ভাৰতীয়ৰ নেতৃত্বত ‘নাছা’ৰ চন্দ্ৰ অভিযান

ইউনাইটেড লান্স এলায়েন্সে আজি ফ্ল ৰিডাৰ কে প কেনাভেলৰ পৰা নাছাৰ পেৰেগ্ৰীন ১ লুনাৰ লেণ্ডাৰক লৈ যোৱা ভল্কান চেণ্ট্ৰৰ ৰকেট উৎক্ষেপণ কৰে।

এই অভিযান সফল হ’লে আমেৰিকাৰ মহাকাশ যানে ৫০ বছৰৰ পাছত চন্দ্ৰত প্ৰথমবাৰলৈ অৱতৰণ কৰিব। এই অভিযানৰ নেতৃত্বত আছে ভাৰতীয় মূলৰ শাৰদ ভাস্কৰণ।

চন্দ্ৰলৈ প্ৰেৰণ কৰা লেণ্ডাৰৰ ডিজাইন কৰা গোটটোৰ নেতৃত্ব দিছে ভাস্কৰণে। কৰা উল্লেখযোগ্য যে ইয়াৰ আগতে ১৯৭২ চনত শেষ বাৰলৈ আমেৰিকাৰ এপল’ অভিযানে উৎক্ষেপণৰ দিশতে নহয় মহাকাশ ৫০ বছৰৰ পাছত জোনলৈ আমেৰিকা অন্বেষণৰ দিশতো এক চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিছিল।

আনহাতে প্রথম বাৰৰ বাবে ব্যক্তিগত খণ্ডৰ কোম্পানীয়ে উৎক্ষেপণ কৰা যানে চন্দ্ৰত অৱতৰণ কৰিব।

পেৰেগ্ৰীন অভিযান কেৱল বাণিজ্যিক পদক্ষেপ হ’ব। পেৰেগ্ৰীন ১-এ অহা ২৩ ফেব্ৰুৱাৰীত চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিব। লেণ্ডাৰে লগত কেইবাটাও পেল’ড লৈ গৈছে।

চন্দ্ৰপৃষ্ঠক মূল্যৱান তথ্য সংগ্ৰহ কাৰণে লেঙাৰে মেক্সিকোৰ এটা সৰু ৰবট আৰু এটা বিটকইনো লৈ গৈছে। ইয়াৰ উপৰি দুই শতাধিক লোকৰ অস্থি আৰু ডি এন এ লৈ গৈছে চন্দ্ৰলৈ।

অস্থিৰ ভিতৰত আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জর্জ ৱাশ্বিংটন, ডোৱাইট আইজনহাৱাৰ আৰু জন এফ কেনেডীৰ চুলিও আছে।

ইয়াৰ উপৰি দুটা কোম্পানী- চেলেষ্টিছ আৰু এলিছিয়াম স্পেচে পেৰেগ্ৰীনত স্পেচ মেম’ৰিয়েল মিছনো আৰম্ভ কৰে।

ইয়াৰ বিজ্ঞানভিত্তিক কল্পকাহিনীৰ মহান লেখক আৰ্থাৰ চি ক্লাৰ্কৰ ডি এন এ, ষ্টাৰ ট্ৰেকৰ সৃষ্টিকর্তা জিন ৰডেনবেৰী আৰু ইয়াত অভিনয় কৰা কেইবাগৰাকী অভিনেতা-অভিনেত্ৰীৰ সমাধিস্থ দেহৰ অৱশেষো আছে।

ইফালে চন্দ্ৰলৈ মৃত ব্যক্তিৰ অৱশিষ্ট প্ৰেৰণ কৰাক লৈ প্ৰশ্নৰো অৱতাৰণা হৈছে। আমেৰিকাৰ সৰ্ববৃহৎ থলুৱা জনজাতি নাৰাজে ভো নেশ্যনে লেণ্ডাৰত মানৱ অৱশেষ প্ৰেৰণ কৰাক লৈ প্ৰশ্নৰ অৱতাৰণা কৰি কয় যে ইয়াৰ ফলত চন্দ্ৰ অপৱিত্ৰ হৈ পৰিব। তেওঁলোকৰ সংস্কৃতিত চন্দ্ৰক অতি পৱিত্ৰ বুলি গণ্য কৰা হয়।

0Shares

Leave a Comment

‘ কা ‘ ৰ প্ৰভাৱ অসমত নপৰে, এতিয়ালৈকে এজনেও আবেদন কৰা নাই অসম বিকাশ যাত্ৰা, হোজাই আৰু ধুবুৰীত মুঠ ৩৯৫ আৰু ৩০৮ কোটি টকা ব্যয় কৰাৰ চৰকাৰৰ পৰিকল্পনা অৰুণাচলত নিৰ্মাণ কৰা হ’ব ফ্ৰণ্টিয়াৰ হাইৱে মালদ্বীপৰ পৰা ভাৰতীয় সৈন্যৰ প্ৰত্যাহাৰ আৰম্ভ অসম বিকাশ যাত্ৰা BJP ৰ নতুন প্ৰকল্পৰ উদ্বোধন, কিমান টকা ব্যয় কৰাৰ পৰিকল্পনা।