শৰীৰত ঔষধৰ প্ৰভাৱ নিষ্ক্রিয় কৰা বেক্টেৰিয়াক নিঃশেষ কৰিব

এণ্টিবায়’টিক আৱিষ্কাৰৰ দাবী বিজ্ঞানীৰ

লণ্ডন : বিজ্ঞানীসকলে এবিধ নতুন এণ্টিবায়’টিক আৱিষ্কাৰ কৰা বুলি দাবী কৰিছে। এই নতুন এণ্টিবায়’টিকবিধে মানুহৰ শৰীৰত ঔষধৰ প্ৰভাৱ নিষ্ক্রিয় কৰা অৰ্থাৎ ড্ৰাগ ৰেজিষ্টেণ্টৰ সৃষ্টি কৰা তিনিবিধ বেক্টেৰিয়াৰ এবিধক নিঃশেষ কৰি পেলাব।

শৰীৰত বেক্টেৰিয়া ঔষধৰ প্ৰভাৱ প্ৰতিৰোধী হৈ পৰা ৰোগীৰ ক্ষেত্ৰত এনে এণ্টিবায়টিক ব্যৱহাৰ কৰিব পৰা যাব। এই নতুন এন্টিবায়’টিকে ঔষধৰ প্ৰভাৱ প্ৰতিৰোধ বেক্টেৰিয়াবিলাক ধ্বংস কৰি পেলাব।

জছুৰ বাতপিন নামৰ এই এন্টিবায়’টিকবিধে নিউমোনিয়া আৰু ছেপছিছৰ ঔষধৰ প্ৰভাৱ নিষ্ক্রিয় কৰি পেলোৱা এচিনেট’বেক্টৰ বাউমানিৰ (ক্রেব) স্ট্রেইনক ধ্বংস কৰাত সফলতা লাভ কৰিছে।

লণ্ডনৰ ইম্পিৰিকেল কলেজৰ আণৱিক সূক্ষ্ম জীৱ বিজ্ঞানৰ বিশেষজ্ঞ এন্ড্রু এডৱাৰ্ডছে কয় যে চিকিৎসালয়ত সংক্ৰমণৰ এটা গুৰুত্বপূৰ্ণ কাৰক হ’ল ক্ৰেব।

ক্রেব আক্রমণাত্মক নহয় যদিও ঔষধ প্ৰতিৰোধী আৰু সেয়েহে ইয়াৰ চিকিৎসা কৰাটো কঠিন হৈ পৰে।

0Shares

Leave a Comment

‘ কা ‘ ৰ প্ৰভাৱ অসমত নপৰে, এতিয়ালৈকে এজনেও আবেদন কৰা নাই অসম বিকাশ যাত্ৰা, হোজাই আৰু ধুবুৰীত মুঠ ৩৯৫ আৰু ৩০৮ কোটি টকা ব্যয় কৰাৰ চৰকাৰৰ পৰিকল্পনা অৰুণাচলত নিৰ্মাণ কৰা হ’ব ফ্ৰণ্টিয়াৰ হাইৱে মালদ্বীপৰ পৰা ভাৰতীয় সৈন্যৰ প্ৰত্যাহাৰ আৰম্ভ অসম বিকাশ যাত্ৰা BJP ৰ নতুন প্ৰকল্পৰ উদ্বোধন, কিমান টকা ব্যয় কৰাৰ পৰিকল্পনা।