ৰঞ্জি ট্ৰফীত দ্বিতীয় দ্রুততম শতকৰ অভিলেখ ৰিয়ান পৰাগৰ

ছত্তীশগড়ৰ বিৰুদ্ধে অংশ লোৱা ৰঞ্জি ছীজনৰ প্রথমখন মেচত অসম পৰাস্ত হ’লেও মেচখনৰ দ্বিতীয় ইনিংছত কৰা প্ৰদৰ্শনেৰে অভিলেখ গঢ়িবলৈ সক্ষম হৈছে ৰিয়ান পৰাগে।

ৰায়পুৰত সোমবাৰে ৰঞ্জি ক্ৰিকেটৰ ইতিহাসত দ্বিতীয় দ্রুততম শতকটো অর্জন কৰে ৰিয়ানে।

ৰঞ্জি ক্রিকেটত দ্রুততম শতক অৰ্জনৰ তালিকাত শীৰ্ষত আছে উইকেটৰক্ষক-বেটাৰ ঋষভ পন্ট। 2016 চনৰ ৰঞ্জি ছীজনত ঝাৰখণ্ডৰ বিৰুদ্ধে দিল্লীৰ হৈ খেলি পণ্টে ৪৮ টা বলত শতক অৰ্জন কৰি অভিলেখ গঢ়িছিল।

সেই তালিকাত এতিয়া দ্বিতীয় স্থান লাভ কৰিলে অসমৰ প্ৰতিভাধৰ ক্ৰিকেটাৰ ৰিয়ান পৰাগে। এই তালিকাত ৰিয়ান পৰাগ তৃতীয় স্থানত আছে নমন ওঝা। মধ্য প্ৰদেশৰ ক্ৰিকেটাৰজনে ২০১৫ চনৰ ৰঞ্জি ট্ৰফীত কৰ্ণাটকৰ বিৰুদ্ধে ৬৯ ৰানত শতক অৰ্জন কৰিছিল। চতুর্থ স্থানত আছে একলব্য দ্বিবেদী।

তেওঁ উত্তৰ প্ৰদেশৰ হৈ ৰে’লৱেৰ বিৰুদ্ধে ৭২ বলত শতক অর্জন কৰিছিল। সোমবাৰে ছত্তীশগড়ৰ বিৰুদ্ধে বিয়ানে কৰা প্ৰদৰ্শনে দেশৰ সংবাদ পত্ৰত বিশেষ স্থান লাভ কৰিবলৈ সক্ষম হৈছে।

ছত্তীশগড়ৰ বিৰুদ্ধে মেচখনৰ চতুৰ্থ দিনা অসম দলৰ অধিনায়ক ৰিয়ানে ৫৬ বলত শতক অৰ্জন কৰি অভিলেখৰ পৃষ্ঠাত নাম লিখাবলৈ সক্ষম হয়। দ্বিতীয় ইনিংছত ৮৭ টা বলত ১৫৫ ৰান কৰি ৰিয়ান আউট হয়।

তেওঁৰ ইনিংছত আছিল ১১ টা চাৰি আৰু ১২ টা ছয়। ভাৰতীয় দলত উপেক্ষিত হৈ অহা খেলুৱৈজনে সোমবাৰৰ প্ৰদৰ্শনেৰে নিৰ্বাচকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈয়ো সক্ষম হয়।

0Shares

Leave a Comment

‘ কা ‘ ৰ প্ৰভাৱ অসমত নপৰে, এতিয়ালৈকে এজনেও আবেদন কৰা নাই অসম বিকাশ যাত্ৰা, হোজাই আৰু ধুবুৰীত মুঠ ৩৯৫ আৰু ৩০৮ কোটি টকা ব্যয় কৰাৰ চৰকাৰৰ পৰিকল্পনা অৰুণাচলত নিৰ্মাণ কৰা হ’ব ফ্ৰণ্টিয়াৰ হাইৱে মালদ্বীপৰ পৰা ভাৰতীয় সৈন্যৰ প্ৰত্যাহাৰ আৰম্ভ অসম বিকাশ যাত্ৰা BJP ৰ নতুন প্ৰকল্পৰ উদ্বোধন, কিমান টকা ব্যয় কৰাৰ পৰিকল্পনা।