দৈৰ সৈতে কেতিয়াও এইবোৰ খাদ্য নাখাব

দৈ স্বাস্থ্যৰ বাবে উপকাৰী বুলি গণ্য কৰা হয়। ই পান শক্তিব লগতে শৰীৰৰ ৰোগ- প্রতিবোধ ক্ষমতা বৃদ্ধি
কৰে। দৈত কেলছিয়াম থকাৰ বাবে হাড় শক্তিশালী কৰে।

ভিটামিন 4.2. ভিটামিন বি-১২,মেগনেছিয়াম, পটাছিয়াম আৰু প্ৰ’টিনসমৃদ্ধ । যাৰ বাবে দৈক ছুপাৰ ফুডৰ শ্ৰেণীত অন্তর্ভুক্ত কৰা হয়। এই বাবে দৈ দৈনিক খাবলৈ পৰামৰ্শ দিয়া হয়।

কিন্তু স্বাস্থ্যৰ বাবে পৰম উপকাৰী দৈৰ সৈতে কিছুমান বন্ধ খালে শৰীৰৰ প্ৰচুৰ ক্ষতি কৰে। গৰমৰ দিনকেইটাত খোৱা-বোৱাৰ লগতে শৰীৰ চৰ্চাৰ বিষয়ত বিশেষ গুরুত্ব দিয়া উচিত।

দৈৰ সৈতে পিঁয়াজ : গ্রীষ্মৰ দিনবোৰত স্বাদ বৃদ্ধিৰ বাবে বহুতেই দৈত পিঁয়াজ যোগ দিয়ে। কিন্তু ই স্বাস্থ্যৰ বাবে অতি ক্ষতিকাৰক। দুয়োটা একেলগে ব্যবহাৰ কৰিলে এলার্জি হ’ব পাৰে। তদুপৰি গেছ, এচিডিটিৰ উপৰি কেতিয়াবা বমিও হ’ব পাৰে।

দৈৰ সৈতে গুড় : দৈৰ সৈতে বহুতৰে চেনিৰ সলনি গুড় খোৱাটো অভ্যাস। দৈৰ সৈতে গুড় খালে চৰ্দি-কাহ, জ্বলত আক্রান্ত হোৱাৰ আশংকা থাকে। তদুপৰি দৈয়ে ওজন বৃদ্ধিত সহায় কৰে। সেই বাবে পৰাপক্ষত দৈ সৈতে গুড় নোখোৱাটোৱেই ভাল।

গাজী-দৈ একেলগে ব্যবহাৰঃ দৈৰ সৈতে একে সময়তে গাখীৰ খালে পেটৰ সমস্যাত ভুগিব পাৰে। বিশেষজ্ঞসকলৰ মতে দৈ আৰু গৰম গাখীৰ একেলগে খালে ডায়েৰিয়া, পেটৰ বিষ, বদহজমৰ দৰে সমস্যাৰ সৃষ্টি হ’ব পাৰে।

আমৰ সৈতে দৈঃ আম আৰু দৈ একেলগে মিহলাই খাব নালাগে। গ্ৰীষ্মকালত আমলাচি খাবলৈ ভাল যদিও ই স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। এনেদৰে খালে বদহজম, এচিডিটিৰ সমস্যাত ভুগিব | পাবে। তদুপৰি ই শৰীৰত বিষাক্ত পদার্থ বৃদ্ধি কৰে।

দৈৰ সৈতে মাছঃ দৈ আৰু মাছ একেলগে খোৱা উচিত নহয় । এই দুয়োটাতে প্ৰ’টিন উপলব্ধ। দৈৰ সৈতে মাছ খালে স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পৰে। যাৰ বাবে বদহজনৰ দৰে সমস্যাত ভুগিব পাৰে। সেয়েহে দৈৰ সৈতে এনেবোৰ জন্য খোৱাৰ পৰা বিৰত থাকিব লাগে।

ৰহৰ দাইলৰ সৈতে দৈ : দৈৰ সৈতে ৰহৰ দাইল খালে এচিডিটিত ভুগিব পাৰে। সেয়েহে দৈ আৰু বহৰ দাইল একেলগে খাব নালাগে।

0Shares

Leave a Comment

‘ কা ‘ ৰ প্ৰভাৱ অসমত নপৰে, এতিয়ালৈকে এজনেও আবেদন কৰা নাই অসম বিকাশ যাত্ৰা, হোজাই আৰু ধুবুৰীত মুঠ ৩৯৫ আৰু ৩০৮ কোটি টকা ব্যয় কৰাৰ চৰকাৰৰ পৰিকল্পনা অৰুণাচলত নিৰ্মাণ কৰা হ’ব ফ্ৰণ্টিয়াৰ হাইৱে মালদ্বীপৰ পৰা ভাৰতীয় সৈন্যৰ প্ৰত্যাহাৰ আৰম্ভ অসম বিকাশ যাত্ৰা BJP ৰ নতুন প্ৰকল্পৰ উদ্বোধন, কিমান টকা ব্যয় কৰাৰ পৰিকল্পনা।