অসমীয়া নতুন বছৰৰ ৰাশিফল 2024 || বুধবাৰ, ১৭ জানুৱাৰী

অসমীয়া নতুন বছৰৰ ৰাশিফল 2024

বুধবাৰ, ১৭ জানুৱাৰী, ২ মাঘ, ৫ ৰজৱ। শ্ৰীশ্ৰীশংকৰাব্দ ৫৭৫, শকাব্দ ১৯৪৫, খ্রীষ্টাব্দ ২০২৪ । আজি জন্ম হ’লে ৰাশি মীন । তিথি শুক্লা সপ্তমী। নক্ষত্ৰ উত্তৰ ভাদ্র পদ। আজি মৃত্যু হ’লে দোষ পুঃকৰ এক পাদ। শুভ কৰ্মৰ বাবে প্রশস্ত সময় দিনৰ ৯/৫০ৰ পৰা ১/১৮লৈ। সূর্যোদয় ৬/১৫, সূর্যাস্ত ৪/৪৮। সপ্তমীত তাল অভক্ষ। আজি শিল্পী দিৱস।

মেঘ : ৰাশিৰ আদ্যাক্ষৰ অ, ল। শুভ কাৰক গ্ৰহ মঙল, ৰবি । শুভ সংখ্যা ১, ৯। শুভ ৰং সোণালী। শৰীৰ প্ৰায় ভালেই। কৰ্মক্ষেত্ৰত আন্তৰিক সহায়-সহযোগ পাব। সন্তানৰ কৃতিত্ব‍ই সুখী কৰিব। ধর্মীয় অনুষ্ঠানত বা সামাজিক কামত যোগ দি ভাল পাব ।

বৃষ : ৰাশিৰ আদ্যাক্ষৰ ই, উ, ব। শুভ কাৰক গ্রহ শুক্র, চন্দ্ৰ। শুভ সংখ্যা ২, ৬। শুভ ৰং সেউজীয়া। শৰীৰ মোটামুটি ভালেই। পাৰিবাৰিক ক্ষেত্ৰত বুজাবুজি থাকিব। নতুন সা-সম্পত্তি লোৱাৰ | পৰিকল্পনা সফল হোৱাৰ পথত । কলা-সংস্কৃতিৰ প্ৰতি ৰাপ বাঢ়িব ।

মিথুন : ৰাশিৰ আদ্যাক্ষৰ ক, ছ, ঘ। শুভ কাৰক গ্রহ বুধ, ৰবি । শুভ সংখ্যা ১, ৫। শুভ ৰং হালধীয়া । আপোনাৰ ৰাশিৰ কেন্দ্ৰত ছটা গ্ৰহ আছে আৰু মংগল-বৃহস্পতি শুভ সংযোগ হৈছে, দিনটো ভাল ধৰণেই পাৰ হ’ব। ব্যৱসায়ত শুভ। প্রতিযোগিতামূলক কামত সফল হ’ব।

কৰ্কট : ৰাশিৰ আদ্যাক্ষৰ ড, হ। শুভ কাৰক গ্ৰহ চন্দ্ৰ, বৃহস্পতি। শুভ সংখ্যা ২, ৩। শুভ ৰং বগা। ৰাজনীতিত থকাসকলে নিজ প্রতিভা বিকাশৰ সুবিধা পাব। সংগীত, নৃত্য, নাটক আদি কলাত যোগ্যতা প্রকাশ। কাৰোবাক সততাৰে সহায় কৰিবলৈ যাওতে কোনোৱে সন্দেহৰ চকুৰেহে চাব।

সিংহ : ৰাশিৰ আদ্যাক্ষৰ ম, ট। শুভ কাৰক গ্ৰহ ৰবি, মঙল। শুভ সংখ্যা ১, ৯। শুভ ৰং নীলা। শৰীৰ মজলীয়া। কোনোৱে বিষ- বেদনাদিত ভুগিব পাৰে। ঘৰুৱা পৰিৱেশ শুভাশুভ মিশ্রিত । বিদ্যাৰ্থীৰ বহুমুখী প্রতিভা।

কন্যা ঃ ৰাশিৰ আদ্যাক্ষৰ প, ঠ। শুভ কাৰক গ্রহ বুধ, শনি । শুভ সংখ্যা ৫, ৭। শুভ ৰং বেঙুণীয়া। সা-সম্পত্তি লোৱাৰ | প্রস্তুতি। ৰাজহুৱা কামত ব্যস্ততা। বন্ধু-বান্ধৱ, ইষ্ট-কুটুম্বৰ লগত সদ্ভাৱ-সম্প্রীতি বৃদ্ধি পাব। সম্ভৱস্থলত ভ্ৰমণৰ যো-জা ।

তুলা : ৰাশিৰ আদ্যাক্ষৰ ৰ, ত। শুভ কাৰক গ্রহ শুক্র, শনি। শুভ সংখ্যা ৬, ৭। শুভ ৰং ৰঙা। সামাজিক কামৰ মাজেদি সমাজত সমাদৰ পাব। সংগীত, নৃত্য আদি কলাত পাৰদৰ্শিতা । ব্যৱসায়ত প্ৰচুৰ উন্নতি।

বৃশ্চিক : ৰাশিৰ আদ্যাক্ষৰ ন, য। শুভ কাৰক গ্ৰহ মঙল, ৰবি । শুভ সংখ্যা ১, ৯। স্বাস্থ্য আন দিনাতকৈ উন্নত । প্ৰৱাসত থকা সন্তানক লৈ কিছু চিন্তিত। শিল্পী, সাহিত্যিক তথা বুদ্ধিজীৱীৰ বাবে উন্নত দিন।

ধনু : ৰাশিৰ আদ্যাক্ষৰ ধ, ফ, ভ। শুভ কাৰক গ্রহ বৃহস্পতি, চন্দ্র। শুভ সংখ্যা ২, ৩। শুভ ৰং ক’লা। পুৰণা ৰোগগ্রস্তয়ো | কিছু সকাহ পাব। সন্তানৰ কৃতিত্বই মনত আনন্দ দিব। দাম্পত্যত সুখী। আপুনি হাতত লোৱা কামবিলাক ভাল ধৰণে আগুৱাই নিব পাৰিব।

মকৰ : ৰাশিৰ আদ্যাক্ষৰ খ, জ। শুভ কাৰক গ্রহ মঙল, ৰবি । শুভ সংখ্যা ১, ৯। শুভ ৰং কমলা। কোনোৱে ৰক্তচাপজনিত অসুখত ভুগিব পাৰে। বুদ্ধিজীৱীৰ সুখ্যাতি। খৰচৰ মাত্ৰা ঊর্ধ্বগতিত।

কুম্ভ : ৰাশিৰ আদ্যাক্ষৰ গ, শ, স। শুভ কাৰক গ্রহ শনি, শুক্র । শুভ সংখ্যা ৬, ৭ । শুভ ৰং গেৰুৱা । ৰাশিৰ কেন্দ্ৰত মাত্ৰ শনি। আনহাতে শনিৰ সাৰে সাত চলি থকাত বাধা-বিঘিনিৰ মাজেদিহে কৰ্মোন্নতি। শত্ৰুৰ প্ৰভাৱ থাকিলেও সংগীত, অভিনয় আদি কলাত সুনাম প্রাপ্তি।

মীন : ৰাশিৰ আদ্যাক্ষৰ দ, চ। শুভ কাৰক গ্রহ বৃহস্পতি, শুক্র। শুভ সংখ্যা ৩, ৬। শুভ ৰং মুগা। ৰাশিৰ কেন্দ্ৰত বিৰল । ছটা গ্রহ থকাৰ উপৰি শুভকাৰক উভয়চৰী যোগ, ষট শূন্য যোগ, ৰাশ্যাধিপতি আৰু মংগলৰ ক্ষেত্ৰ বিনিময় আদি শুভ যোগ থকাত দিনটো আশা কৰা মতেই ভাল ধৰণে পাৰ হ’ব। অৱশ্যে কাৰোবাৰ মনত মাজে মাজে হতাশ ভাব আহিব পাৰে ।

জ্যোতিষী, হস্তৰেখাবিদ ড° অনিল নেওগ

0Shares

Leave a Comment

‘ কা ‘ ৰ প্ৰভাৱ অসমত নপৰে, এতিয়ালৈকে এজনেও আবেদন কৰা নাই অসম বিকাশ যাত্ৰা, হোজাই আৰু ধুবুৰীত মুঠ ৩৯৫ আৰু ৩০৮ কোটি টকা ব্যয় কৰাৰ চৰকাৰৰ পৰিকল্পনা অৰুণাচলত নিৰ্মাণ কৰা হ’ব ফ্ৰণ্টিয়াৰ হাইৱে মালদ্বীপৰ পৰা ভাৰতীয় সৈন্যৰ প্ৰত্যাহাৰ আৰম্ভ অসম বিকাশ যাত্ৰা BJP ৰ নতুন প্ৰকল্পৰ উদ্বোধন, কিমান টকা ব্যয় কৰাৰ পৰিকল্পনা।