আজি ডিফুলৈ ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মু

বৰঝাৰ বিমানবন্দৰত ৰাষ্ট্ৰপতিক আদৰিছে মুখ্যমন্ত্ৰীয়ে

অংশ ল’ব ৫০ সংখ্যক কাৰ্বি যুৱ মহোৎসৱত

দেশৰ ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মুয়ে কাইলৈ এদিনীয়া ভ্ৰমণসূচীৰে ডিফুলৈ আহিব। কাৰ্বি যুৱ মহোৎসৱৰ সোণালী জয়ন্তী মহোৎসৱত অংশগ্রহণ কৰিবলৈ ৰাষ্ট্ৰপতিগৰাকী ডিফুলৈ আহিব ।

ৰাষ্ট্ৰপতিগৰাকীৰ ভ্ৰমণক কেন্দ্ৰ কৰি ডিফু চহৰ এতিয়া দুৰ্গলৈ পৰিণত হৈছে। চৌদিশে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে।

ৰাষ্ট্ৰপতিগৰাকীৰ ভ্ৰমণ উপলক্ষে নিশ্চিদ্র নিৰাপত্তা গঢ়ি তোলাৰ উপৰি ঠায়ে ঠায়ে ব্যাপক তালাচী অভিযানো চলোৱা পৰিলক্ষিত হৈছে।

ৰাষ্ট্ৰপতিগৰাকীয়ে ১১-৫০ বজাত মূল মণ্ডপত উপস্থিত হ’বহি বুলি জানিব পৰা গৈছে। ৰাষ্ট্ৰপতিগৰাকীয়ে প্রায় ২ ঘণ্টা সময় ডিফুত কটাব।

ৰাষ্ট্ৰপতি দ্রৌপদী মুমুৰ উপৰি ৰাজ্যপাল, মেঘালয়ৰ ৰাজ্যপাল, মুখ্যমন্ত্ৰী, মেঘালয়ৰ মুখ্যমন্ত্ৰী, নগালেণ্ডৰ মুখ্যমন্ত্রীও আহিব বুলি জানিব পৰা গৈছে।

উল্লেখনীয় যে ৰাষ্ট্ৰপতিৰ আগমনক কেন্দ্ৰ কৰি ডিফু চহৰ কাৰ্বি পৰম্পৰাগত বিভিন্ন প্রতীক চিহ্নৰ লগতে আলোকসজ্জাৰে সজ্জিত কৰি তোলা হৈছে।

0Shares

Leave a Comment

‘ কা ‘ ৰ প্ৰভাৱ অসমত নপৰে, এতিয়ালৈকে এজনেও আবেদন কৰা নাই অসম বিকাশ যাত্ৰা, হোজাই আৰু ধুবুৰীত মুঠ ৩৯৫ আৰু ৩০৮ কোটি টকা ব্যয় কৰাৰ চৰকাৰৰ পৰিকল্পনা অৰুণাচলত নিৰ্মাণ কৰা হ’ব ফ্ৰণ্টিয়াৰ হাইৱে মালদ্বীপৰ পৰা ভাৰতীয় সৈন্যৰ প্ৰত্যাহাৰ আৰম্ভ অসম বিকাশ যাত্ৰা BJP ৰ নতুন প্ৰকল্পৰ উদ্বোধন, কিমান টকা ব্যয় কৰাৰ পৰিকল্পনা।