হঠাৎ যুদ্ধৰ প্ৰস্তুতি উত্তৰ কোৰিয়াৰ

সামৰিক বাহিনীৰ লগতে পাৰমাণৱিক অস্ত্র বিভাগক সাজু থাকিবলৈ নিৰ্দেশ কিম জং উনৰ

উত্তৰ কোৰিয়াৰ সৰ্বোচ্চ নেতা কিম জং উনে তেওঁৰ দেশখনৰ সামৰিক বাহিনী, যুদ্ধাস্ত্ৰ তথা পাৰমাণৱিক অস্ত্র বিভাগক যুদ্ধৰ প্রস্তুতি ত্বৰান্বিত কৰিবলৈ নিৰ্দেশ দিছে।

এই পদক্ষেপক তেওঁ আমেৰিকাৰ “নজিৰবিহীন সংঘাতমূলক পদক্ষেপৰ প্ৰত্যুত্তৰ’ বুলি অভিহিত কৰিছে।

উল্লেখ্য যে বৃহস্পতিবাৰে দেশখনৰ ক্ষমতাসীন ৱাকাৰ্ছ পাৰ্টীৰ এক সন্মিলনত ভাষণ দিয়ে।

উক্ত বৈঠকতে তেওঁ সামৰিক বাহিনী, অস্ত্ৰ ভাণ্ডাৰ আৰু আনকি পাৰমাণৱিক অস্ত্ৰ বিভাগক যিকোনো মুহূৰ্তৰ যুদ্ধৰ বাবে সাজু থাকিবলৈ নির্দেশ দিয়ে।

সন্মিলনখনত দিয়া ভাষণত কিমে লগতে কয় যে আমেৰিকাৰ বিদ্বেষী মনোভাৱ আৰু দ্বন্দ্বৰ বাবেই উত্তৰ কোৰিয়াৰ সামৰিক পৰিস্থিতি ‘চৰম’ হৈ উঠিছে। যাৰ বাবে যুদ্ধ পৰিস্থিতিৰ বাবে সাজু থাকিবলগীয়া হৈছে।

জিএছটি কৰদাতাসকলে মনোযোগ দিয়ক !

0Shares

Leave a Comment

‘ কা ‘ ৰ প্ৰভাৱ অসমত নপৰে, এতিয়ালৈকে এজনেও আবেদন কৰা নাই অসম বিকাশ যাত্ৰা, হোজাই আৰু ধুবুৰীত মুঠ ৩৯৫ আৰু ৩০৮ কোটি টকা ব্যয় কৰাৰ চৰকাৰৰ পৰিকল্পনা অৰুণাচলত নিৰ্মাণ কৰা হ’ব ফ্ৰণ্টিয়াৰ হাইৱে মালদ্বীপৰ পৰা ভাৰতীয় সৈন্যৰ প্ৰত্যাহাৰ আৰম্ভ অসম বিকাশ যাত্ৰা BJP ৰ নতুন প্ৰকল্পৰ উদ্বোধন, কিমান টকা ব্যয় কৰাৰ পৰিকল্পনা।