আঘাত, দ্বিতীয় টেষ্টত অনিশ্চিত শ্বাদুল ঠাকুৰ

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত অংশ লোৱাৰ পূৰ্বে আঘাত সমস্যাই দেখা দিছে ভাৰতীয় শিবিৰত।

নেট অনুশীলনৰ সময়ত শনিবাৰে কান্ধত আঘাত পাইছে শ্বাদুল ঠাকুৰে।

অনুশীলনৰ সময়ত বলে খেলুৱৈজনৰ কান্ধত আঘাত কৰে। কেপ টাউনত অনুষ্ঠিত হ’ব লগা দ্বিতীয় টেষ্টত শ্বাদুলে খেলিব নোৱাৰিব পাৰে। এনে পৰিস্থিতিত মুকেশ কুমাৰে দলত সুযোগ পাব পাৰে।

দ্বিতীয় টেষ্ট আৰম্ভ হ’ব তিনি জানুৱাৰীৰ পৰা। খেলুৱৈজনৰ আঘাত স্কেন কৰাৰ প্ৰয়োজন হ’ব নে নাই সেই কথা এতিয়াও জানিব পৰা হোৱা নাই।

কিন্তু নেট অনুশীলনৰ সময়ত শনিবাৰে তেওঁ বলিং কৰিব নোৱাৰিলে। অনুশীলনৰ সময়ত খেলুৱৈজন শনিবাৰে সহজ হ’ব পৰা নাছিল।

বেটিং প্রশিক্ষক বিক্রম ঠাকুৰৰ থ্ৰ’ডাউনৰ সন্মুখীন হোৱাৰ সময়ত শাদুলে বাঁও কান্ধত আঘাত পায়। নেট ছেছন আৰম্ভ হোৱাৰ ১৫ মিনিটৰ ভিতৰতে বলৰ আঘাতৰ সন্মুখীন হোৱা শাদুলক যন্ত্ৰণাত চিৎকাৰ কৰি উঠা দেখা যায়।

কিন্তু মুম্বাইৰ অলৰাউণ্ডাৰজনে নেটত ধাৰাবাহিকভাৱে বেটিং কৰি গৈছিল। শাদুলৰ বেটিং শেষ হোৱাৰ পাছত ফিজিাই তেওঁৰ কান্ধত আইচ পেক দিয়ে।

অৱশিষ্ট সময়ত তেওঁক আৰু নেটত দেখা নগ’ল। এনেদৰে আঘাত পোৱাটো সাধাৰণ কথা। কিন্তু কিমান সোনকালে খেলুৱৈজনে আঘাতৰ পৰা পৰিত্ৰাণ লাভ কৰে সেয়া লক্ষ্যণীয় হ’ব।

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে প্রথম টেষ্টত শাদুলৰ প্ৰদৰ্শন আছিল নিৰাশজনক। ১৯ অভাৰত তেওঁ ১০১ ৰান খৰচ কৰিছিল। বেটিঙতো তেওঁৰ প্ৰদর্শন সন্তোষজনক নাছিল।

0Shares

Leave a Comment

‘ কা ‘ ৰ প্ৰভাৱ অসমত নপৰে, এতিয়ালৈকে এজনেও আবেদন কৰা নাই অসম বিকাশ যাত্ৰা, হোজাই আৰু ধুবুৰীত মুঠ ৩৯৫ আৰু ৩০৮ কোটি টকা ব্যয় কৰাৰ চৰকাৰৰ পৰিকল্পনা অৰুণাচলত নিৰ্মাণ কৰা হ’ব ফ্ৰণ্টিয়াৰ হাইৱে মালদ্বীপৰ পৰা ভাৰতীয় সৈন্যৰ প্ৰত্যাহাৰ আৰম্ভ অসম বিকাশ যাত্ৰা BJP ৰ নতুন প্ৰকল্পৰ উদ্বোধন, কিমান টকা ব্যয় কৰাৰ পৰিকল্পনা।