প্রত্যেক দিনাই বেজি লৈ বিশ্বকাপত খেলিছিল ছামিয়ে

এদিনীয়া বিশ্বকাপত খেলাৰ সময়ত প্রতিদিনে বেজি লৈছিল ভাৰতীয় দলৰ বলাৰ মহম্মদ ছামিয়ে।

খেলুৱৈজনৰ এক ঘনিষ্ঠ সূত্রই এই কথা প্রকাশ কৰিছে। সেয়ে দক্ষিণ আফ্রিকা ভ্রমণত খেলুৱৈজনে ভাগ ল’ব নোৱাৰিলে।

বিশ্বকাপৰ ফাইনেলত পৰাস্ত হোৱাৰে পৰাই ছামি ভাৰতীয় দলৰ পৰা বাহিৰত আছে। পুৰণা এক বিষৰ বাবে ছামি যন্ত্ৰণাৰ সন্মুখীন হৈছিল।

সেয়ে বিশ্বকাপৰ সময়ত সদায়ে তেওঁ বেজি ল’ব লগা হৈছিল। তেনেদৰে খেলিয়েই বিশ্বকাপত সর্বাধিক উইকেট দখল কৰা খেলুৱৈ হিচাপে পৰিগণিত হৈছিল ছামি। সাতখন মেচত তেওঁ লাভ কৰিছিল।

২৪টা উইকেট। খেলুৱৈজনৰ এজন প্ৰাক্তন সতীৰ্থই কয়——ছামিৰ বাঁও ভৰিৰ গোৰোহাৰ আঘাতৰ সমস্যা দীৰ্ঘদিনৰ। অনেকেই নাজানে যে বিশ্বকাপৰ সময়ত তেওঁ নিয়মিত বেজী লৈছিল।

সেইদৰেই তেওঁ সমগ্ৰ প্রতিযোগিতাত খেলিছিল। এটা কথা বুজিব লাগিব যে বয়স বাঢ়িলে যিকোনো আঘাত উপশম হওতে সময় লাগে।’

দক্ষিণ আফ্রিকা ভ্ৰমণত নাথাকিলেও ঘৰুৱা খেলপথাৰত ইংলেণ্ডৰ বিৰুদ্ধে শৃংখলাত ছামিক পোৱা যাব যাব বুলি আশা কৰা হৈছে।

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে প্রথম টেষ্টত প্ৰসিদ্ধ কৃষ্ণৰ বলিং দেখাৰ পাছত ছামিৰ অভাৱ অধিক অনুভৱ কৰিছে অনুৰাগীসকলে। অৱশ্যে, বলাৰসকলৰ কাষত থিয় দিছে অধিনায়ক ৰোহিত শর্মা।

ৰোহিতে কয়—’আমাৰ বলাৰ সকলে চেষ্টা কৰিছে। তেওঁলোকৰ মাজৰ অনেকে প্ৰথমবাৰৰ বাবে দক্ষিণ আফ্ৰিকাৰ মাটিত বল কৰিছে। সেয়ে তেওঁলোকৰ ভুল নধৰো।

More Article

0Shares

Leave a Comment

‘ কা ‘ ৰ প্ৰভাৱ অসমত নপৰে, এতিয়ালৈকে এজনেও আবেদন কৰা নাই অসম বিকাশ যাত্ৰা, হোজাই আৰু ধুবুৰীত মুঠ ৩৯৫ আৰু ৩০৮ কোটি টকা ব্যয় কৰাৰ চৰকাৰৰ পৰিকল্পনা অৰুণাচলত নিৰ্মাণ কৰা হ’ব ফ্ৰণ্টিয়াৰ হাইৱে মালদ্বীপৰ পৰা ভাৰতীয় সৈন্যৰ প্ৰত্যাহাৰ আৰম্ভ অসম বিকাশ যাত্ৰা BJP ৰ নতুন প্ৰকল্পৰ উদ্বোধন, কিমান টকা ব্যয় কৰাৰ পৰিকল্পনা।