ক্ৰিকেটত নিয়মৰ সাল-সলনি

আই চি চিয়ে কেতবোৰ গুৰুত্বপূৰ্ণ নিয়মৰ সাল-সলনি ঘটাইছে। সেই অনুসৰি ডি আৰ এছৰ (DRS) নিয়ম, কনকাছন পৰিৱৰ্তিত নিয়ম সলনিৰ যো-জা চলাইছে আই চি চিয়ে। ষ্টাম্পিঙৰ নিয়মো সলনি হ’ব।

অৱশ্যে ১২ ডিচেম্বৰৰ পৰাই এই নিয়ম প্রচলিত হোৱা বুলি জানিব পৰা গৈছে। ষ্টাম্পিং আৰু কট বিহাইণ্ডৰ ক্ষেত্ৰত ইমানদিনে ফিল্ডিং কৰা দলে অতিৰিক্ত সুবিধা পাইছিল।

উইকেটকীপাৰে ষ্টাম্পিঙৰ আৱেদন কৰিলে টেলিভিছন আম্পায়াৰে কট বিহাইও পৰীক্ষা কৰি বেছমেন ষ্টাম্পড হৈছে নে নাই হোৱা পৰীক্ষা কৰি সিদ্ধান্তৰ বিষয়ে জনায়।

এতিয়া নতুন নিয়ম অনুযায়ী মাথোঁ ছাইড অন ৰিপ্লে’ পৰীক্ষা কৰিব টেলিভিছন আম্পায়াৰে। কট বিহাইণ্ড পৰীক্ষা নকৰে। ফিল্ডিং কৰা দলে কট বিহাইণ্ডৰ বাবে সুকীয়াকৈ ৰিভিউ আৱেদন কৰিব লাগিব ।

এতিয়াৰ পৰা কোনো ক্রিকেটাৰে আঘাত পালে খেলপথাৰত ৪ মিনিটৰ অধিক চিকিৎসা কৰিব নোৱাৰিব। আনহাতে কোনো ক্ৰিকেটাৰক কনকাছনৰ বদলি হিচাপে খেলালে খেলপথাৰ ত্যাগ কৰা ক্ৰিকেটাৰৰ বলিঙৰ ওপৰত নিষেধাজ্ঞা থাকিলে তেওঁ বল কৰিব নোৱাৰিব।

0Shares

Leave a Comment

‘ কা ‘ ৰ প্ৰভাৱ অসমত নপৰে, এতিয়ালৈকে এজনেও আবেদন কৰা নাই অসম বিকাশ যাত্ৰা, হোজাই আৰু ধুবুৰীত মুঠ ৩৯৫ আৰু ৩০৮ কোটি টকা ব্যয় কৰাৰ চৰকাৰৰ পৰিকল্পনা অৰুণাচলত নিৰ্মাণ কৰা হ’ব ফ্ৰণ্টিয়াৰ হাইৱে মালদ্বীপৰ পৰা ভাৰতীয় সৈন্যৰ প্ৰত্যাহাৰ আৰম্ভ অসম বিকাশ যাত্ৰা BJP ৰ নতুন প্ৰকল্পৰ উদ্বোধন, কিমান টকা ব্যয় কৰাৰ পৰিকল্পনা।