ৰাছিয়া-ইউক্রেইনৰ প্ৰায় ৫০০ যুদ্ধবন্দী বিনিময়

ৰাছিয়া আৰু ইউক্রেইনে কালি প্রায় ৫০০ যুদ্ধবন্দী বিনিময় কৰে। উভয় পক্ষৰ মাজত সহযোগিতাৰ কেইটামান ক্ষেত্ৰৰ ভিতৰত যুদ্ধবন্দী বিনিময় অন্যতম।

যুদ্ধবন্দীসকলৰ ভিতৰত মাৰিঅ’পলৰ আঝোভষ্টাল তীখা প্ৰকল্প আৰু কৃষ্ণ সাগৰৰ স্নে’ক আইলেণ্ডত লগা যুদ্ধৰ সময়ত আটক কৰা ইউক্রেইনৰ সামৰিক, অর্ধ-সামৰিক বাহিনীৰ লোকসকলো যুদ্ধবন্দীসকলৰ বাবে থকা আছে।

ইউক্রেইনৰ ক’অর্ডিনেশ্যন হেডকোৱাৰ্টাৰে টেলিগ্ৰামত দিয়া এটা প’ষ্টত কয় যে প্রায় দুবছৰৰ আগতে ৰাছিয়া-ইউক্রেইনৰ যুদ্ধ আৰম্ভ হোৱাৰ পৰা এইটোৱেই এনেধৰণৰ বৃহত্তম যুদ্ধবন্দী বিনিময়।

ৰাছিয়া আৰু ইউক্রেইনৰ মাজত মধ্যস্থতা প্ৰক্ৰিয়াত ইউ এ ইয়ে সহায় কৰে। ইউক্রেইনৰ বিষয়াসকলে কয় যে তেওঁলোকৰ ২৩০জন সৈন্য ঘৰলৈ উভতিল ।

আনহাতে, ৰাছিয়াই কয় যে তেওঁলোকৰ ২৪৮জন যুদ্ধবন্দীক মুক্তি দিয়া হ’ল। ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভল’ডিমিৰ জেলেনস্কিয়ে কয় যে তেওঁলোকৰ যুঁজাৰুসকল ঘৰলৈ আহিল আৰু বৰ্তমান ৰাছিয়াত বন্দী হৈ থকা ইউক্রেইনৰ সকলো লোকক ঘূৰাই আনিবলৈ সাধ্যমতে সকলো কৰা হ’ব।

0Shares

Leave a Comment

‘ কা ‘ ৰ প্ৰভাৱ অসমত নপৰে, এতিয়ালৈকে এজনেও আবেদন কৰা নাই অসম বিকাশ যাত্ৰা, হোজাই আৰু ধুবুৰীত মুঠ ৩৯৫ আৰু ৩০৮ কোটি টকা ব্যয় কৰাৰ চৰকাৰৰ পৰিকল্পনা অৰুণাচলত নিৰ্মাণ কৰা হ’ব ফ্ৰণ্টিয়াৰ হাইৱে মালদ্বীপৰ পৰা ভাৰতীয় সৈন্যৰ প্ৰত্যাহাৰ আৰম্ভ অসম বিকাশ যাত্ৰা BJP ৰ নতুন প্ৰকল্পৰ উদ্বোধন, কিমান টকা ব্যয় কৰাৰ পৰিকল্পনা।