তেজপাতেৰে চুলিৰ যতন লওক

যিকোনো বয়সৰ লোকৰ চুলি সৰা বা চুলি পকাৰ দৰে সমস্যা সৃষ্টি হ’ব পাৰে। কেতিয়াবা চুলি একেবাৰে সৰি যোৱাৰ ফলত বজাৰত উপলব্ধ নানাধৰণৰ ঔষধ প্রয়োগ কৰা হয়।

এনে ঔষধ প্রয়োগৰ ফলত কেতিয়াবা অন্য ধৰণৰ শাৰীৰিক সমস্যাৰো সৃষ্টি হয়। এই সমস্যাৰ পৰা হাত সাৰিবলৈ ঘৰুৱাভাৱেও ব্যৱস্থা গ্ৰহণ কৰিব পাৰি।

সাধাৰণতে ভিটামিনৰ অভাৱ, প্ৰদূষণ আদিৰ ফলত চুলি অকালতে সৰাৰ দৰে সমস্যাৰ সৃষ্টি হয়। চুলি সৰাৰ পৰা হাত সাৰিবলৈ তেজপাত বিশেষভাৱে ব্যৱহাৰ কৰিব পাৰি। বিশেষ পদ্ধতিৰে এসপ্তাহ তেজপাত ব্যৱহাৰ কৰিলেই চুলি সৰা সমস্যাৰ পৰা হাত সাৰিব পাৰি।

চুলি সৰাত তেজপাতে বাধা দিয়ে :

দহটা তেজপাত ভালদৰে ধুই লৈ ১ লিটাৰমান পানীত উতলাব লাগে। তেজপাতৰ সৈতে পানীখিনি উতলোৱাৰ পাছত তেজপাতখিনি আঁতৰাই ৰাখি আৰু ৫-৬ মিনিটমান উতলাই পানীখিনি ঠাণ্ডা হ’বলৈ দিব লাগে। পাছত সেই পানীৰে চুলিখিনি ধুই পেলাব লাগে। এইদৰে তেজপাত গৰম পানীত সিজাই লৈ সেই পানীৰে এসপ্তাহমান চুলি ধুলে চুলি সৰা বন্ধ হ’ব।

শুকান চুলিৰ যতন :

চুলি সৰাৰ উপৰি শুকান চুলিৰ সমস্যাৰ পৰা হাত সাৰিবলৈ তেজপাত ব্যৱহাৰ কৰিব পাৰি। দুকাপমান পানীত চাৰি-পাঁচটামান তেজপাত সিজাই লোৱাৰ পাছত এটা পাত্ৰত পানীখিনি ঠাণ্ডা কৰক। পাছত চেম্পুৰে চুলিখিনি ধোৱাৰ পাছত তেজপাত সিজোৱা পানীখিনিৰে চুলিখিনি ভালদৰে ধুই পেলাব লাগে। এইদৰে ধোৱাৰ পাছতে পুনৰ পৰিষ্কাৰ পানীৰে চুলিখিনি ধুব লাগে।

চুলিত হোৱা খজুৱতিৰ পৰা উপশম :

চুলি সৰাৰ উপৰি চুলিৰ গুৰিত মলি জমা হৈ সৃষ্টি হোৱা খজুৱতিৰ পৰাও ৰক্ষা পাবলৈ তেজপাত ব্যৱহাৰ কৰিব পাৰি। কেতিয়াবা তেজপাত শুকুৱাই লৈ গুৰি কৰি কোনো পাত্ৰত ৰাখিব লাগে। তেজপাতৰ সেই গুৰি | পানীত সিজাই লৈ পানীখিনি ঠাণ্ডা হোৱাৰ পাছত চুলি ধুলে খজুৱতিৰ দৰে সমস্যাৰ পৰা হাত সাৰিব পাৰি।

More Article

0Shares

Leave a Comment

‘ কা ‘ ৰ প্ৰভাৱ অসমত নপৰে, এতিয়ালৈকে এজনেও আবেদন কৰা নাই অসম বিকাশ যাত্ৰা, হোজাই আৰু ধুবুৰীত মুঠ ৩৯৫ আৰু ৩০৮ কোটি টকা ব্যয় কৰাৰ চৰকাৰৰ পৰিকল্পনা অৰুণাচলত নিৰ্মাণ কৰা হ’ব ফ্ৰণ্টিয়াৰ হাইৱে মালদ্বীপৰ পৰা ভাৰতীয় সৈন্যৰ প্ৰত্যাহাৰ আৰম্ভ অসম বিকাশ যাত্ৰা BJP ৰ নতুন প্ৰকল্পৰ উদ্বোধন, কিমান টকা ব্যয় কৰাৰ পৰিকল্পনা।