শৃংখলাবদ্ধ জীৱন-যাত্ৰাই লিভাৰ ভালে ৰাখে

লিভাৰ হ’ল শৰীৰৰ সকলোতকৈ গুৰুত্বপূৰ্ণ অংগ। শৰীৰ সুস্থ কৰি ৰাখিবলৈ হ’লে লিভাৰৰ লিভাৰৰ ওপৰত খেয়াল ৰখাটো অতি প্রয়োজন। সচৰাচৰ দেখা যায় যে লিভাৰজনিত ৰোগৰ আশংকা দিনকদিনে বাঢ়িছে।

মদ্যপান, উচ্ছৃংখল জীৱনযাত্ৰা, ঘৰৰ বাহিৰত হোটেল-ৰেষ্টুৰেণ্টত খাদ্য খোৱাৰ প্ৰৱণতা তথা শৰীৰ চৰ্চাৰ অভাৱত মানুহে লিভাজনিত ৰোগত সহজে আক্রান্ত হয়।

কম বয়সতে ফেটি লিভাৰৰ সমস্যাও বৃদ্ধি পোৱা দেখা গৈছে। লিভাৰ ভালে ৰাখিবলৈ শৃংখলাবদ্ধ জীৱন-যাপন কৰাটো অতি জৰুৰী। কিছুমান নিয়ম মানি চলি লিভাৰজনিত কঠিন ৰোগৰ পৰা হাত সাৰিব পাৰি।

  1. লিভাৰ ভালে ৰাখিবলৈ বহুতে প্ৰ’টিন বা ভিটামিন চাপ্লিমেন্ট খায়। এনেধৰণৰ চাপ্লিমেন্ট লিভাৰ টক্সিনৰ পৰা মুক্ত কৰি ৰাখে। ভিটামিন ‘বি’ কমপ্লেক্স, ভিটামিন ‘চি’ আদিয়ে লিভাৰ পৰিষ্কাৰ কৰাত বিশেষভাৱে সহায় কৰে। সেইদৰে প্ৰ’টিনযুক্ত এমিনো এচিড লিভাৰ পৰিষ্কাৰ কৰি ৰখাৰ কাৰণে উপযোগী। লিভার সুস্থ কৰি ৰাখিবলৈ ওমেগা 3 ফেটি এচিডসমৃদ্ধ খাদ্য খাব পাৰে।
  2. লিভাৰ সুস্থ ৰখাৰ ক্ষেত্ৰত আটাইতকৈ জৰুৰী কথাটো হ’ল- পরিমিত খাদ্য। লিভার ভালে ৰাখিবলৈ মাংসজাতীয় প্ৰ’টিনতকৈ উদ্ভিদজাতীয় প্ৰ’টিন অধিক খাব লাগে। ইয়াৰ বাবে লাইল, সতেজ শাক-পাচলি, বাদাম, ফাইবাৰ বেছিকৈ খোৱাটো প্রয়োজন।
  3. শৰীৰৰ অতিৰিক্ত চৰ্বিয়ে ওজন বৃদ্ধি করে। অবশ্যে শৰীৰ সুস্থ কৰি ৰাখিবলৈ স্বাস্থ্যকৰ ফেটো কিছু প্রয়োজন। অলিভ অইল, আকটত স্বাস্থ্যকৰ ফেট থাকে। লিভাৰ | ভালে ৰাখিবলৈ এইবিলাক খাদ্য খাব লাগে।
0Shares

Leave a Comment

‘ কা ‘ ৰ প্ৰভাৱ অসমত নপৰে, এতিয়ালৈকে এজনেও আবেদন কৰা নাই অসম বিকাশ যাত্ৰা, হোজাই আৰু ধুবুৰীত মুঠ ৩৯৫ আৰু ৩০৮ কোটি টকা ব্যয় কৰাৰ চৰকাৰৰ পৰিকল্পনা অৰুণাচলত নিৰ্মাণ কৰা হ’ব ফ্ৰণ্টিয়াৰ হাইৱে মালদ্বীপৰ পৰা ভাৰতীয় সৈন্যৰ প্ৰত্যাহাৰ আৰম্ভ অসম বিকাশ যাত্ৰা BJP ৰ নতুন প্ৰকল্পৰ উদ্বোধন, কিমান টকা ব্যয় কৰাৰ পৰিকল্পনা।