তিল স্বাস্থ্যৰ বাবে উপকাৰী কিন্তু কিয়?

সাধাৰণতে ভোগালীৰ সময়ত পিঠা-পনাত তিল দি আমি খাওঁ। তিল অর্থাৎ ক’লা তিল স্বাস্থ্যৰ বাবে অতি উপকাৰী।

শীতকালত শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ বাবে তিল খাব পাৰে। স্বাস্থ্য বিশেষজ্ঞসকলে এই কথা প্ৰকাশ কৰিছে।

তিলত ফাইবাৰ, লো, কেলচিয়ামৰ লগতে শৰীৰৰ বাবে উপকাৰী চর্বি তথা এণ্টিঅক্সিডেণ্টৰ দৰে পোষক দ্ৰব্য আছে।

এইবিলাকে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে, শীতকালত প্ৰটিন, ফাইবাৰ আৰু ভিটামিনেৰে ভৰপূৰ তিল খালে শৰীৰে শক্তি লাভ কৰে।

যিসকল লোকে শীতকালত আলস্য আৰু দুৰ্বল অনুভৱ কৰে তেওঁলোকৰ কাৰণে তিল উপকাৰী। ক’লা তিলত কেলচিয়াম, মেগনেচিয়ামৰ লগতে ফছফৰাছ থাকে — যিয়ে হাড় শক্তিশালী কৰাত সহায় কৰে।

শীতকালত তিল খালে শৰীৰক ভিতৰৰ পৰা গৰম কৰি ৰাখে। ইয়াৰ লগতে পাচন শক্তি বৃদ্ধি কৰাতো তিলে সহায় কৰে। যিসকলে শৰীৰৰ ওজন কমাব খোজে, তেওঁলোকেও তিল খাব পাৰে।

0Shares

Leave a Comment

‘ কা ‘ ৰ প্ৰভাৱ অসমত নপৰে, এতিয়ালৈকে এজনেও আবেদন কৰা নাই অসম বিকাশ যাত্ৰা, হোজাই আৰু ধুবুৰীত মুঠ ৩৯৫ আৰু ৩০৮ কোটি টকা ব্যয় কৰাৰ চৰকাৰৰ পৰিকল্পনা অৰুণাচলত নিৰ্মাণ কৰা হ’ব ফ্ৰণ্টিয়াৰ হাইৱে মালদ্বীপৰ পৰা ভাৰতীয় সৈন্যৰ প্ৰত্যাহাৰ আৰম্ভ অসম বিকাশ যাত্ৰা BJP ৰ নতুন প্ৰকল্পৰ উদ্বোধন, কিমান টকা ব্যয় কৰাৰ পৰিকল্পনা।