শীতকালত এইদৰে ছালৰ যতন লওক Winter skin care 2024

শীতকালত হোৱা প্ৰদূষণে সকলোতকৈ বেছি ক্ষতি কৰে ছালৰ ছালৰ ওপৰত ধূলি বা মলি জমা হোৱাৰ ফলত সৌন্দর্য হানি হোৱাৰ লগতে গাৰ ছালত ক’লা দাগ আদি পৰিব পাৰে।

সাধাৰণতে শীতকালত ভালদৰে স্নান নকৰিলে ছালৰ ওপৰত জমা হোৱা মলিৰ তৰপে ছালৰ ক্ষতি কৰাৰ লগতে চৰ্মৰোগ আদিৰো আশংকা বঢ়াই তোলে। বহুতে ছালৰ সৌন্দৰ্য ৰক্ষাৰ বাবে বজাৰত সহজে উপলব্ধ বিভিন্ন ধৰণৰ ৰাসায়নিক দ্রব্য ব্যৱহাৰ কৰে।

এই ৰাসায়নিক প্রসাধনে ছালৰ সৌন্দৰ্য বঢ়োৱাৰ বিপৰীতে ছালৰ অনেক ধৰণৰ ক্ষতি কৰিব পাৰে।

ছালৰ সৌন্দৰ্য অটুট ৰখাৰ বাবে প্ৰাকৃতিকভাৱে ব্যৱস্থা গ্ৰহণ কৰিব পাৰি। ইয়াৰ ফলত অৰ্থৰ ক্ষতি হ্রাস হোৱাৰ উপৰি ছালৰ কাৰণেও হৈ পৰে যথেষ্ট উপকাৰী।

মৌ ঃ

মৌত এন্টিঅক্সিডেন্ট আৰু এন্টিছেণ্টিক উপাদান থাকে। সেইবাবে মৌৰে ছাল মালিচ কৰিলে বিভিন্ন ধৰণৰ বীজাণুৰ পৰা ৰক্ষা পাব পাৰি। মৌৰ জৰিয়তে মুখমণ্ডল পৰিষ্কাৰ কৰিব পাৰি। মৌৱে ছালৰ আৰ্দ্ৰতা দীর্ঘসময়লৈকে ধৰি ৰাখিব পাৰে। মৌৰ ৰসত কেইটোপালমান নেমুৰ ৰস দি এটা মিশ্রণ | তৈয়াৰ কৰি মুখ ধুলে মুখৰ সৌন্দৰ্য বৃদ্ধি পায়।

গাখীৰ ঃ

ছালৰ কাৰণে গাখীৰ অত্যন্ত উপকাৰী। মাজে মাজে গাখীৰেৰে মুখ ধুলে ছাল মসৃণ হৈ উঠে আৰু ছালত জমা হোৱা মলি আদি আঁতৰি যায়।

বিলাহী ব্যৱহাৰ ঃ

বিলাহীত এনে কিছুমান উপাদান আছে যি ছালৰ বাবে অত্যন্ত উপযোগী। তদুপৰি বিলাহীত আছে প্ৰচুৰ পৰিমাণে ভিটামিন ‘চি’ আৰু অন্যান্য পুষ্টিকৰ উপাদান। | বিলাহী ৰসেৰে মুখ ধুলে মুখৰ সৌন্দৰ্য বৃদ্ধি পোৱাৰ লগতে | দিনটোৰ কৰ্মব্যস্ততাৰ ফলত মুখত যি ক্লান্তিৰ ভাৱ ফুটি উঠে সেয়া সহজে আঁতৰ হয়।

আলু ঃ

ছালৰ বাবে আলু অতি উত্তম। আলুত আছে প্ৰচুৰ পৰিমাণে ভিটামিন ‘চি’ আৰু আইৰণ। মুখৰ দাগ গুচাবৰ বাবে আলুৰ ৰস অতি উপযোগী। ছালৰ সৌন্দৰ্য বুদ্ধি, বিভিন্ন ধৰণৰ চৰ্মৰোগৰ পৰা হাত সাৰিবলৈ এইদৰে প্ৰাকৃতিক উপাদানেৰে ছাল পৰিষ্কাৰ কৰিলে সুফল আশা কৰিব পাৰি।

0Shares

Leave a Comment

‘ কা ‘ ৰ প্ৰভাৱ অসমত নপৰে, এতিয়ালৈকে এজনেও আবেদন কৰা নাই অসম বিকাশ যাত্ৰা, হোজাই আৰু ধুবুৰীত মুঠ ৩৯৫ আৰু ৩০৮ কোটি টকা ব্যয় কৰাৰ চৰকাৰৰ পৰিকল্পনা অৰুণাচলত নিৰ্মাণ কৰা হ’ব ফ্ৰণ্টিয়াৰ হাইৱে মালদ্বীপৰ পৰা ভাৰতীয় সৈন্যৰ প্ৰত্যাহাৰ আৰম্ভ অসম বিকাশ যাত্ৰা BJP ৰ নতুন প্ৰকল্পৰ উদ্বোধন, কিমান টকা ব্যয় কৰাৰ পৰিকল্পনা।