অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টি-২০ত ভাৰতীয় মহিলা দলৰ বৃহৎ জয়

ভাৰতীয় মহিলা দলে তিতাস সাধু (৪১৭) ৰ কেৰিয়াৰৰ সৰ্বশ্ৰেষ্ঠ বলিং প্ৰদৰ্শনৰ পিছত অপেনাৰ স্মৃতি মান্ধানা (৫৪ ৰান) আৰু শ্বাফালী বার্মাই (৬৪ নট আউট) প্রথম উইকেটৰ বাবে ১৩৭ ৰানৰ অংশীদাৰীত্বৰ সহায়ত শুকুৰবাৰে নিশা ইয়াত অনুষ্ঠিত প্ৰথমখন টি-২০ আন্তঃৰাষ্ট্ৰীয় খেলত অষ্ট্ৰেলিয়াক ৯ উইকেটত পৰাস্ত কৰে।

সাধুৰ সুন্দৰ বলিং প্ৰদৰ্শনৰ বাবে ভাৰতে অষ্ট্ৰেলিয়াক ১৯.২ অভাৰত ১৪১ ৰানত অলআউট কৰে। ইয়াৰ পিছত, মান্ধানা আৰু শেফালীৰ অৰ্ধশতকে ১৭.৪ অভাৰত এটা উইকেটত ১৪৫ ৰান সংগ্ৰহ কৰি ন উইকেটত জয় লাভ কৰে।

উইকেটৰ ক্ষেত্ৰত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এইটো ভাৰতৰ আটাইতকৈ ডাঙৰ জয়।

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে যোৱা দুখন এদিনীয়াত খেলিব নোৱাৰা শ্বাফালীয়ে টি-২০৩ ৬টা চাৰি আৰু তিনিটা ছয়েৰে ৪৪ টা বলত অপৰাজিত ৬৪ ৰান অৰ্জন কৰি পঞ্চম অর্ধশতক অৰ্জন কৰে।

মান্ধানাকো যথেষ্ট ফৰ্মত দেখা গৈছিল, তেওঁ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে সাতটা চাৰি আৰু এটা ছয়ৰ সহায়ত ৫২ টা বলত ২৭ তম অর্ধশতক অৰ্জন কৰে। শাফালী আৰু মান্ধানাৰ মাজত প্ৰথম উইকেটৰ বাবে ১৩৭ ৰানৰ অংশীদাৰীত্ব হয়।

0Shares

Leave a Comment

‘ কা ‘ ৰ প্ৰভাৱ অসমত নপৰে, এতিয়ালৈকে এজনেও আবেদন কৰা নাই অসম বিকাশ যাত্ৰা, হোজাই আৰু ধুবুৰীত মুঠ ৩৯৫ আৰু ৩০৮ কোটি টকা ব্যয় কৰাৰ চৰকাৰৰ পৰিকল্পনা অৰুণাচলত নিৰ্মাণ কৰা হ’ব ফ্ৰণ্টিয়াৰ হাইৱে মালদ্বীপৰ পৰা ভাৰতীয় সৈন্যৰ প্ৰত্যাহাৰ আৰম্ভ অসম বিকাশ যাত্ৰা BJP ৰ নতুন প্ৰকল্পৰ উদ্বোধন, কিমান টকা ব্যয় কৰাৰ পৰিকল্পনা।