খালী পেটত মৌৰ সৈতে নহৰু খালে বহু শাৰীৰিক সমস্যা নোহোৱা হয়

মৌ আৰু নহৰুৰ গুণৰ বিষয়ে কম-বেছি পৰিমাণে প্রায়ভাগৰে অৱগত। বিশেষজ্ঞসকলৰ মতে নহৰুত থকা এন্টিঅক্সিডেন্টে শৰীৰটোক ৰোগ মুক্ত কৰি ৰখাত সহায় কৰে। তদুপৰি নহৰুত থকা এলিচিন নামৰ উপাদানবিধে কলেষ্টেৰল নিয়ন্ত্ৰণত ৰখাৰ লগতে তেজৰ উৎপাদন বঢ়ায়।

কেঁচা নহৰু খোৱাৰ অভ্যাসে শৰীৰটোক ৰোগমুক্ত কৰি ৰখাৰ লগতে শক্তিবৃদ্ধিত সহায় কৰে। একেদৰে নহৰুৰ সৈতে খালী পেটত যদি সদায় মৌ খাব পৰা যায়, তেন্তে ইয়াৰ সুফল আৰু বেছি পোৱা যায়।

পেটৰ যিকোনো সমস্যাৰ পৰা সকাহ দিয়াত নহৰু আৰু মৌৰ মিশ্রণ অতি উপকাৰী। একেদৰে নহৰুত থকা এণ্টিবেক্টেৰিয়েল উপাদানে যিকোনো ধৰণৰ ইনফেকশন দূৰ কৰাত সহায় কৰে।

শৰীৰৰ বিভিন্ন অংশৰ ফাংগাল ইনফেকশন দূৰ কৰাত সহায় কৰে মৌ আৰু নহৰুৰ মিশ্রণে। নহৰু আৰু মৌৰ মিশ্রণ নিয়মীয়াকৈ খালে ধমনীত জমা হৈ থকা চর্বি হ্ৰাস পায়। একেদৰে দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও বাঢ়ে। নহৰু আৰু মৌৰ মিশ্রণে কৰা আৰু কেইটামান উপকাৰিতা উল্লেখ কৰা হ’ল —

  • ১। নহৰু ভালদৰে সৰু সৰুকৈ কাটি লৈ এচামুচ মৌৰ সৈতে মিহলাই লওক। এই মিশ্রণ দৈনিক খালে ক্লান্তিভাব আঁতবে। লগতে শৰীৰটো সুস্থ হৈ থাকে।
  • ২। কেইটামান পিয়াজ কাটি লৈ তাৰ সৈতে নহৰুৰ টুকুৰা আৰু শুকান জলকীয়া ভালদৰে বটি লৈ এচামুচ মৌ মিহলাই লওক। এইবাৰ এই মিশ্রণখিনিৰ সৈতে নেমুৰ ৰস আৰু আপেল চিলাৰ ভিনেগাৰ মিহলাগুক। এই মিশ্রণ নিয়মীয়াকৈ খালে কাহ-চর্দি, ডিঙিৰ বিষ আৰু পানীলগা জ্বৰৰ সমস্যাৰ পৰা সকাহ পোৱা যায়।

More Article

0Shares

Leave a Comment

‘ কা ‘ ৰ প্ৰভাৱ অসমত নপৰে, এতিয়ালৈকে এজনেও আবেদন কৰা নাই অসম বিকাশ যাত্ৰা, হোজাই আৰু ধুবুৰীত মুঠ ৩৯৫ আৰু ৩০৮ কোটি টকা ব্যয় কৰাৰ চৰকাৰৰ পৰিকল্পনা অৰুণাচলত নিৰ্মাণ কৰা হ’ব ফ্ৰণ্টিয়াৰ হাইৱে মালদ্বীপৰ পৰা ভাৰতীয় সৈন্যৰ প্ৰত্যাহাৰ আৰম্ভ অসম বিকাশ যাত্ৰা BJP ৰ নতুন প্ৰকল্পৰ উদ্বোধন, কিমান টকা ব্যয় কৰাৰ পৰিকল্পনা।