এল ১ পইণ্টত উপনীত আদিত্য | Aditya l-1

আদিত্য এল ১ [Aditya l-1]

সূৰ্যৰ আশ্চৰ্য অধ্যয়নৰ লক্ষ্যৰে ১৫ লাখ কিঃমিঃ দূৰৈৰ বিন্দুলৈ সফল যাত্ৰা মহাকাশযানৰ ভাৰতৰ অন্য এক চমকপ্রদ মহাকাশ অভিযান

ভাৰতৰ মহাকাশ কার্যসূচীয়ে আজি আন এটা সফলতা লাভ কৰিলে। দেশখনৰ প্ৰথমখন সৌৰ অভিযান যান আদিত্য এল ১ আজি ইয়াৰ লক্ষ্যস্থান এল১ বিন্দুত উপনীত হয়গৈ।

পৃথিৱীৰ পৰা প্ৰায় ১৫ লাখ কিল’মিটাৰ দূৰৰ এল১ বিন্দুৰ পৰা আদিত্য এল ১ যানখনে সূর্যক প্রদক্ষিণ কৰিব আৰু ইয়াৰ আশ্চর্যসমূহ অধ্যয়ন কৰিব। ভাৰতীয় মহাকাশ গৱেষণা সংগঠনৰ (ইছৰ’) শেহতীয়া কৃতিত্বৰ কথা ঘোষণা কৰে।

চন্দ্ৰযান-৩ অভিযানৰ সফলতাৰ কেইমাহমানৰ পাছত ইছৰ’ই এই কৃতিত্ব অৰ্জন কৰে। লাগ্রাঞ্জ পইণ্ট ১ (এল১) পৃথিৱী আৰু সূৰ্যৰ মাজৰ দূৰত্বৰ প্ৰায় ১ শতাংশ।

আদিত্য এল ১ লক্ষ্যস্থানত উপনীত হোৱাৰ কথা ঘোষণা কৰি প্ৰধানমন্ত্ৰীয়ে দৃঢ়তাৰে কয় যে এনে এটা অতি জটিল মহাকাশ অভিযান বাস্তৱায়িত কৰাটো বিজ্ঞানীসকলৰ বিৰামহীন উৎসৰ্গীকৰণৰ প্ৰমাণ । ‘

এক্স’ত দিয়া এটা প’ষ্টত মোদীয়ে কয়, ‘ভাৰতে আন এটা উল্লেখযোগ্য সফলতা লাভ কৰিলে। ভাৰতৰ প্রথম ছ’লাৰ অব্‌জাৰভেটৰি আদিত্য-এল১ ইয়াৰ লক্ষ্যস্থানত উপনীত হ’ল।

এই অসাধাৰণ কৃতিত্বক দেশবাসীৰ লগতে ময়ো প্ৰশংসা কৰিছোঁ। আমি মানৱ জাতিৰ লাভৰ বাবে বিজ্ঞানৰ নতুন দিগন্তবোৰৰ অন্বেষণ অব্যাহত ৰাখিম।’

ইছৰ’ক অভিনন্দন জনাই ৰাষ্ট্ৰপতি দ্রৌপদী মুমুৱে কয় যে এই অভিযানে সমগ্ৰ মানৱ জাতিক লাভৱান কৰিব। ‘এক্স’ত এটা প’ষ্টত তেওঁ কয়, ‘এই বৃহৎ সাফল্যৰ বাবে সমগ্ৰ ভাৰতীয় বিজ্ঞানী সম্প্রদায়লৈ অভিনন্দন !

এই অভিযানে সূর্য-পৃথিৱী ব্যৱস্থাৰ বিষয়ে আমাৰ জ্ঞান বৃদ্ধি কৰিব আৰু সমগ্ৰ মানৱ জাতিক লাভৱান কৰিব।’

মুমুৱে লগতে কয় যে ইছৰ’ৰ অভিযানবোৰত মহিলা বিজ্ঞানীসকলৰ উল্লেখযোগ্য অংশগ্রহণে মহিলাৰ সবলীকৰণকো উচ্চ কক্ষপথলৈ নিছে।

0Shares

Leave a Comment

‘ কা ‘ ৰ প্ৰভাৱ অসমত নপৰে, এতিয়ালৈকে এজনেও আবেদন কৰা নাই অসম বিকাশ যাত্ৰা, হোজাই আৰু ধুবুৰীত মুঠ ৩৯৫ আৰু ৩০৮ কোটি টকা ব্যয় কৰাৰ চৰকাৰৰ পৰিকল্পনা অৰুণাচলত নিৰ্মাণ কৰা হ’ব ফ্ৰণ্টিয়াৰ হাইৱে মালদ্বীপৰ পৰা ভাৰতীয় সৈন্যৰ প্ৰত্যাহাৰ আৰম্ভ অসম বিকাশ যাত্ৰা BJP ৰ নতুন প্ৰকল্পৰ উদ্বোধন, কিমান টকা ব্যয় কৰাৰ পৰিকল্পনা।