থলুৱা খাদ্য চমুকৈ বৰ্ণনা লিখনি 2024

অসমৰ থলুৱা খাদ্যৰ গুণাগুণ আৰু ইয়াৰ অপূৰ্ব একক সোৱাদৰ কথা নতুনকৈ কোৱাৰ প্ৰয়োজন নাই।

টেঙাৰ পৰা খাৰলৈ অসমীয়া থলুৱা বৈশিষ্ট্যপূর্ণ সোৱাদ আৰু গুণাগুণৰ খাদ্য সম্ভাৰৰ প্ৰতি আমাৰ সজাগতা ইমান দিনে নাছিল বুলিলেই হয়।

শতকৰ ঘৰৰ শাক-পাচলিৰ প্ৰাচুৰ্য, মাছ-কাছৰ পৰা আৰম্ভ কৰি কত যে অপূৰ্ব খাদ্যসম্ভাৰে অসমীয়া মানুহৰ জিভা আৰু শৰীৰক তৃপ্ত কৰি আহিছে সেই কথা নতুনকৈ কোৱাৰ প্ৰয়োজন নাই।

ইয়াৰ উপৰি অসমীয়াৰ আছে নিজস্ব অনেক সোৱাদ পানী। চাউলৰ পৰা তৈয়াৰ কৰা মূলতঃ নিচাজাতীয় হ’লেও অতি পৰিত্ৰ বুলি গণ্য কৰা অসমৰ জনজাতীয় পানীয়সমূহৰ পুষ্টিগুণ আৰু ঔষধি গুণ সম্পর্কেও এতিয়া বহু তথ্যই প্রকাশ পাইছে।

কিন্তু তাৰ পাছতো আমাৰ এই পৰম্পৰাগত খাদ্য সম্ভাৰসমূহৰ অতুলনীয়তা আৰু ইয়াৰ আঁৰত অপ্ৰকাশ্য হৈ ৰৈ যোৱা সম্ভাৱনীয়তাসমূহক আমি আওকাণ কৰিয়েই চলি আহিছোঁ।

কিন্তু এতিয়া লাহে লাহে আমাৰ মানসিকতা আৰু চিন্তা-চৰ্চাৰ পৰিৱৰ্তন হ’বলৈ আৰম্ভ কৰিছে যেন লাগিছে আৰু আমাৰ থলুৱা খাদ্য আৰু পানীয়ৰ আঁৰত লুকাই থকা ব্যাবসায়িক সম্ভাৱনাৰ কথা নতুনচামে উপলব্ধি কৰিবলৈ আৰম্ভ কৰিছে।

শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে, বিভিন্ন ঠাইত থলুৱা অসমীয়া আৰু জনজাতীয় খাদ্যৰ বিভিন্ন হোটেল-ৰেস্তোৰাঁ।

ইয়াৰ বিপণন কেন্দ্ৰ, উৎপাদন কেন্দ্ৰ স্থাপন আৰু পৰম্পৰাগত পানীয়ক আন বহুজাতিক প্ৰতিষ্ঠানৰ ক’ল্ড ড্ৰিংকছৰ দৰেই বৈজ্ঞানিকভাৱে বজাৰলৈ উলিয়াই দিছে।

এতিয়া দেখা যায় যে খোৱাটো মানুহৰ শাৰীৰিক তাগিদা নহৈ মানসিক তাগিদা হৈ পৰিছে। অর্থাৎ মানুহে এতিয়া ভোকত খোৱাৰ সলনি চখত খাবলৈ লৈছে। এনে অভ্যাস পূৰ্ণ কৰিবলৈ হ’লে মানুহে চখত খোৱা সামগ্ৰীসমূহ হ’ব লাগিব স্বাস্থ্যসন্মত আৰু উপকাৰী।

কিন্তু আমি খাইছো কি? বিভিন্ন প্রচেছড ফুড— যিবোৰত হানিকাৰক সামগ্রী বহু পৰিমাণে থকাৰ কথা চিকিৎসা বিজ্ঞানে কয়।

আনহাতে ময়দাৰ পৰা নিৰ্মিত বিভিন্ন নুডলছ, পিজ্জা, বার্গাৰৰ দৰে সামগ্ৰীসমূহকো আমি ক্ষতিকাৰক বুলি জানিও খাই আহিছোঁ “গৌৰৱেৰে’।

যাৰ ফলতেই হয়তো আমাৰ জীৱনশৈলীৰ লগত জড়িত ৰোগৰ মাত্ৰা দিনে দিনে বৃদ্ধি পাইছে। কিন্তু তাৰ তুলনাত আমাৰ পৰম্পৰাগত খাদ্যসম্ভাৰসমূহত তেনে কোনো সমস্যা নাই। আমাৰ পিঠা-পনা, জা-জলপান সকলো স্বাস্থ্যসন্মত।

কেৱল আজিলৈকে ইয়াক ভালদৰে উপস্থাপন কৰি পৰিৱেশন কৰাৰ অভাৱ এটা অনুভৱ হৈ আছিল। তদুপৰি আমাৰ নিজৰ সম্পদসমূহক লৈ থকা হীনমন্যতা আঁতৰোৱাটোও এটা অতি গুৰুত্বপূৰ্ণ কাম হিচাপে কৰিবলৈ ৰৈ গৈছিল।

লাহে লাহে এনে প্রচেষ্টাও আৰম্ভ হোৱা আমি দেখিছোঁ। ভালেকেইগৰাকী উদ্যমী আৰু স্বাভিমানী অসমীয়াই উল্লেখনীয় কাম আৰম্ভ কৰিছে।

অসমৰ গাঁৱৰ জীয়ৰী-বোৱাৰীয়ে বনোৱা সুস্বাদু আৰু স্বাস্থ্যসন্মত আচাৰ সমগ্ৰ অসমতে বিয়পাই দিয়াৰ চেষ্টা চলাইছে আৰু ইয়াত বহু পৰিমাণে সফলো হৈছে।

গাঁৱৰ মহিলাক ইয়াৰ জৰিয়তে তেওঁলোকে অর্থনৈতিক সকাহ দিবলৈও সক্ষম হৈছে।

এইধৰণৰ পদক্ষেপসমূহৰ জৰিয়তে অসমৰ থলুৱা অতুলনীয় খাদ্য সম্ভাৰক লৈ থকা আমাৰ হীনমন্যতা দূৰ হোৱাৰ লগতে ইয়াৰ অপাৰ ব্যাৱসায়িক সম্ভাৱনা আৰু উপকাৰিতা সম্পর্কেও হয়তো সজাগতাৰ সৃষ্টি হ’ব।

0Shares

Leave a Comment

‘ কা ‘ ৰ প্ৰভাৱ অসমত নপৰে, এতিয়ালৈকে এজনেও আবেদন কৰা নাই অসম বিকাশ যাত্ৰা, হোজাই আৰু ধুবুৰীত মুঠ ৩৯৫ আৰু ৩০৮ কোটি টকা ব্যয় কৰাৰ চৰকাৰৰ পৰিকল্পনা অৰুণাচলত নিৰ্মাণ কৰা হ’ব ফ্ৰণ্টিয়াৰ হাইৱে মালদ্বীপৰ পৰা ভাৰতীয় সৈন্যৰ প্ৰত্যাহাৰ আৰম্ভ অসম বিকাশ যাত্ৰা BJP ৰ নতুন প্ৰকল্পৰ উদ্বোধন, কিমান টকা ব্যয় কৰাৰ পৰিকল্পনা।