পঞ্জাবৰ মুখ্যমন্ত্ৰী মানক হত্যাৰ ভাবুকি

পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে খালিস্তানী সন্ত্রাসবাদী গুপতৱন্ত সিং পানৰ পৰা মৃত্যুৰ ভাবুকি পাইছে। সূত্রসমূহে কয় যে ২৬ জানুৱাৰীত গণৰাজ্য দিৱসত মানক আক্ৰমণ কৰিবলৈ পামুনে গেংষ্টাৰবিলাকক টেলিফ’নত নিৰ্দেশ দিছে।

পঞ্জাবৰ আৰক্ষীৰ সঞ্চালক প্রধান গৌৰৱ যাদৱে কয় এই সন্দৰ্ভত ৰাজ্য চৰকাৰৰ স্থিতি ঘোষণা কৰি কয় যে গেংষ্টাৰবিলাকক একবাৰে সহ্য নকৰাৰ নীতি লৈছে চৰকাৰে।

মানক হত্যাৰ ষড়যন্ত্র কৰাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ’ব। উল্লেখযোগ্য যে জীৱনৰ প্ৰতি ভাবুকি থকাৰ কাৰণে ইতিমধ্যে মানক জেড প্লাছ কেটেগৰিৰ নিৰাপত্তা দিয়া হৈছে।

মানৰ প্ৰথমগৰাকী পত্নীৰ ফালৰ কন্যা সীত কৌৰকো যোৱা বছৰৰ মাৰ্চত হত্যাৰ ভাবুকি দিয়া হৈছিল।

তেওঁ আমেৰিকাত বাস কৰে। বৰ্তমান অসমৰ ডিব্ৰুগড়ৰ কাৰাগৰাত বন্দী হৈ থকা অমৃত পাল সিং নামৰ খালিস্তানী সন্ত্ৰাসবাদীজনৰ সন্ধানত অভিযান চলাই থকাৰ সময়তে সীৰত কৌৰক ভাবুকি দিয়া হৈছিল।

0Shares

Leave a Comment

‘ কা ‘ ৰ প্ৰভাৱ অসমত নপৰে, এতিয়ালৈকে এজনেও আবেদন কৰা নাই অসম বিকাশ যাত্ৰা, হোজাই আৰু ধুবুৰীত মুঠ ৩৯৫ আৰু ৩০৮ কোটি টকা ব্যয় কৰাৰ চৰকাৰৰ পৰিকল্পনা অৰুণাচলত নিৰ্মাণ কৰা হ’ব ফ্ৰণ্টিয়াৰ হাইৱে মালদ্বীপৰ পৰা ভাৰতীয় সৈন্যৰ প্ৰত্যাহাৰ আৰম্ভ অসম বিকাশ যাত্ৰা BJP ৰ নতুন প্ৰকল্পৰ উদ্বোধন, কিমান টকা ব্যয় কৰাৰ পৰিকল্পনা।