এই পাঁচবিধ খাদ্যই বৃক্কৰ বাৰুকৈয়ে ক্ষতি কৰিব পাৰে

আহাৰ গ্ৰহণ প্ৰক্ৰিয়াৰ সৈতে স্বাস্থ্যৰ আছে বিশেষ সম্পর্ক। কেতিয়াবা খাদ্যগ্ৰহণত হোৱা বিসংগতিৰ বাবেই নানা ধৰণৰ ৰোগত আক্ৰান্ত হোৱাৰ আশংকা থাকে। কেতিয়াবা কিছুমান খাদ্যই বৃত্তৰ কাম-কাজত বাধা প্রদান কৰে। ফলত কেতিয়াবা বৃক্ক বিকল পর্যন্ত হয়।

অতিৰিক্ত চৰ্বিযুক্ত খাদ্য :

অতিৰিক্ত চেনি অথবা ছড়িয়াম উপলব্ধ খাদ্যই বৃক্কৰ ক্ষতি কৰাৰ আশংকা থাকে। সেইবাবে ঘৰৰ বাহিৰত আহাৰ গ্ৰহণৰ পৰা বিৰত থাকিব লাগে।

মেয়োনিজ :

ফাস্টফুড জাতীয় খাদ্যৰ সৈতে মেয়োনিজ বেছিকৈ ব্যৱহাৰ কৰা হয়। চালাড, ছেদুইজ, বাৰ্গাৰ আদি প্ৰস্তুত কৰোঁতে মেয়োনিজ ব্যৱহাৰ কৰা হয়। এচামুচ মেয়োনিজত প্রায় ১০০ কেলৰি থাকে। এই ধৰণৰ খাদ্য খোৱাৰ ফলত শৰীৰত চৰ্বিৰ পৰিমাণ বৃদ্ধি পায়। সেইবাবে ছড়িয়াম আৰু চেনিৰ পৰিমাণ বেছি থকা খাদ্য এৰাই চলিব লাগে।

ফ্রেন্স ফ্রাই :

আলুৰ ফ্রেন্স ফ্লাই বা আলুৰ চিপছ বৃক্কৰ বাবে আমাৰ অসম লাইফ ষ্টাইল ক্ষতিকাৰক। যিহেতু ফ্ৰেন্স ফ্রাই প্রস্তুত কৰোতে বেছি পৰিমাণে তেল ব্যৱহাৰ কৰা হয়। তদুপৰি আলুত পটাছিয়ামৰ পৰিমাণ বেছি থাকে। যাৰ বাবে ফ্রেন্স ফ্ৰাই বা আলুৰ চিপছ খালে বৃক্কৰ বাবে ক্ষতিকাৰক হ’ব পাৰে।

প্রক্রিয়াজাত মাংস :

প্রক্রিয়াজাত মাংস খালেও বৃক্কৰ বাবে ক্ষতিকাৰক হ’ব পাৰে। বেকন, হটডগ, বাৰ্গাৰ, প্যাটিছ আদি সঘনাই খালে বৃক্কৰ ক্ষতি কৰিব পাৰে।

বজাৰত উপলব্ধ পানীয় :

বজাৰত উপলব্ধ বিভিন্ন ধৰণৰ পানীয়ৰ পৰাও কেতিয়াবা বৃক্ষৰ ক্ষতি হোৱাৰ আশংকা থাকে। এনেধৰণৰ পানীয়ত পুষ্টি গুণতকৈ অতিৰিক্ত কেলৰি পোৱা যায়। যিয়ে বৃত্তৰ বাবে ক্ষতিকাৰক হ’ব পাৰে। সেয়েহে এনেধৰণৰ খাদ্য খাওতে সাৱধান হ’ব লাগে।

0Shares

Leave a Comment

‘ কা ‘ ৰ প্ৰভাৱ অসমত নপৰে, এতিয়ালৈকে এজনেও আবেদন কৰা নাই অসম বিকাশ যাত্ৰা, হোজাই আৰু ধুবুৰীত মুঠ ৩৯৫ আৰু ৩০৮ কোটি টকা ব্যয় কৰাৰ চৰকাৰৰ পৰিকল্পনা অৰুণাচলত নিৰ্মাণ কৰা হ’ব ফ্ৰণ্টিয়াৰ হাইৱে মালদ্বীপৰ পৰা ভাৰতীয় সৈন্যৰ প্ৰত্যাহাৰ আৰম্ভ অসম বিকাশ যাত্ৰা BJP ৰ নতুন প্ৰকল্পৰ উদ্বোধন, কিমান টকা ব্যয় কৰাৰ পৰিকল্পনা।