ৰাশিফল বুধবাৰ, ৫ জানুৱাৰী আজিৰ দিনটোৰ

শুকুৰবাৰ, ৫ জানুৱাৰী, ১৯ পুহ, ২২ জমা চানি। শ্ৰীশ্ৰীশংকৰাব্দ ৫৭৫, শকাব্দ ১৯৪৫, খ্রীষ্টাব্দ ২০২৪। আজি জন্ম হ’লে ৰাশি তুলা। তিথি কৃষ্ণা | নৱমী। নক্ষত্ৰ চিত্ৰা । আজি মৃত্যু হ’লে দোষ পুঃকৰ নাই। শুভ কৰ্মৰ বাবে প্রশস্ত সময় দিনৰ ৭/৩৮ৰ পৰা ৯/৪৭লৈ। সূর্যোদয় ৬/১৩,সূর্যাস্ত ৪/৩৯। নৱমী তিথিত লাও অভক্ষ।

মেঘ : ৰাশিৰ আদ্যাক্ষৰ অ, ল । শুভ কাৰক গ্ৰহ মঙল, ৰবি। শুভ সংখ্যা ১, ৯। শুভ ৰং বগা। তল খুঁচৰীয়াই প্ৰৰোচনামূলক কাম কৰি আপোনাৰ সুনাম বিনষ্ট কৰিবলৈ চেষ্টা কৰিব পাৰে। সম্ভৱস্থলত সংগ দোষত পৰি যাতে ঘৰুৱা জীৱনত অশান্তি বা নিজে অপদস্থ হ’ব লগা নহয়, সতর্ক থাকক ।

বৃষ ঃ ৰাশিৰ আদ্যাক্ষৰ ই, উ, ব। শুভ কাৰক গ্রহ শুক্র, চন্দ্ৰ। শুভ সংখ্যা ২, ৬। শুভ ৰং নীলা। শৰীৰ প্ৰায় ভালেই। বিদ্যা- বুদ্ধিতো বেয়া নহয়। চাকৰি প্ৰাৰ্থীয়ে কৰ্মসংস্থাপনৰ সুখবৰ পাব পাৰে। আর্থিক উন্নতিৰ মৃদু যোগ।

মিথুন ঃ ৰাশিৰ আদ্যাক্ষৰ ক, ছ, ঘ। শুভ কাৰক গ্ৰহ বুধ, ৰবি । শুভ সংখ্যা ১, ৫। শুভ ৰং বেঙুনীয়া । কয়লা, লোহা, চাহ আদি উদ্যোগত জড়িতসকলৰ বাবে শুভ। ব্যৱসায় বাণিজ্যত থকা সমস্যা সহজে সমাধা হ’ব। দাম্পত্য জীৱন গতানুগতিক।

কৰ্কট ঃ ৰাশিৰ আদ্যাক্ষ ড, হ। শুভ কাৰক গ্ৰহ চন্দ্ৰ, বৃহস্পতি। শুভ সংখ্যা ২,৩। শুভ ৰং ৰঙা। সৰু-সুৰা অসুখ হ’লেও তাক আওকাণ নকৰিব। ৰাজহুৱা কামত ব্যস্ততা বাঢ়িব। সংগীত, নৃত্য, নাটক, খেলা-ধূলা আদি কলাপ্রেমীৰ সুখ্যাতি।

সিংহঃ ৰাশিৰ আদ্যাক্ষৰ ম, ট। শুভ কাৰক গ্ৰহ ৰবি, মঙল। শুভ সংখ্যা ১, ৯। শুভ ৰং ক’লা । শৰীৰ আনদিনাতকৈ উন্নত পাব । ৰাজনীতিত জড়িতসকলৰ জনপ্ৰিয়তা বাঢ়িব পাৰিবাৰিক জীৱন সুখ-শান্তিৰে পাৰ হ’ব। য’তেই নাথাকক, বন্ধু-বান্ধৱৰ অভাৱ নহ’ব।

কন্যা ঃ ৰাশিৰ আদ্যাক্ষৰ প, ঠ। শুভ কাৰক গ্রহ শনি, বুধ। শুভ সংখ্যা ৫, ৭। শুভ ৰং কমলা। ব্যস্ততাৰে দিনটো পাৰ হ’ব। বিদ্যাৰ্থীৰ একাগ্ৰতা বাঢ়িব। যোগাযোগত শুভ। সামাজিক প্রতিপত্তি, মান-মর্যাদা পাব। ভ্রাতৃৰ উন্নতি আৰু ভ্ৰাতৃতুল্য ব্যক্তিৰ পৰা সহায়-সাথি লাভ।

তুলা : ৰাশিৰ আদ্যাক্ষৰ ৰ, ত। শুভ কাৰক গ্রহ শুক্র, শনি। শুভ সংখ্যা ৬, ৭। শুভ ৰং গেৰুৱা। মাতৃৰ আশিস লৈ সাহসেৰে কামত আগবাঢ়ক, সফল হ’ব। দাম্পত্যত সুখী। হোটেল, পেট্রল আদি পণ্য দ্ৰব্যৰ ব্যৱসায়ত প্ৰচুৰ উন্নতি ।

বৃশ্চিক ঃ ৰাশিৰ আদ্যাক্ষৰ ন, য। শুভ কাৰক গ্রহ মঙল, ৰবি। শুভ সংখ্যা ১, ৯। শুভ ৰং মুগা । শাৰীৰিক দিশত আমনি কম। পাৰিবাৰিক জীৱন আনদিনাতকৈ উন্নত। সম্ভৱস্থলত ভ্ৰমণৰ যো-জা ।

ধনু ঃ ৰাশিৰ আদ্যাক্ষৰ ধ, ফ, ভ। শুভ কাৰক গ্রহ বৃহস্পতি, চন্দ্ৰ। শুভ সংখ্যা ২,৩। শুভ ৰং কফি। স্বাস্থ্য মজলীয়া। কোনোৱে ৰক্তচাপজনিত অসুখত ভুগিব পাৰে। আপোনাৰ কাৰ্যদক্ষতাৰ গুণত যিকোনো কামতে সুফল পাবলৈ আশা কৰিব পাৰে। প্ৰেম- প্রীতিত জটিলতা।

মকৰ ঃ ৰাশিৰ আদ্যাক্ষৰ খ, জ। শুভ কাৰক গ্ৰহ মঙল, শনি। শুভসংখ্যা ৭, ৯। শুভ ৰং গুলপীয়া। শৰীৰ প্ৰায় ভালেই। কর্মক্ষেত্ৰত সহকৰ্মী তথা বন্ধু-বান্ধৱৰ পৰা সহায়-সহযোগ পাব। পাৰিবাৰিক জীৱন বুজাবুজিৰ মাজেৰে আগুৱাব। বিদ্যাৰ্থীৰ বহুমুখী প্রতিভা।

কুম্ভ ঃ ৰাশিৰ আদ্যাক্ষৰ গ, শ, স । শুভ কাৰক গ্রহ শনি, শুক্র। শুভ সংখ্যা ৬, ৭। শুভ ৰং সোণালী। ৰাজহুৱা কামত জড়িত থাকি ভাল পাব। দাম্পত্য জীৱন আনদিনাতকৈ উন্নত। কোনোৱে ভ্ৰমণৰ যো-জা কৰিব। ক্ষেত্রবিশেষে মান-মর্যাদা পাব।

মীন ঃ ৰাশিৰ আদ্যাক্ষৰ দ, চ । শুভ কাৰক গ্রহ বৃহস্পতি, চন্দ্র। শুভ সংখ্যা ২, ৩। শুভ ৰং জেতুকা বুলীয়া। কোনো কথাত লাগি কাৰোবাৰ লগত মনোমালিন্য হ’ব পাৰে। সন্মানহানিজনক পৰিস্থিতি এৰাই চলক । কৰ্মত উৎসাহ-উদ্দীপনা। ধর্মত মতি।

জ্যোতিষী, হস্তরেখাবিদ ড° অনিল নেওগ

0Shares

Leave a Comment

‘ কা ‘ ৰ প্ৰভাৱ অসমত নপৰে, এতিয়ালৈকে এজনেও আবেদন কৰা নাই অসম বিকাশ যাত্ৰা, হোজাই আৰু ধুবুৰীত মুঠ ৩৯৫ আৰু ৩০৮ কোটি টকা ব্যয় কৰাৰ চৰকাৰৰ পৰিকল্পনা অৰুণাচলত নিৰ্মাণ কৰা হ’ব ফ্ৰণ্টিয়াৰ হাইৱে মালদ্বীপৰ পৰা ভাৰতীয় সৈন্যৰ প্ৰত্যাহাৰ আৰম্ভ অসম বিকাশ যাত্ৰা BJP ৰ নতুন প্ৰকল্পৰ উদ্বোধন, কিমান টকা ব্যয় কৰাৰ পৰিকল্পনা।