ছাদ্ৰী ভাষাৰ ছবি মিনি ইটালিয়ান ফিল্ম ফেষ্টিভেললৈ

মিনি

ৰাজ্যৰ চাহ উদ্যোগৰ দুশ বছৰীয়া ইতিহাসৰ আলম লৈ অভিনেতা তথা চলচ্চিত্র নির্মাতা পংকজ মহন্ত প্রযোজিত চাহ জনগোষ্ঠীয় ছাত্ৰী ভাষাৰ ছবি ‘মিনি’ ইটালীয়ান ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেললৈ নির্বাচিত হৈছে।

চাহ জনগোষ্ঠীয় লোকসকলৰ টুচু পূজাৰ দিনাই ‘মিনি’য়ে কঢ়িয়াই অনা এই খবৰে ৰাজ্যৰ চাহ জনগোষ্ঠীয় লোকসকলৰ মাজত আনন্দৰ বন্যা বোৱাইছে।

অৰুণজিৎ বড়া পৰিচালিত এই কলা সুলভ তথা প্রতীক ধর্মী চলচ্চিত্ৰখন ইতিমধ্যে মুম্বাইৰ ‘থার্ড আই এছিয়ান ফিল্ম ফেষ্টিভেল’ৰ প্ৰতিযোগিতা শাখালৈ নির্বাচিত হৈছে।

মুম্বাইত অনুষ্ঠিত নর্থ ইষ্ট ফিল্ম ফেষ্টিভেল’ত শ্রেষ্ঠ চলচ্চিত্ৰৰ বঁটা লাভ কৰিবলৈ সক্ষম হোৱা ছবিখনে আন্ত: ৰাষ্ট্ৰীয় লিয়’নাৰ্ডো প্রোমোভ ফিল্ম ফেষ্টিভেল-২০২৩ আৰু লিফ্ট ইণ্ডিয়া ফিল্মোৎসৱৰ ইণ্টাৰনেচনেল চিনে ফেষ্ট-2022 লৈ নিৰ্বাচিত মিনি চলচ্চিত্ৰখন চাহ বাগিচাৰ বনুৱা সকলৰ জীৱনচর্যাক ভেটি হিচাবে লৈ নিৰ্মাণ কৰা হৈছে।

ছবিখনত উর্মিলা মহন্ত আৰু বলোৰাম দাসে দুটা মূল চৰিত্ৰত অভিনয় কৰাৰ লগতে প্রয়োজক পংকজ মহন্তয়ো এটা গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে।

0Shares

Leave a Comment

‘ কা ‘ ৰ প্ৰভাৱ অসমত নপৰে, এতিয়ালৈকে এজনেও আবেদন কৰা নাই অসম বিকাশ যাত্ৰা, হোজাই আৰু ধুবুৰীত মুঠ ৩৯৫ আৰু ৩০৮ কোটি টকা ব্যয় কৰাৰ চৰকাৰৰ পৰিকল্পনা অৰুণাচলত নিৰ্মাণ কৰা হ’ব ফ্ৰণ্টিয়াৰ হাইৱে মালদ্বীপৰ পৰা ভাৰতীয় সৈন্যৰ প্ৰত্যাহাৰ আৰম্ভ অসম বিকাশ যাত্ৰা BJP ৰ নতুন প্ৰকল্পৰ উদ্বোধন, কিমান টকা ব্যয় কৰাৰ পৰিকল্পনা।