হিট এণ্ড ৰান | Hit and run act 2024

হিট এণ্ড ৰান (Hit and Run)

হিট এণ্ড ৰান (Hit and Run) ৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ তৈয়াৰ কৰা নতুন আইনে দেশজুৰি ড্ৰাইভাৰসকলক উদ্বিগ্ন কৰি তুলিছে। ভাৰতত ঔপনিৱেশিক কালত প্রণয়ন কৰা অপৰাধমূলক আইনসমূহত ব্যাপক ৰদ-বদল কৰিছে।

ভাৰতীয় দণ্ড সংহিতাৰ নাম এতিয়া ভাৰতীয় ন্যায় সংহিতা হ’ল। ইয়াৰ অধীনত ধাৰাসমূহ সলনি হৈছে। আইনৰ পৰিভাষাসমূহৰো এতিয়া সাল-সলনি হৈছে।

কেবাটাও গোচৰত শাক্তিৰ পৰা আৰম্ভ কৰি জৰিমনালৈ সকলো বিধি পৰিৱৰ্তন কৰা হৈছে। ইয়াৰ ভিতৰতে এটা হ’ল হিট এণ্ড ৰান, (Hit and Run) যাক লৈ এতিয়া সমগ্র দেশ উত্তাল।

‘হিট এণ্ড ৰান’ (Hit and Run) আইনৰ অৰ্থ হৈছে যে এগৰাকী চালকৰ দ্বাৰা যদি এক দুৰ্ঘটনা হয় আৰু তাত কোনো পদচাৰী অথবা বাইকচালক আহত অথবা মৃত্যু হয় আৰু পিছত যদি চালকজনে পলায়ন কৰে, তেনেহ’লে তেওঁৰ ১০ বছৰ পৰ্যন্ত জে’ল আৰু ১০ লাখ টকা পৰ্যন্ত জৰিমনা হ’ব।

যদি পলায়ন নকৰি ওচৰৰ থানাত খবৰ আৰু আহত হোৱা লোকক চিকিৎসালয়লৈ লৈ যায়, তেনেহ’লে তেওঁৰ শাস্তি আধা হ’ব।

যদিহে চালকজনৰ কোনোধৰণৰ দোষ নতুবা ভুল নাথাকে, তথাপি তেওঁৰে শাস্তি হ’ব। আইনবিদসকলৰ মতে দুৰ্ঘটনাৰ পিছত বাহনচালকে আৰক্ষী বা দণ্ডাধীশক অৱগত কৰিব লাগিব।

যদি ভুক্তভোগীক মুমূর্ষু অৱস্থাত এৰি পলাই যায়, তেন্তে ১০ বছৰ জে’ল হ’ব। আইনবিদসকলৰ মতে ই আন এক বিপদহে চপাই লোৱা হ’ব। ইয়াৰ বাবেই দেশজুৰি ট্রাকচালক, টেক্সি আৰু বাছচালকসকল আন্দোলনত নামি পৰিছে।

ইউ পি, দিল্লী, বিহাৰ, এম পি, হাৰিয়ানা, জম্মু আৰু কাশ্মীৰ, হিমাচল প্ৰদেশ আৰু ৰাজস্থান আৰু অসমকে ধৰি ব্যাপক আন্দোলন চলিছে। ইয়াৰ পৰিণাম কি হ’ব নাজানো । কিন্তু উভয় পক্ষই ইয়াৰ এটা সুচিন্তিত সমাধান বিচাৰি উলিয়াব লাগিব ।

0Shares

Leave a Comment

‘ কা ‘ ৰ প্ৰভাৱ অসমত নপৰে, এতিয়ালৈকে এজনেও আবেদন কৰা নাই অসম বিকাশ যাত্ৰা, হোজাই আৰু ধুবুৰীত মুঠ ৩৯৫ আৰু ৩০৮ কোটি টকা ব্যয় কৰাৰ চৰকাৰৰ পৰিকল্পনা অৰুণাচলত নিৰ্মাণ কৰা হ’ব ফ্ৰণ্টিয়াৰ হাইৱে মালদ্বীপৰ পৰা ভাৰতীয় সৈন্যৰ প্ৰত্যাহাৰ আৰম্ভ অসম বিকাশ যাত্ৰা BJP ৰ নতুন প্ৰকল্পৰ উদ্বোধন, কিমান টকা ব্যয় কৰাৰ পৰিকল্পনা।