রীত বুমৰা যিহেতু দলত উপলবদ্ধ হ’ব সেয়ে ছামিৰ প্ৰত্যাৱৰ্তনৰ ক্ষেত্ৰত বি চি চি আয়ে কিছু সাবধনতা অৱলম্বন কৰাৰ সম্ভাৱনা আছে।

ঘৰুৱা পৰিৱেশত স্পিনে গুৰুত্বপূৰ্ণ ভূমিকা লোৱাৰ সম্ভাৱনা আছে। সেয়ে টীম মেনেজমেন্টে ছামিক দললৈ অনাৰ বাবে খৰখেদা কৰাৰ সম্ভাবনা

0Shares

Leave a Comment

‘ কা ‘ ৰ প্ৰভাৱ অসমত নপৰে, এতিয়ালৈকে এজনেও আবেদন কৰা নাই অসম বিকাশ যাত্ৰা, হোজাই আৰু ধুবুৰীত মুঠ ৩৯৫ আৰু ৩০৮ কোটি টকা ব্যয় কৰাৰ চৰকাৰৰ পৰিকল্পনা অৰুণাচলত নিৰ্মাণ কৰা হ’ব ফ্ৰণ্টিয়াৰ হাইৱে মালদ্বীপৰ পৰা ভাৰতীয় সৈন্যৰ প্ৰত্যাহাৰ আৰম্ভ অসম বিকাশ যাত্ৰা BJP ৰ নতুন প্ৰকল্পৰ উদ্বোধন, কিমান টকা ব্যয় কৰাৰ পৰিকল্পনা।