বহুমূত্ৰৰ বাবে কেৰেলাৰ ৰস ভাল কিন্তু সাৱধান হওক

ছুগাৰ নিয়ন্ত্ৰণত ৰখাৰ বাবে বহুতে কেৰেলাৰ ৰস খালী পেটতে সেৱন কৰে। কিন্তু বিশেষজ্ঞসকলৰ মতে এনে বস মাত্ৰাধিক পৰিমাণে খালে বিভিন্ন ধৰণৰ শাৰীৰিক সমস্যাৰ সৃষ্টি হ’ব পাৰে।

লিভাৰৰ ক্ষতি হোৱাৰ আশংকা :

ডায়বেটিছ ৰোগীয়ে চুগাৰ নিয়ন্ত্রণ ৰখাৰ বাবে কেৰেলাৰ ৰস খোৱাৰ অভ্যাস কৰে। কিন্তু এই অভ্যাসে লিভাৰৰ ওপৰত বেয়া প্রভাব পেলাব পাবে। কেৰেলাৰ বসত লেক্টিন নামৰ যি উপাদান থাকে সি লিভাৰৰ বাবে ক্ষতিকাৰক। লিভাৰৰ সমস্যাত আক্রান্ত সকলে কেৰেলাৰ ৰস খোৱাৰ পৰা বিৰত থাকিব লাগে।

ছুগাৰ নিম্ন হলে :

কেৰেলা খালে বস্তুত সকবার মাত্রা নিয়ন্ত্রণত থাকে যদিও চুগাৰ নিম্ন হৈ থাকিলে ই বিৰূপ প্রভাব পেলায়। যাৰ ছুগাৰৰ পৰিমাণ কম থাকে সেইসকলে কেবেলা বা ইয়াৰ ৰস বেছিকৈ খালে ছুগাৰৰ
পৰিমাণ নিম্নগামী হোৱাৰ আশংকা থাকে।

বমি হোৱাৰ আশংকা :

কেৰেলা বা ইয়াৰ ৰস নিয়মীয়াকৈ খোৱাৰ ফলত বিষক্ৰিয়াত আক্রান্ত হ’ব পাৰে। তদুপৰি ইয়াৰ ফলত বমি আৰু ডায়েৰিয়াত আক্রান্ত হ’ব পাৰে। এই ক্ষেত্ৰত শিশুসকলক কেবেলা বা ইয়াৰ ৰস খোৱাৰ ক্ষেত্ৰত বেছি সাৱধান হ’ব লাগে। প্রয়োজনত চিকিৎসকৰ পৰামৰ্শ লৈহে এনে অভ্যাস কৰিব লাগে।

ঋতুস্ৰাৱ আৰু গৰ্ভাৱস্থাত :

ঋতুস্ৰাৱ বা গৰ্ভৱতী অৱস্থাত কেলো বেছিকৈ খালে রক্তপ্রবাহ বৃদ্ধি পায়। এইক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শ লৈহে খোৱাৰ অভ্যাস কৰিব লাগে।

More Article

0Shares

Leave a Comment

‘ কা ‘ ৰ প্ৰভাৱ অসমত নপৰে, এতিয়ালৈকে এজনেও আবেদন কৰা নাই অসম বিকাশ যাত্ৰা, হোজাই আৰু ধুবুৰীত মুঠ ৩৯৫ আৰু ৩০৮ কোটি টকা ব্যয় কৰাৰ চৰকাৰৰ পৰিকল্পনা অৰুণাচলত নিৰ্মাণ কৰা হ’ব ফ্ৰণ্টিয়াৰ হাইৱে মালদ্বীপৰ পৰা ভাৰতীয় সৈন্যৰ প্ৰত্যাহাৰ আৰম্ভ অসম বিকাশ যাত্ৰা BJP ৰ নতুন প্ৰকল্পৰ উদ্বোধন, কিমান টকা ব্যয় কৰাৰ পৰিকল্পনা।